-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

বঙাইগাঁৱত প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন



বঙাইগাঁৱত প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

       
      
                               
     
                                    বঙাইগাঁওঃ১৬ মাৰ্চঃ
৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধানসভাৰ অধীনৰ প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলক আজি বীৰঝৰা কন্যা মহাবিদ্যালয়ত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয় ৷ তেওঁলোকক মাষ্টাৰ প্ৰশিক্ষক ৰোহিনী চৌধুৰী , জীৱন ৰয়, বিজয় মজুমদাৰ, ৰূপাঞ্জলী দেৱী, জিমলি দাস, সতীশ তালুকদাৰ, কমলকৃষ্ণ গুপ্তা আদিকে কৰি ১০ গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলক ই ভি এম ত ভোট গ্ৰহণ আৰু ভিভি পেট ব্যৱহাৰ সম্পৰ্কে শিকোৱা  হয়।তদুপৰি ভোট গ্ৰহণৰ অন্যান্য কাম যেনে 
মকপোল প্ৰিজাইডিং বিষয়াৰ ডায়েৰী লিখা , দৰকাৰী প্ৰ-পত্ৰ পূৰণ আদিৰ বিষয়েও শিকোৱা হয়। উল্লেখ্য যে বঙাইগাঁও বিধান সভা সমষ্টিত আঠ টা ভোট গ্ৰহণ কেন্দ্ৰত মহিলাকো প্ৰিজাইডিং আৰু পোলিং বিষয়া হিচাপে নিয়োগ কৰা হ'ব । বঙাইগাঁও সমষ্টিটোত পুৰুষ আৰু মহিলা মিলি মুঠ ১২০৮ গৰাকী প্ৰিজাইডিং আৰু পোলিং বিষয়াই ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণত নিয়োজিত হ'ব ৷ আজিৰ প্ৰশিক্ষণ কাৰ্যসূচী বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে  সামগ্ৰিকভাবে  তদাৰক কৰে।

0 Response to "বঙাইগাঁৱত প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article