-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ বইটামাৰীত দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে সোণোৱালে

বঙাইগাঁৱৰ বইটামাৰীত দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে সোণোৱালে



বঙাইগাঁৱৰ বইটামাৰীত দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে সোণোৱালে 



পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে প্ৰশাসন ব্যৱস্থাটোক দুৰ্বল কৰি তুলিছিল  

 


                                 বঙাইগাঁওঃ ৪ মাৰ্চঃ
'পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দুৰ্নীতি আৰু ভ্ৰষ্টচাৰেৰে প্ৰশাসন ব্যৱস্থাটো দুৰ্বল কৰি তুলিছিল ৷ দুৰ্নীতিৰ শিপাই সমগ্ৰ শাসন ব্যৱস্থাটোক গ্ৰাস কৰিছিল ৷ বিগত ৫৫ বছৰে কংগ্ৰেছে দিল্লী আৰু দিছপুৰ শাসন কৰিলে ৷ কিন্তু অসমৰ দৰে এখন সম্পদশালী ৰাজ্য আগুৱাই নিয়াত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ চূড়ান্তভাৱে বিফল হ'ল ৷ কংগ্ৰেছে সংকীৰ্ণতা আৰু বৈষম্যৰে কাম কৰি ৰাজ্যৰ বিকাশত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে কৰ্ম সংস্কৃতি নাইকিয়া কৰিলে ৷ ' এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ আজি  অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ সৌজন্যত বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনাবাৰীত দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই উদ্দেশ্যে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয় ৷ প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষ এই ফৰ্মেলিন প্ৰকল্প ১৬৩ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ'ব ৷ ২৪ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা এই প্ৰকল্পৰ অংশীদাৰ হৈছে অসম চৰকাৰ, অসম গেছ কোম্পানী আৰু অইল ইণ্ডিয়া লিমিটেড ৷ উল্লেখ্য যে ১৯৭১ চনত স্থাপন কৰা অসম পেট্ৰ'কেমিকেলচ লিমিটেডে ১৯৭৬ চনৰ পৰা মিথানল আৰু ফৰ্মেলিনৰ ব্যৱসায়ীক উৎপাদন চলাই আছে ৷ ইতিমধ্যে উৎপাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে অসম পেট্ৰ'কেমিকেলচ লিমিটেডে  দৈনিক ৫০০ টন মিথানল উৎপাদনক্ষম  এক প্ৰকল্প ৰূপায়ণৰ কাম নামৰূপত আৰম্ভ কৰিছে ৷ আনহাতে আজি আধাৰশিলা স্থাপন কৰা এই ফৰ্মেলিন প্ৰকল্পত ফৰ্মেলিনৰ ব্যৱসায়ীক দিশটো চোৱাচিতা কৰিবৰ বাবে এটা মাৰ্কেটিং টাৰ্মিনেলো প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ৷ 
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২০১৬ চনৰ মে মাহত অসমৰ বৰাক - ব্ৰহ্মপুত্ৰ, পাহাৰ - ভৈয়ামৰ ৩৩ খন জিলাৰ সকলো শ্ৰেণীৰ ৰাইজৰ মৰম- চেনেহ আৰু আশীৰ্বাদৰ ভিত্তিত তথা সহযোগিতাৰ ভিত্তিত বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখন অসমত গঠন হৈছিল ৷ সেই সময়তে আমি অসমৰ ৰাইজক আস্থা আৰু বিশ্বাসতলৈ কেইটিমান কথা সুস্পষ্টভাৱে ঘোষণা কৰিছিলো ৷ আমি কৈছিলো যে দুৰ্নীতিমুক্ত অসম, প্ৰদুষণমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম আৰু বিদেশীমুক্ত অসম নিৰ্মাণ কৰিম ৷ আমি অসমখনক কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ যোগেদি সকলো জাতি - জনগোষ্ঠী, ভাষা - ভাষী আৰু ধৰ্মালম্বী লোকক আস্থা আৰু বিশ্বাসতলৈ ভাৰতবৰ্ষৰ বুকুত এখন শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম ৷ সেই মহৎ লক্ষ্যত উপনীত হ'বৰ নিমিত্তে যোৱা দুবছৰ দহ মাহ কাৰ্যকালত আমি অহৰহ চেষ্টা  অব্যাহত ৰাখিছো ৷ আমাৰ প্ৰতিগৰাকী মোৰ সতীৰ্থ মন্ত্ৰী  বিধায়ক, সাংসদ আৰু বিভিন্ন নিকায় - নিগমৰ অধ্যক্ষ - উপাধ্যক্ষ তথা চৰকাৰী বিষয়া কৰ্মচাৰীৰ মিলিত প্ৰচেষ্টাৰে অসমৰ জনগণৰ দিহা - পৰামৰ্শৰ ভিত্তিত, সাংবাদিক বন্ধুসকলৰ গঠনমূলক সমালোচনাৰ ভিত্তিত আমি দৃঢ়তাৰে এই কামত আগবাঢ়ি যাবৰ বাবে আমি সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো ৷ উদ্যোগ বিভাগেই হওক, পৰিবহনেই হওক, কৃষিয়েই হওক, গড়কাপ্তানী বিভাগ, স্বাস্থ্য বিভাগ  শিক্ষা বিভাগে তথা পৰ্যটনেই হওক বিভিন্ন বিভাগক আমি উজ্জীৱিত কৰাৰ নিমিত্তে প্ৰয়াস কৰি আহিছো ৷ কিন্তু কংগ্ৰেছৰ কাৰ্যকালত তেওঁলোকে গোটেই শাসন ব্যৱস্থাটোক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যোগেদি দুৰ্বল কৰি পেলাইছিল ৷ আনকি শাসন ব্যৱস্থাটোৱে নিজৰ নিৰ্দ্ধাৰিত সাংবিধানিক দ্বায়িত্ব আৰু কৰ্তব্য নিৰ্দিষ্ট সময়ত পালন কৰাৰ ক্ষেত্ৰতো বিফল হৈছিল বুলিও কয় ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ লৈ ভাৰতবৰ্ষত এক মানৱীয় চেতনাৰ সৃষ্টি কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ইয়াৰ ফলত সমাজৰ সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ এক নতুন প্ৰেৰণা লাভ কৰিছে ৷ তেখেতেৰ মাৰ্গ দৰ্শনতে অসমেও দেশৰ উন্নত ৰাজ্যসমূহৰ সৈতে ফেৰ মাৰিবলৈ শক্তি লাভ কৰিছে ৷ এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আজি কৃষি, শিল্প,  ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে অসমৰ যুৱক - যুৱতীয়ে আগুৱাই যাবলৈ সক্ষম হৈছে ৷ অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী লণ্ডন আৰু ডুবাইৰ বজাৰত বিক্ৰী হোৱা আৰু আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত হিমা দাস আৰু ৰিমা দাসে কঢ়িয়াই অনা সফলতা ইয়াৰ উৎকৃষ্টি নিদৰ্শন বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয় ৷ আনহাতে অসম চৰকাৰে বিগত বৰ্ষত আয়োজন কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে পূৰ্বে বিনিয়োগকাৰী সকলৰ অসমৰ প্ৰতি নেতিবাচক ধাৰণা আছিল ৷ কিন্তু বৰ্তমান এই ধাৰণা সলনি হৈছে আৰু বিনিয়োগকাৰীসকল অসমত বিনিয়োগ কৰিবলৈ আন্তৰিকতাৰে আগবাঢ়ি আহিছে ৷  স্বাধীতাৰ পিচত ইতিহাস সৃষ্টি কৰি অসমত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ এই সন্মিলনৰ পিচতে সম্ভৱ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ইয়াৰ ফলত ব্যক্তিগত খণ্ডত প্ৰত্যক্ষভাৱে প্ৰায় ৪৫ হাজাৰ কৰ্ম সংস্থাপন সৃষ্টি হৈছে ৷
 অসমত বৰ্তমান সৃষ্টি হোৱা ইতিবাচক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত কাৰিকৰী শিক্ষাকে ধৰি সকলো দিশত দক্ষ আৰু যোগ্য যুৱক - যুৱতীৰ প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ প্ৰতি অধিক ধাউতি দি উঠি অহা যুৱ চামে কৰ্ম সংস্কৃতি গঢ় দিব লাগিব ৷ কঠোৰ পৰিশ্ৰমেৰে পৰিৱৰ্তনৰ বাটত যুৱক - যুৱতীসকলে খোজ দিব লাগিব বুলিও তেওঁ কয় ৷ এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক - শিক্ষয়িত্ৰীসকলক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালে লগতে আহ্বান জনায় ৷ তদুপৰি শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰে যুৱক - যুৱতীসকলক ভাল নাগৰিক হিচাপে গঢ় দিয়াৰ বাবে পদক্ষেপ ল'বলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ শিক্ষাক অসম চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যৰ ৩৩ খন জিলাৰ সম - উন্নয়নৰ বাবে সম- দৃষ্টি ৰাখি অসম চৰকাৰে ৰাজ্যত ৬ খন নতুন চিকিৎসা মহাবিদ্যালয়, ৯ খন অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩০ খন পলিটেকনিক ইনষ্টিটিউট আৰু উন্নয়ন খণ্ডসমূহত ২৪০ খন দক্ষতা উন্নয়ন কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ তদুপৰি ছিংগাপুৰৰ সহযোগত মঙলদৈত এখন দক্ষতা উন্নয়ন বিশ্ববিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷ ইপিনে আজিৰ আধাৰশিলা অনুষ্ঠানত ভাষণ প্ৰদান কৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ লগতে নামনি অসম আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ঔদ্যোগিক বিকাশৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷ ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পৰা টিহুলৈকে উদ্যোগিক কৰিডৰ ঘোষণা কৰা হৈছে তথা উত্তৰ অসমত পতঞ্জলি, ডাবৰ, হেভেলছৰ দৰে ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰা হ'ল ৷  উদ্যোগ মন্ত্ৰীগৰাকীয়ে যোগীঘোপাত ৬০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প ৰূপায়ণ কৰি এক লজিষ্টিক হাৱ আৰু নৌ বন্দৰ নিৰ্মাণৰ পৰিকল্পনাও অসম চৰকাৰে গ্ৰহণ কৰাৰ লগতে অশোক পেপাৰ মিল পুনৰ মুকলি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও কয় ৷ তেওঁ লগতে কয় বঙাইগাঁও শোধনাগাৰৰ এটা ইউনিট বন্ধ হোৱাৰ কাৰণে বইটামাৰী সূতা কল, নোৱাপাৰা সূতা কল , এপ'ল তথা টিহু আৰু জাগীৰোডৰ আন এটাকৈ  মুঠ পাঁচটা উদ্যোগ বন্ধ হ'ল ৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই উদ্যোগত টেকনিকেল বিভাগৰ বাহিৰে বাকী স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব ৷ উল্লেখ্য যে অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত  উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ জগদীশ ভূঞাই ৷ অনুষ্ঠানত দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো ,অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ উপাধ্যক্ষ বিকুল কুমাৰ ডেকাইও ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, এইজিচিএলৰ সঞ্চালক শংকৰ দাস, জিলা বিজেপিৰ সভাপতি সুকেন ৰায় প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷ 

ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি  অসম পেট্ৰ'কেমিকেলচ্ ৰ তৰফৰ পৰা দৈনিক ২০০ টন ফৰ্মেলিন উৎপাদন কৰা প্ৰকল্পৰ কাম শুভাৰম্ভ হ'ল ৷ আমাৰ লক্ষ্য আছে যে যিহেতুকে এখন বৃহত্তৰ অবিভক্ত গোৱালপাৰা জিলা আৰু সেয়ে কোকৰাঝাৰেই হওক বা বঙাইগাঁৱে হওক, অথবা ধুবুৰী আৰু গোপালপাৰায়েই হওক  এই গোটেই চাৰিখন জিলাৰ আমি উদ্যোগিকীকৰণৰ ক্ষেত্ৰত, ইয়াৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পিচত যোৱা দুবছৰ দহ মাহ ধৰি নিৰন্তৰভাৱে আমি বিভিন্ন পদক্ষেপ লৈছো ৷ যাৰ বাবে আজি ৰূপসী বিমান বন্দৰৰৰ কাম আৰম্ভ হ'ল আৰু অহা ছেপ্তেম্বৰ মহৰ পৰা বিমান চলিব ৷ ইয়াৰ উপৰিও দুদিনমান আগতে ধুবুৰী আৰু ফুলবাৰীৰ মাজত  যিখন ১৯ কিলোমিটাৰ দৈঘ্যৰ ব্ৰহ্মপুত্ৰৰ ওপৰত পাঁচ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দলং নিৰ্মাণ হ'ব তাৰ কামৰ বাবে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত অনুমোদন জনাইছে ৷ তাৰোপৰি ৰেল পথৰ পৰা আৰম্ভ কৰি সকলো বিলাক ৰাস্তা, পদুলি, দলং আধুনিকীকৰণ কৰা হৈছে ৷ গতিকে মই বিশ্বাস কৰো যে খুব কম দিনৰ ভিতৰত যেতিয়া বাৰাউনীৰ পৰা নুমলীগড়লৈ গেছ পাইপ লাইন আহিব, তেতিয়া নিশ্চিতভাৱে এই অঞ্চলবিলাকত আমি আৰু বহুধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম ৷ আমাৰ লক্ষ্য যে আগন্তুক দিনত ইয়াত এটা ভাল ডাঙৰ  ৰিভাৰ পৰ্ট ( নদী বন্দৰ ) নিৰ্মাণ কৰা আৰু যোগীঘোপাত এই ৰিভাৰ পৰ্টটো নিৰ্মাণ কৰাৰ বাবে আমাৰ লক্ষ্য আছে ৷ আগন্তুক দিনত যোগীঘোপাৰ পৰাই জাহাজ চিটাগং, বেংগললৈকে যাব পাৰিব আৰু পৃথিৱীৰ বিভিন্ন ঠাইলৈ আমাৰ উৎপাদিত সামগ্ৰী ৰপ্তানী কৰিব পাৰিম ৷ আনহাতে ফৰ্মেলিনৰ এই প্ৰকল্পই আগন্তুক দিনত বাংলাদেশ, ভূটান আৰু  নেপালৰ বজাৰ দখল কৰিব ৷ গতিকে মই ভাৱো যে এই প্ৰকল্পৰ জৰিয়তে ইয়াত উদ্যোগিকীকৰণৰ শক্তিশালী বাতাবৰণৰ সৃষ্টি হ'ব ৷ তেওঁ বইটামাৰী অঞ্চলৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁলোকে এই প্ৰকল্পটোৰ বাবে চৌদিশে বসবাস কৰা ৰাইজে বহু আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে ৷ আমাৰ দৃঢ় বিশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে যিমান দৃষ্টান্তমূলক পদক্ষে লৈছে, সেই বিলাক কাম যোৱা ৫৫ বছৰে কংগ্ৰেছে কৰিব নোৱাৰিলে ৷ কংগ্ৰেছে দুৰ্নীতি - ভ্ৰষ্টাচাৰৰ বাবে এই সম্পদ আৰু সম্ভাৱনাৰ শক্তিৰে সমৃদ্ধিশালী এই অঞ্চলটোক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে আজি সন্মুখৰ পৰা বলিষ্ঠতাৰে নেতৃত্ব দি আজি আমাক দৃঢ়তাৰে উন্নয়নৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিছে বুলিও

0 Response to "বঙাইগাঁৱৰ বইটামাৰীত দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে সোণোৱালে "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article