-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্বাস্থ্য মেলাৰ আয়োজন

বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্বাস্থ্য মেলাৰ আয়োজন



বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্বাস্থ্য মেলাৰ আয়োজন 



                               বঙাইগাঁওঃ ৩ মাৰ্চঃ 

বঙাইগাঁও জিলাৰ অভয়াপুৰীত আজি এক মেগা স্বাস্থ্য মেলা অনুষ্ঠিত হয় ৷ সৃজনগ্ৰামৰ অন্তৰ্গত লালমাটিস্থিত শ্ৰীগণেশ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই স্বাস্থ্যমেলাৰ উদ্বোধন কৰে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৱে ৷ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, সৃজনগ্ৰাম খণ্ড চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু উত্তৰ শালমাৰা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷ 
বঙাইগাঁও জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত তথা সৃজনগ্ৰাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আয়োজিত এই স্বাস্থ্যমেলাত সহস্ৰাধিক ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় ৷ প্ৰতিটো বিভাগৰে বহিঃসেৱা কেন্দ্ৰৰ দ্বাৰা ৰোগীসকলক চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰা হয় ৷ আনহাতে স্বাস্থ্য মেলাৰ লগত সংগতি ৰাখি এখন সজাগতা সভাৰো আয়োজন কৰা হয় ৷ 
লগতে বিভিন্ন ষ্টলৰ দ্বাৰা স্বাস্থ্য বিভাগৰ কাম-কাজ প্ৰদৰ্শন কৰা হয় ৷ তাৰ উপৰিও বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷ ইপিনে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত জিলাখনৰ বিলাসপুৰ মাধ্যমিক বিদ্যালয়তো আন এখন মেগা স্বাস্থ্য মেলাৰ আয়োজন কৰা হয় ৷

0 Response to "বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্বাস্থ্য মেলাৰ আয়োজন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article