৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান
Wednesday, March 6, 2019
Comment
৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান
বঙাইগাঁওঃ ৫ মাৰ্চঃ
বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ৯ আৰু ১০ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে পুৰণি বঙাইগাঁও অঞ্চলৰ একমাত্ৰ অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয়খনে পঁচিশ বছৰ অতিক্ৰম কৰিলে ৷ বিগত বৰ্ষত বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হৈছিল আৰু এতিয়া সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ ইপিনে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা পুৱাৰ ভাগত নৱনিৰ্মিত তোৰণ উন্মোচন কৰিব দাঁতা পৰিয়ালৰ হৈ নিৰুপমা সিংহ আৰু প্ৰতিভা সিংহই ৷ আনহাতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বিদ্যালয়উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি সতীন চন্দ্ৰ ৰায়ে আৰু ৰূপালী জয়ন্তী সমাৰোহৰ মূল পতাকা উত্তোলন কৰিব ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীয়ে ৷ সেইদৰে বিদ্যালয়ৰ ১ ম বৰ্ষৰ ছাত্ৰ - ছাত্ৰীসকলে উত্তোলন কৰিব ৰূপালী জয়ন্তী সমাৰোহৰ আন ২৫ খন পতাকা ৷ স্মৃতি তৰ্পণ কৰিব বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱে ৷ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিব বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মাই আৰু গছ পুলি ৰোপণ কৰিব বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক তৰণীকান্ত ৰায় আৰু প্ৰতিষ্ঠাপক জ্যেষ্ঠ সদস্য দিবাকৰ বৰ্মণে ৷ ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হ'ব এক সাংস্কৃতিক শোভাযাত্ৰাও ৷ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে ৷ আবেলিৰ ভাগত অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ সন্মিলন ৷ বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক কুমাৰ ভূপেন্দ্ৰ নাৰায়ণ দেৱে উদ্বোধন কৰিবলগীয়া প্ৰাক্তন ছাত্ৰ - ছাত্ৰীৰ সন্মিলনখন সঞ্চালনা কৰিব বিদ্যালয়খনৰ ১ ম বৰ্ষৰ প্ৰথমগৰাকী ছাত্ৰী যমুনা ৰায়ে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আতচবাজি প্ৰদৰ্শন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব ৷
বিদ্যালয় প্ৰতিষ্ঠাপক সমিতিৰ জ্যেষ্ঠ সদস্য ধ্বজেন ৰায় চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ বিপৰীতে অভয়াপুৰীৰ সাংস্কৃতিক কৰ্মী শৈলেশ চৌধুৰীয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ৷ আনহাতে দ্বিতীয় দিনা পুৱাৰ ভাগত আকস্মিক বক্তৃতা, আবৃতি আৰু কুইজ প্ৰতিযোগিতা, বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক - শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যালয়ৰ প্ৰতিষ্ঠালগ্নত জড়িত শুভাকাংক্ষীসকলৰ সম্বৰ্দ্বনা আনুষ্ঠান অনুষ্ঠিত হ'ব ৷ আনহাতে আবেলিৰ ভাগত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ'ব মুকলি সভা ৷ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত হাউলীৰ বি এইচ কলেজৰ অধ্যক্ষ ড৹ ভূষণ চন্দ্ৰ পাঠকে মুখ্য অতিথি, বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে বিশিষ্ট অতিথি, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ধীৰেণ শৰ্মাই নিৰ্দিষ্ট বক্তা আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ দাস ,বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ খনিন শৰ্মা, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা নলিনী বৈশ্য আৰু বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহই ৷


0 Response to " ৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান "
Post a Comment