বঙাইগাঁৱত মটৰ চাইকেল চোৰক ৰাইজৰ উত্তম মধ্যম
Tuesday, March 12, 2019
Comment
বঙাইগাঁৱত মটৰ চাইকেল চোৰক ৰাইজৰ উত্তম মধ্যম
বঙাইগাঁওঃ ৮ মাৰ্চঃ
বঙাইগাঁও আৰক্ষীৰ সোপাঢিলা স্থিতিৰ বাবে এতিয়া বঙাইগাঁও চহৰত বৃদ্ধি পাইছে মটৰ চাইকেল চুৰিৰ ঘটনা ৷ শুকুৰবাৰেও চোৰে এখন মটৰ চাইকেল চুৰিৰ প্ৰচেষ্টা চলায় যদিও একাংশ ৰাইজে চোৰটোক হাতে লোটে ধৰি উত্তম - মধ্যম শোধোৱাত চুৰিৰ প্ৰচেষ্টা ব্যৰ্থ হয় ৷ জানিব পৰা মতে বঙাইগাঁৱৰ চিলাৰায় দৈনিক বজাৰৰ ওচৰৰ পৰা দিনৰ ভাগত এ এছ ১৭ ই ৫০৯৬ নম্বৰৰ হিৰো গ্লেমাৰ মটৰ চাইকেলখনৰ ল'ক ভাঙিবলৈ ধৰাৰ সময়ে একাংশ লোকে চোৰজনক হাতে লোটে কৰায়ত্ত কৰে ৷ পিচত চোৰজনক ৰাইজে উত্তম মাধ্যম শোধায় ৷ ঘটনা সন্দৰ্ভত পিচত আৰক্ষীয়ে খবৰ পাই বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ওচৰৰ পৰা উত্তেজিত ৰাইজৰ ৰোষৰ পৰা চোৰজনক উদ্ধাৰ কৰি থানালৈ নিয়ে ৷ ধৃত চোৰজন লাল চান্দ আলী ( ২৩) আৰু প্ৰকৃত ঘৰ গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত শিমুলবাৰীত যদিও বৰ্তমান বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানৰ অন্তৰ্গত মোহনপুৰ চৰত থাকে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আনহাতে চুৰি কৰিবলৈ প্ৰচেষ্টা চলোৱা মটৰ চাইকেলখন উত্তম সাহাৰ আছিল ৷ উত্তম সাহাৰ প্ৰকৃত ঘৰ ধুবুৰী জিলাত যদিও বঙাইগাঁৱত ভাড়া থাকি কোম্পানীত কাম কৰে ৷ উল্লেখ্য যে লাল চান্দ আলী পূৰ্বতেও মটৰ চাইকেল চুৰিৰ ঘটনাৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

0 Response to "বঙাইগাঁৱত মটৰ চাইকেল চোৰক ৰাইজৰ উত্তম মধ্যম "
Post a Comment