-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস

বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস




বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন 



                              বঙাইগাঁওঃ ৮ মাৰ্চঃ 
সমগ্ৰ দেশ তথা বিশ্বৰ আন আন প্ৰান্তৰ লগতে শুকুৰবাৰে বঙাইগাঁৱতো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁৱৰ দেউৰীপাৰা মহিলা সংঘই শিৱ মন্দিৰ প্ৰাংগণত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে ৷ নাৰী দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ সুভাৰম্ভ কৰে  সংঘৰ সভানেত্ৰী মীৰা দাসে ৷ আনহাতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে বাসন্তী চক্ৰৱৰ্তী আৰু কিৰণ তালুকদাৰে ৷ ইয়াৰ পিচতে খেল - ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰবীণ খেলুৱৈ পূৰ্ণিমা চৌধুৰীয়ে ৷ দুপৰীয়া দেউৰীপাৰা মহিলা সংঘৰ দ্বাৰা অনুষ্ঠিত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷' সুৰা ট্ৰেজেডী' নামৰ বাটৰ নাটখনত অভিনয় কৰে দীপ্তি পাঠক, সুলেখা পাঠক, পূৰ্ণিমা চৌধুৰী, বনলতা দাস ,জলেশ্বৰী ৰায়, বাহতী পাঠক  আৰু লাবণ্য নাথে ৷ নাটখনিৰ ৰমলা ৰায় সৰকাৰ আৰু জলেশ্বৰী ৰায়ৰ ৷
ইপিনে  বিয়লি অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা জবা ঠাকুৰীয়াই মুখ্য অতিথি, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ ,অভয়েশ্বৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰ আৰু হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বনলতা দাসে বিশিষ্ট অতিথি আৰু বীৰঝৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মীৰা কলিতাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নাৰা দিৱস তাৎপৰ্য, প্ৰাসংগিকতা আদিৰ বিষয়ে বক্তব্য ৰাখে৷ 
                     
ইপিনে কাকাৰাগাঁও চম্পাৱতী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগতো নাৰী দিৱস পালন কৰা হয় ৷ কাকাৰাগাঁও গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত পালন কৰা নাৰী দিৱসৰ পতাকা উত্তোলন কৰে প্ৰবীণ আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ পূৰ্ণিমা চৌধুৰীয়ে ৷ অনুষ্ঠানত তেওঁ মুখ্য অতিথি হিচাপে বক্তব্যও ৰাখে ৷ 
সেইদৰে উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ উদ্যোগতো আন্তৰ্জাতিক নাৰী জিৱস পালন কৰা হয় ৷ এই উপলক্ষে পুৱাৰে পৰা প্ৰিয় গুপ্ত মেমোৰিয়েল হলত মহিলাসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই স্বাস্থ্য পৰীক্ষা শিবিৰত ১৬১ গৰাকী মহিলাই স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ শিবিৰটোত ডাঃ মল্লিকা সিনহা, ডাঃ ৰীতামণি ডেকা আৰু ডাঃ শান্তনু চক্ৰৱৰ্তীয়ে উপস্থিত থাকি স্বাস্থ্য পকীক্ষা কৰে ৷ ইয়ৰ পিচতে বঙাইগাঁও ৰেলৱে ইনষ্টিটিউটত এখন মুকলি সভা অনুষ্ঠিত হয় ৷ নিলীমা বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিশা হেমব্ৰম, অধিবক্তা জয়শ্ৰী বৰুৱা আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট বক্তাই নাৰী দিৱস সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ 
আনহাতে বীৰঝৰা মহিলা সংঘ আৰু সামূহিক উন্নয়ন সমিতিৰ উদ্যোগতো বৰপাৰা ৰাজহুৱা খেল পথাৰত বিভিন্ন কাৰ্যসূচীৰে  আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ৷ ইয়াৰ উপৰিও বিভিন্ন নাৰী সংগঠনে বিভিন্ন ঠাইত নাৰী দিৱস পালন কৰে ৷

0 Response to "বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article