পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ
Tuesday, March 12, 2019
Comment
পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ
বঙাইগাঁওঃ ৯ মাৰ্চঃ
বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিনা পুৱাৰ ভাগত ৰত্নেশ্বৰ সিংহ সোঁৱৰণী নৱনিৰ্মিত তোৰণ উন্মোচন কৰে দাঁতা পৰিয়ালৰ হৈ নিৰুপমা সিংহ আৰু প্ৰতিভা সিংহই ৷ ইয়াৰ পিচতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি সতীন চন্দ্ৰ ৰায়ে আৰু ৰূপালী জয়ন্তী সমাৰোহৰ মূল পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি হৰেশ্বৰ দাসে ৷ লগতে বিদ্যালয়ৰ ১ ম বৰ্ষৰ ছাত্ৰ - ছাত্ৰীসকলে উত্তোলন কৰে ৰূপালী জয়ন্তী সমাৰোহৰ আন ২৫ খন পতাকা ৷
স্মৃতি তৰ্পণ কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্য মণিকান্ত ৰায়ে ৷ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মাই আৰু গছ পুলি ৰোপণ কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক তৰণীকান্ত ৰায় আৰু প্ৰতিষ্ঠাপক জ্যেষ্ঠ সদস্য দিবাকৰ বৰ্মণে ৷ আনহাতে ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ৷ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে দক্ষিণ বঙাইগাঁও এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাণিক ৰায়ে ৷ সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ - ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ - ছাত্ৰী, নামৰ দল, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী তথা সাংস্কৃতিক দলে অংশ লয় ৷
আবেলিৰ ভাগত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ সন্মিলন ৷ বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ সহকাৰী শিক্ষক হেৰম্ব সিংহই উদ্বোধন কৰা প্ৰাক্তন ছাত্ৰ - ছাত্ৰীৰ সন্মিলনখন সঞ্চালনা কৰে বিদ্যালয়খনৰ ১ ম বৰ্ষৰ প্ৰথমগৰাকী ছাত্ৰী যমুনা ৰায়ে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আতচবাজি প্ৰদৰ্শন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷ বিদ্যালয় প্ৰতিষ্ঠাপক সমিতিৰ জ্যেষ্ঠ সদস্য ধ্বজেন ৰায় চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ বিপৰীতে অভয়াপুৰীৰ সাংস্কৃতিক কৰ্মী শৈলেশ চৌধুৰীয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ৷ ইপিনে বিদ্যালয়খনৰ প্ৰতিষ্ঠা সমিতিৰ উপ সভাপতি উপেন্দ্ৰ নাৰায়ণ দেৱৰ যোৱা নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটাত আজি তেৱঁৰ মৃতদেহ অনুষ্ঠানস্থলীলৈ অনা হয় আৰু ইয়াতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আদিকে ধৰি বিভিন্নজনে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ কাইলৈ দ্বিতীয় দিনা পুৱাৰ ভাগত আকস্মিক বক্তৃতা, আবৃতি আৰু কুইজ প্ৰতিযোগিতা, বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক - শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যালয়ৰ প্ৰতিষ্ঠালগ্নত জড়িত শুভাকাংক্ষীসকলৰ সম্বৰ্দ্বনা অনুষ্ঠান অনুষ্ঠিত হ'ব ৷
আনহাতে আবেলিৰ ভাগত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ'ব মুকলি সভা ৷ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত হাউলীৰ বি এইচ কলেজৰ অধ্যক্ষ ড৹ ভূষণ চন্দ্ৰ পাঠকে মুখ্য অতিথি, বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে বিশিষ্ট অতিথি, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ধীৰেণ শৰ্মাই নিৰ্দিষ্ট বক্তা আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ দাস ,বীৰঝৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ খনিন শৰ্মা, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা নলিনী বৈশ্য আৰু বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহই ৷




0 Response to "পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ"
Post a Comment