-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছুৰ সংবাদ মেল

বঙাইগাঁৱত জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছুৰ সংবাদ মেল




বঙাইগাঁৱত জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছুৰ সংবাদ মেল 

বি পিএফৰ হেঁচাত শিৰনত কৰিলে বিজেপিয়ে 

প্ৰয়োজনত নিজাববীয়াকৈ প্ৰত্যক্ষ নিৰ্বাচনত অংশ লোৱাৰো চিন্তা- চৰ্চা সংগঠনটোৰ  



বঙাইগাঁওঃ ৯ মাৰ্চঃ 

বিজেপি দলে একমাত্ৰ বি পি এফ দলক সন্তুষ্ট ৰখাৰ বাবেই অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিলে ৷ আনকি বি পি এফৰ হেঁচাত দলটোৱে শিৰনত কৰিবলগীয়াও হৈছে ৷ এই মন্তব্য কৰিছে  আক্ৰাছুৰ নেতৃত্বই ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই এই মন্তব্য কৰে ৷ সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায় , সাধাৰণ সম্পাদক গোকুল বৰ্মন আদিকে ধৰি কেবাজনো বিষয়ববীয়া উপস্থিত থকা সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই কয় যে কোচ ৰাজবংশীসকলৰ সমস্যাসমূহ  সমাধানৰ ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলে দায়বদ্ধতা দেখুওৱা নাই ৷ পূৰ্বৰ চৰকাৰসমূহৰ দৰে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰেও ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক চৰমভাৱে প্ৰতাৰণা কৰিলে ৷ জনগোষ্ঠীটোক কেৱল ভোট বেংক হিচাপেহে বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰি আহিছে বুলিও কয় ৷ 
আনহাতে কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰে শেষ মূহুৰ্তলৈকে নাটকীয়ভাৱে অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছিল বুলি আক্ৰাছুৰ নেতৃত্বই অভিযোগ কৰি কয় যে জনজাতিকৰণ কৰা দূৰৰে কথা, আনকি জনজাতিকৰণৰ মডেলিটী নিৰ্দ্ধাৰণৰ বাবে গঠিত মন্ত্ৰী গোটেও বি পি এফ দলৰ হেচাত শিৰনত কৰি আজিলৈকে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন নিদিলে ৷ গতিকে মডেলিটী সলনিৰ বাবে মন্ত্ৰী গোট গঠন কৰাতো যে বিজেপি চৰকাৰৰ একমাত্ৰ ভোটৰ ৰাজনীতি সেয়া বুজিবলৈ বাকী নাই ৷ বিজেপি - বিপিএফ দলে জনগোষ্ঠীটোক কৰা প্ৰতাৰণাৰ ফল আগন্তুক লোক সভা নিৰ্বাচনত ভুগিব লাগিব বুলিও কয় ৷ লগতে আৰু কয় যে এতিয়া সন্মুখত লোক সভা নিৰ্বাচন ৷ 
তিকে সকলো ৰাজনৈতিক দলেই কোচ ৰাজবংশীসকলৰ সমস্যাৰ কথা নিৰ্হাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰিব আৰু নিৰ্বাচনী সভাত ৰাজহুৱা প্ৰতিশ্ৰুতি দিব ৷ আনকি নিৰ্বাচনত তথাকথিত কিছুমান কোচ ৰাজবংশী লোকক যিসকলে ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰামত জড়িত নহয়েই তথা নিজক কেতিয়াও ৰাজবংশী বুলি চিনাকী নিদিয়ে তেনে ব্যক্তিক দলীয় প্ৰাৰ্থীত্ব দি আমাক সন্তুষ্ট কৰিব খুজিব ৷ কিন্তু আমি এইবাৰ তেনে ধৰণৰ ৰাজনৈতিক কৌশলত ভোল নাজাও ৷ সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই লগতে স্পষ্ট কৰি দি কয় যে আমি বিজেপিক বিৰোধিতা কৰা মানে কংগ্ৰেছক দলক সমৰ্থন কৰাটো নুবুজায় ৷ কাৰণ বিগত দিনবোৰত কংগ্ৰেছ চৰকাৰেও কোচ ৰাজবংশী জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰিছে ৷ স্বাধীনতাৰ পিচত কেন্দ্ৰ আৰু ৰাজ্যত  আটাইতকৈ বেছি দিন কংগ্ৰেছ দলটোৱে শাসন কৰিছে ৷ কিন্তু তেওঁলোকৰ শাসনৰ কালচোৱাত কোচ ৰাজবংশীসকলৰ সমস্যাসমূহ সমাধান নকৰিলে ৷ অকল ভোট বেংক হিচাপেহে জনগোষ্ঠীটোক ব্যৱহাৰ কৰি আহিছে ৷ গতিক্ কংগ্ৰেছ দলেও এইবাৰ আভুৱাভাৰা প্ৰতিশ্ৰুতি দিলে বিগত লোক সভা আৰু বিধান সভা নিৰ্বাচনৰ দৰে ফলাফল পাব ৷ সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানত কংগ্ৰেছ দলৰ স্থিতি কি তাক ৰাজহুৱা কৰক বুলিও দাবী জনায় ৷ একেদৰে আন আন ৰাজনৈতিক দলসমূহকো এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷ লগতে আগন্তুক লোক সভা নিৰ্বাচনত  ৰাজনৈতিক দলসমূহে  কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানত কেনেদৰে গুৰুত্ব দিয়ে সেই কথা আক্ৰাছুৱে নিৰীক্ষণ কৰি নিজৰ সিদ্ধান্ত ল'ব বুলি কয় ৷ প্ৰয়োজনত কোচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজনৈতিক দলসমূহে কৰি অহা প্ৰতাৰণা তথা সমস্যাসমূহ সমাধান আৰু জাতিৰ স্বাৰ্থত আক্ৰাছুই নিজাববীয়াকৈ প্ৰত্যক্ষ নিৰ্বাচনত অংশ গ্ৰহণ কৰিব বুলিও আক্ৰাছুৰ নেতৃত্বই প্ৰকাশ কৰে ৷ মুঠতে কোচ ৰাজবংশীসকলক ৰাজনৈতিকভাৱে হেও জ্ঞান কৰা সকলোক উচিত শিক্ষা দিয়া হ'ব বুলি হুংকাৰ দিয়ে ৷ 
সংবাদ মেলত কোচ ৰাজবংশীসকলোৰ প্ৰতি যদি বিজেপি দল তথা চৰকাৰৰ সদভাব তথা আন্তৰিকতা আছে আৰু প্ৰকৃততে জনগোষ্ঠীটো জাতিকৰণৰ হোৱাটো বিচাৰিছে, তেতিয়াহ'লে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগমুহুৰ্তত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি হলেও ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈও দাবী জনায় ৷ ইপিনে আগন্তুক লোক সভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহণৰ বাবে অহা ১৪ মাৰ্চত কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল - সংগঠনৰ সৈতে বঙাইগাঁওস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত এখন সভাৰ আহ্বান কৰাৰ কথাও প্ৰকাশ কৰে আক্ৰাছুৰ নেতৃত্বই ৷ সেইদৰে অহা ১৭ মাৰ্চত আক্ৰাছু, চিলাৰায় সেনা আৰু সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ এখন যৌথ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব ৷ সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আহ্বান কৰা উক্ত  সভাত কেন্দ্ৰীয় যৌথ সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা সমিতিসমূহৰ সভাপতি - সম্পাদক, সভানেত্ৰী - সম্পাদিকা আৰু উপ অধ্যক্ষ আৰু সেনাধ্যক্ষক উপস্থিত থাকিবলৈও নেতৃত্বই অনুৰোধ জনায় ৷  

0 Response to "বঙাইগাঁৱত জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছুৰ সংবাদ মেল "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article