বঙাইগাঁৱত উত্তৰ পূব হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন
Tuesday, March 12, 2019
Comment
বঙাইগাঁৱত উত্তৰ পূব হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন
হৰিদেৱৰ ধৰ্মত পুৰুষ- মহিলা , হিন্দু - মুছলমানৰ ভেদাভেদ নাছিল --কুলৰঞ্জন ভূঞা
বঙাইগাঁওঃ ৯ মাৰ্চঃ
বঙাইগাঁওঃ ৯ মাৰ্চঃ
'আজিৰ পৰা প্ৰায় ৫৫০ বছৰ পূৰ্বতেই মহাপুৰুষ হৰিদেৱে নাৰী সৱলীকৰণত মনোনিৱেশ কৰিছিল ৷ সেইবাবেই তেৱঁৰ ধৰ্মত পুৰুষ , নাৰী , হিন্দু , মুছলমানৰ ভেদাভেদ নাছিল ৷ তেখেতৰ বহল দৃষ্টিভংগী , মহান দূৰদৰ্শিতাৰে ধৰ্মৰ মাজেদি আজিৰ সমাজৰ কেৰোণসমূহৰ নিৰ্মুলকৰণৰ উপায় দি গৈছে ৷ তেৱঁৰ আদৰ্শ মানি চলাতোৱেই হৈছে এখন সুস্থ, সভ্য সমাজ গঠনৰ মুলমন্ত্ৰ ৷' এই ভাষ্য উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ কাৰ্যকৰী সভাপতি কুলৰঞ্জন ভূঞাৰ ৷
উল্লেখ্য যে কালিৰে পৰা বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত উত্তৰ বঙাইগাঁও হাইস্কুল খেল পথাৰৰ মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ ধৰ্মালোচনী সভাত ভাষণ প্ৰদান কৰি তেওঁ এইদৰে কয় ৷ 'মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ বৈদিক ভাগৱতী বৈঞ্চৱ ধৰ্ম প্ৰচাৰ , দৰ্শন আৰু ইয়াত মহিলাৰ স্থান' শীৰ্ষক ধৰ্মালোচনী সভাখন সঞ্চালনা কৰি দিয়া ভাষণত তেওঁ আৰু কয় যে আত্মাৰ জৰিয়তে পৰমাত্মাক যোৱাৰ যিটো পথ সেইটোৱে হৈছে ধৰ্ম ৷ সেয়ে চব্বিছ তত্ব নাজানিলে আমি কেতিয়াও ভাগৱতক বুজি নাপাম আৰু ভাগৱতক বুজি নাপালে হৰিদেৱক বুজি পোৱা নাজাব ৷
অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপক ধীৰেন শৰ্মাই উদ্বোধন কৰা এই ধৰ্মালোচনী সভাত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য , অসম সংস্কৃত বোৰ্ডৰ প্ৰাক্তন সচিব ড৹ বিমল কৃষ্ণ ভট্টাচাৰ্য , দিছপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা ড৹ সুমিত্ৰা চৌধুৰী , বৰমহৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ গোস্বামী , কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী ,উত্তৰ পূব হৰিদেৱ সংঘৰ আইন উপদেষ্টা পুলিন গোস্বামী প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰি বিষয় বস্তুৰ ওপৰত বক্তব্য ৰাখে ৷
ইপিনে অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় উষা কীৰ্তন আৰু গুৰু বন্দনাৰে ৷ গুৰু বন্দনা পৰিৱেশন কৰে টিহু শাখা সত্ৰ মহাসভাৰ ভকতবৃন্দই ৷ ইয়াৰ পিচত ভাগৱত পাঠ কৰে জগত ভূঞাই ৷ আনহাতে সংঘৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি কুলৰঞ্জন ভুঞাই ৷ একেদৰে ৪১ জন গুৰুভাইৰ দ্বাৰা আন ৪১ খন পতাকা উত্তোলন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলী তৰ্পণ কৰে সংঘৰ সাধাৰণ সম্পাদক কৰুণা কান্ত তালুকদাৰে আৰু বন্তি প্ৰজ্বালন কৰে কোষাধ্যক্ষ বিমল আগৰৱালাই ৷ আবেলিৰ ভাগত সংঘৰ আজীৱন সদস্য সকলৰ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলন ,গুৰুচৰিত পাঠ আৰু ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মাই ৷




0 Response to "বঙাইগাঁৱত উত্তৰ পূব হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন"
Post a Comment