বঙাইগাঁৱত জনতা যুৱ মৰ্চাৰ উদ্যোগত বিজয় সংকল্প বাইক ৰেলী
Tuesday, March 5, 2019
Comment
বঙাইগাঁৱত জনতা যুৱ মৰ্চাৰ উদ্যোগত বিজয় সংকল্প বাইক ৰেলী
বঙাইগাঁওঃ ২ মাৰ্চঃ
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বঙাইগাঁও বিধান সভা সমষ্টিটো বিজেপিয়ে এক ' বিজয় সংকল্প বাইক ৰেলী' উলিয়ায় ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত উলিওৱা এই বাইক ৰেলীত বিজেপি কৰ্মীসকলে অংশগ্ৰহণ কৰে। বঙাইগাঁওস্থিত জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই বাইক ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ে ৷
অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদিকা হিমানী অধিকাৰী, যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি হৰিদেৱ ৰায়, জিলা যুৱ মৰ্চাৰ সভানেত্ৰী মনালিছা কোঁচ, সাধাৰণ সম্পাদক প্ৰাণজিত বৰ্মনকে ধৰি জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ এই বাইক ৰেলীয়ে বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত সকলো অঞ্চলক সামৰি লয় ৷


0 Response to "বঙাইগাঁৱত জনতা যুৱ মৰ্চাৰ উদ্যোগত বিজয় সংকল্প বাইক ৰেলী "
Post a Comment