ইউ পি পি এলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কোকৰাঝাৰত উৰ্খাও গৌৰা - মঙলদৈত প্ৰদীপ দৈমাৰীয়ে কৰিব প্ৰতিদ্বন্দিতা
Saturday, March 16, 2019
Comment
ইউ পি পি এলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা
কোকৰাঝাৰত উৰ্খাও গৌৰা - মঙলদৈত প্ৰদীপ দৈমাৰীয়ে কৰিব প্ৰতিদ্বন্দিতা
হীৰা শৰণীয়া - হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা
বঙাইগাঁওঃ ১৪ মাৰ্চঃ
সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ লগতে কুচকাৱাজ আৰম্ভ কৰিছে আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহেও । বিটিএডিৰ বিৰোধী ৰাজনৈতিক দল ইউনাইটেড পিপুলচ পাৰ্টী লিবাৰেলে ( ইউ পি পি এল ) আজি সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । আজি চিৰাং জিলাৰ কুকুৰমাৰীত আয়োজিত এক সংবাদমেলত দলটোৰ শীৰ্ষ নেতৃত্বই কয় যে অনাগত লোকসভা নিৰ্বাচনত দলটোৰ হৈ কোকৰাঝাৰত লোকসভা সমষ্টিৰ পৰা উৰ্খাও গৌৰা ব্ৰহ্ম আৰু মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰদীপ কুমাৰ দৈমাৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই কোকৰাঝাৰৰ বৰ্ত্তমানৰ সাংসদ হীৰা শৰণীয়াক সমালোচনা কৰি কয় যে , যোৱা ২০১৪ চনত গোষ্ঠী সংঘৰ্ষকে ধৰি বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তন আৰু বিটিচি চুক্তি ভংগ কৰাক ইচ্ছ্যু কৰি হীৰা শৰণীয়াই নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল । অবড়ো ভোটাৰক প্ৰলোভিত কৰিব পৰা কোনো ইচ্ছ্যু এইবাৰৰ নিৰ্বাচনত হীৰা শৰণীয়াৰ নাই । ৰাইজে এতিয়া এই সন্দৰ্ভত বুজি উঠিছে । আনহাতে বিটিচি শাসনাধীন বিপিএফ দল তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো সমালোচনা কৰি ব্ৰহ্মই লগতে কয় যে , দুৰ্নীতিত নিমজ্জিত হাগ্ৰামাৰ দুৰ্নীতিৰ বিৰুদ্ধে একো ক'বলগীয়া নাই । নাগৰিকত্ব সংশোধনী বিধেয়ক , এন আৰ চি , ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয় সন্দৰ্ভত হাগ্ৰামাই গ্ৰহণ কৰা দুমুখীয়া স্থিতিকে ধৰি বডোলেণ্ড ইছ্যু , সীমান্তৱৰ্তী উত্তৰাঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়ন আদি বিষয় সন্দৰ্ভত হাগ্ৰামাৰ একো ক'বলগীয়া নাই । ইপিনে বিপি এফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম সন্দৰ্ভত কয় যে তেখেত এগৰাকী সংগ্ৰামী নেতৃ আছিল যদিও বিপিএফৰ দলীয় নীতিয়ে তেখেতক জয়ী কৰাব নোৱাৰে । এইবাৰৰ নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত । সমষ্টিটোত দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে বিপিএফৰ প্ৰাৰ্থী আৰু হীৰা শৰণীয়া থাকিব যদিও কংগ্ৰেছ চতুৰ্থ স্থানত থাকিব বুলিও উৰ্খাও গৌৰা ব্ৰহ্মই দাবী কৰে । আজিৰ এই সংবাদমেলত ব্ৰহ্মৰ উপৰিও বিটিচিৰ বিৰোধী এমচিএলএ সকল আৰু দলটোৰ নীতি নিৰ্ধাৰণ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

0 Response to "ইউ পি পি এলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কোকৰাঝাৰত উৰ্খাও গৌৰা - মঙলদৈত প্ৰদীপ দৈমাৰীয়ে কৰিব প্ৰতিদ্বন্দিতা "
Post a Comment