চিৰাঙত মহিলা আত্ম সহায়ক গোটৰ উদ্যোগত নাৰী নিৰ্যাতন, বাল্য বিবাহ আৰু মদৰ বিৰুদ্ধে সমদল
Tuesday, March 26, 2019
Comment
চিৰাঙত মহিলা আত্ম সহায়ক গোটৰ উদ্যোগত নাৰী নিৰ্যাতন, বাল্য বিবাহ আৰু মদৰ বিৰুদ্ধে সমদল
বঙাইগাঁওঃ১৭ মাৰ্চঃ
চিৰাঙত দেওবাৰে মহিলাসকলে নাৰী নিৰ্যাতন, বাল্য বিবাহ আৰু মদ তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এক সজাগতা সমদল উলিয়ায় ৷ সমদলকাৰীসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ডলৈ নাৰী নিৰ্যাতন বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, মদ খোৱা আৰু বনোৱা বন্ধ কৰক, মাদক দ্ৰব্য সেৱন বন্ধ কৰক আদি দাবী জনায় ৷
চিৰাং জিলাৰ মংলাগাঁৱৰ দীপজ্যোতি গাঁও পৰ্যায়ৰ আত্ম সহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে । ২২ টাকৈ মহিলা আত্মসহায়ক গোটৰ সংগঠন দীপজ্যোতি গাঁও সংগঠনৰ সভানেত্ৰী প্ৰমিলা সৰকাৰ, সম্পাদিকা ৰঞ্জনা কীৰ্তনীয়াসহ দুই শতাধিক মহিলাই এই সমদলত অংশ গ্ৰহন কৰে । গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সামাজিক বিভিন্ন ব্যাধি দূৰীকৰণ আৰু তাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাটোৱে এই সমদলৰ উদ্দেশ্য বুলি কয় দীপজ্যোতি গাঁও সংগঠনৰ নেতৃত্বই ।


0 Response to "চিৰাঙত মহিলা আত্ম সহায়ক গোটৰ উদ্যোগত নাৰী নিৰ্যাতন, বাল্য বিবাহ আৰু মদৰ বিৰুদ্ধে সমদল"
Post a Comment