-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
চিৰাঙত নিৰ্বাচন বিভাগৰ উদ্যোগত ছাত্ৰ- ছাত্ৰীৰ মাজত নিৰ্বাচন সজাগতাৰ বাবে কুইজ প্ৰতিযোগিতা

চিৰাঙত নিৰ্বাচন বিভাগৰ উদ্যোগত ছাত্ৰ- ছাত্ৰীৰ মাজত নিৰ্বাচন সজাগতাৰ বাবে কুইজ প্ৰতিযোগিতা



চিৰাঙত নিৰ্বাচন বিভাগৰ উদ্যোগত ছাত্ৰ- ছাত্ৰীৰ মাজত নিৰ্বাচন সজাগতাৰ বাবে কুইজ প্ৰতিযোগিতা
বঙাইগাঁওঃ ১৭ মাৰ্চঃ


সমাগত লোকসভা নিৰ্বাচনত সকলো নাগৰিকৰ ভোটদান নিশ্চিত কৰা আৰু ছাত্ৰ- ছাত্ৰীৰ মাজত নিৰ্বাচন সম্বন্ধে সজাগতা সৃষ্টিৰ বাবে দেওবাৰে চিৰাং জিলাৰ বিজনীত বিজনী জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ কোকৰাঝাৰ জনজাতি সংৰক্ষিত সংসদীয় সমষ্টিৰ অন্তৰ্গত ৩৩ নম্বৰ বিজনী সমষ্টিত ছাত্ৰ- ছাত্ৰীৰ মাজত নিৰ্বাচন সম্পৰ্কে জ্ঞাত কৰাৰ লগতে দেশৰ গণতন্ত্ৰ, নিৰ্বাচন আৰু ঐতিহ্যৰ বিষয় সন্দৰ্ভত বিজনী মহাবিদ্যালয় সভা কক্ষত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কুইজ প্ৰতিযোগিতাত বিজনী চহৰ অঞ্চলৰ নখন উচ্চতৰ আৰু মহাবিদ্যালয়ৰ মুঠ দহটা দলে অংশ গ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত বিজনী আনন্দৰাম বৰুৱা একাডেমীয়ে প্ৰথম,  বিজনী মহাবিদ্যালয়ৰ 'ক' আৰু 'খ' দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷ এই কুইজ প্ৰতিযোগিতা অনুষ্ঠানত বিজনী জিলা নিৰ্বাচনী বিষয়া তথা বিজনীৰ মহকুমাধিপতি দিথকানন্দ হাজৰিকা আৰু বিজনীৰ সহকাৰী আয়ুক্ত বুবুল বৈশ্যই উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলক পুৰষ্কাৰ প্ৰদান কৰে ৷ কুইজ প্ৰতিযোগিতাত অংশ লোৱা সকলো দললৈ নিৰ্বাচন বিভাগে  একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷

0 Response to "চিৰাঙত নিৰ্বাচন বিভাগৰ উদ্যোগত ছাত্ৰ- ছাত্ৰীৰ মাজত নিৰ্বাচন সজাগতাৰ বাবে কুইজ প্ৰতিযোগিতা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article