-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ডঃ বহু লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ ক্ষতি

বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ডঃ বহু লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ ক্ষতি



বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ডঃ বহু লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ ক্ষতি

                    
   
                                                                                         
                           বঙাইগাঁওঃ ১৭ মাৰ্চঃ
বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷  বঙাইগাঁও জামে মছজিদৰ পাছফালে থকা চাক্সেনা কলনীৰ কেবাখনো দোকান আৰু গুদাম গৃহত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত চাক্সেনা কলনীত থকা স্পিড কিং ট্ৰেন্সপোৰ্টৰ গুদাম গৃহৰ লগতে চেৰাউগী টেক্সটাইল নামৰ টেন্ট হাউচৰ পাইকাৰী দোকানখনৰ বৃহৎ ক্ষতি হয় ৷ একাংশ লোকে প্ৰকাশ কৰা মতে দিনৰ ২ঃ১৫ মান বজাত স্পিড কিং ট্ৰেন্সপোৰ্টৰ গুদামৰ ভিতৰত হঠাতে কিবা এটা বিস্ফোৰণ হোৱাৰ শব্দ শুনা পায় ৷ তাৰ পিচতে গুদামৰ ভিতৰৰ পৰা ধোঁৱা ওলাবলৈ ধৰে আৰু পিচত জুই লগা দেখিবলৈ পায় ৷ লগে লগে সকলোৰে মাজত হুৱা - দুৱা লাগে ৷ কাৰণ গুদাম গৃহৰ ওচৰতে আছে আবাসিক এলেকাও ৷ 
পিচত বঙাইগাঁৱৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায় যদিও ক্ৰমাৎ জুইয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাত ব্যৰ্থ হয় ৷ ইয়াৰ পিচতে বঙাইগাঁৱৰ লগতে বিজনী আৰু ঢালিগাঁও শোধনাগাৰৰ পৰা অহা ছয়খন মান অগ্নি নিৰ্বাপক গাড়ীয়ে প্ৰায় দুঘন্টামান ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত স্পিড কিং ট্ৰেন্সপোৰ্টৰ গুদাম গৃহটোৰ  ওচৰতে থকা আন সামগ্ৰীৰ গুদাম গৃহৰ লগতে ভিতৰত থকা সমাগ্ৰীসমূহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ ট্ৰেন্সপোৰ্টৰ গুদামত জেনেৰেটৰ আদিও আছিল ৷ আনহাতে চেৰাউগী টেক্সটাইল দোকানখনৰ লগতে পাছফালে সংলগ্ন আছিল গুদাম ৷ ফলত অগ্নিকাণ্ডত দোকানখনৰ লগতে গুদাম গৃহত থকা কাপোৰৰ ক্ষতি হয় ৷ সেইদৰে গুদামৰ গাতে লাগি থকা আবাস গৃহ এটাৰো ক্ষতি হয় ৷ 
উল্লেখ্য যে গুদামত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচতে ওচৰতে থকা কেবাটাও আবাসত থকা লোকসকলোৰ মাজত হুৱা - দুৱা লাগে আৰু বয় - বস্তুসমূহ বাহিৰলৈ উলিয়াই আনে ৷ লগতে যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ লাগি যায় ৷ ঘটনাস্থলীত জিলা উপায়ুক্ত আদিল খান, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক ,উপ আৰক্ষী অধীক্ষক আদিকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ অগ্নিকাণ্ডত কেবা লক্ষাধিক টকাৰ সা - সামগ্ৰী জুইত জাহ যায় যদিও ক্ষতিৰ প্ৰকৃত পৰিমাণ জানিব পৰা হোৱা নাই ৷ সেইদৰে জানিব পৰা হোৱা নাই কেনেকৈ জুইৰ সূত্ৰপাত হ'ল ৷  ইপিনে এই অগ্নিকাণ্ডৰ মাজতে পাগলাস্থানৰ সুশিল হাৰ্ডৱেৰ নামৰ দোকানখনৰ পাছফালে আন এক অগ্নিকাণ্ড সংঘটিত হয় ৷ অৱশ্যে জুইয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্ৱে লগে লগে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এই অগ্নিকাণ্ডত বিশেষ কোনো ক্ষয় - ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ৷



0 Response to "বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ডঃ বহু লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ ক্ষতি "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article