-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন

বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন




                  বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন



বঙাইগাঁওঃ ১৫ মাৰ্চঃ 
বঙাইগাঁৱত খাদ্য,অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে আজি বিশ্ব গ্ৰাহক দিৱস পালন কৰে। এই উপলক্ষে বঙাইগাঁও টাউন হলত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে গ্ৰাহক হিচাপে আমি সকলোৱে যাতে কোনো প্ৰতাৰণাৰ বলি নহও তাৰ প্ৰতি আমি সদায় সজাগ হৈ থকা উচিত। গ্ৰাহক হিচাপে আমাৰ যি সাংবিধানিক অধিকাৰ আছে তাক সাব্যস্ত কৰাটো আমাৰ দায়িত্ব ,আমি তাক সদ ব্যৱহাৰ কৰা উচিত। 
যোগান বিভাগ বঙাইগাঁৱৰ জ্যেষ্ঠ পৰিদৰ্শক আব্দুল জলিল খানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বঙাইগাঁৱত থকা যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক অতুল তালুকদাৰেও বক্তব্য ৰাখে। সভাত উপস্থিত ৰাইজৰ মাজৰ পৰা বেণীমাধব ৰায় আৰু বিনোদ দাসে গ্ৰাহকৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ হ'বলৈ ৰাইজক আহ্বান জনায় ৷ সভাত অৰ্ধশতাধিক গ্ৰাহক উপস্থিত থাকে।

0 Response to "বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article