-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত অইলৰ পাইপ লাইন বিভাগৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

বঙাইগাঁৱত অইলৰ পাইপ লাইন বিভাগৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন



বঙাইগাঁৱত অইলৰ পাইপ লাইন বিভাগৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন



                            বঙাইগাঁওঃ ১৫ মাৰ্চঃ
অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন বিভাগৰ উদ্যোগত আজি  বঙাইগাঁৱৰ দোলাইগাঁও উজানপাৰা প্ৰাথমিক বিদ্যালয়ত এক স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে  প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন বিভাগৰ মুখ্য কাৰ্যালয়ৰ চিকিৎসা বিভাগৰ উপ - মহা প্ৰবন্ধক ডাঃ দীপাংকৰ ভট্টাচাৰ্যৰ নেতৃত্বত শিশু আৰু বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ বাবে স্বাস্থ্য বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য সম্বন্ধীয় সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ লগতে শাৰিৰীক সক্ষমতা বৃদ্ধিৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখি স্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যেৰে বিভিন্ন অঞ্চলৰ বিদ্যালয়ত বিশেষ  কৰ্মশালাৰ আয়োজন কৰি আহিছে ৷ ইয়াৰে অংশ হিচাপে বঙাইগাঁৱৰো দোলাইগাঁও উজানপাৰা প্ৰাথমিক বিদ্যালয়ত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ 
এই শিবিৰত পাইপ লাইন  বিভাগৰ মহাপ্ৰৱন্ধক সন্দিপ গোস্বামী, ৬ নং পাম্প ষ্টেচনৰ উপ মহাপ্ৰৱন্ধক বিপুল ডেকাৰ লগতে চিকিৎসা বিভাগৰ উপ মহাপ্ৰৱন্ধক ডাঃদীপাংকৰ ভট্টাচাৰ্য, অসম চৰকাৰৰ বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন বৈশ্য, শিশু ৰোগ বিশেষজ্ঞ ডাঃ এম আই আহমেদ, ডাঃ অমৰেন্দ্ৰ বৰ্মন, ডাঃবিনিতা ডেকা আৰু অইলৰ পাইপ লাইন চিকিৎসা বিভাগৰ ডাঃঅংশুমান চৌধুৰী , উজানপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌৰী শংকৰ বৰ্মন, দোলাইগাঁও গাঁও পঞ্চায়তৰ সম্পাদক বিজয় বসু , অইল ইণ্ডিয়াৰ বঙাইগাঁও পাম্প ষ্টেচনৰ অভিযন্তা জ্যোতিময় দাস আৰু ৰসায়নবিধ দেৱাশিষ বৰা আদি উপস্থিত থাকে ৷ স্বাস্থ্য সজাগতা সভাত বিভিন্নজনে কেনেকৈ বেমাৰ - আজাৰৰ পৰা নিজকে মুক্ত ৰাখি সু- স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি সেই  সম্পৰ্কে বক্তব্য ৰাখে ৷ লগতে ছাত্ৰ - ছাত্ৰীসকলক কেনেকৈ হাত ধুব লাগে আদি বিষয়সমূহো শিকোৱা হয় ৷ ইপিনে অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন মুখ্য কাৰ্যালয়ৰ চিকিৎসা বিভাগৰ উপ মহাপ্ৰৱন্ধক ডাঃ দীপাংকৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ প্ৰতিষ্ঠানটোৱে ছাত্ৰ - ছাত্ৰীসকলৰ স্বাস্থ্য শিক্ষা তথা স্বাস্থ্য সজাগতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ কাৰণ বিদ্যালয়ৰ ল'ৰা - ছোৱালীসকল হৈছে আমাৰ ভৱিষ্যৎ ৷ সেয়ে তেওঁলোকৰ সু- স্বাস্থ্য আমাক লাগে ৷ স্বাস্থ্য মানে কেৱল বেমাৰ হোৱাটোকে নুুজায় ৷ 
আমি কেনেকৈ সজাগ থাকি নিজকে বেমাৰ আজাৰৰ পৰা মুক্ত ৰাখি শৰীৰটোক সুস্থ ৰাখিব পাৰো, কেনেকৈ শৰীৰ আৰু মনক সংযোগ ঘটাব পাৰো আদি কথাবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে এনে শিবিৰৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হৈছে বুলি কয় ৷ স্বাস্থ্য পৰীক্ষা শিবিৰত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধো প্ৰদান কৰা হয় ৷ উল্লেখ্য যে  খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ, খনন, উৎপাদন আৰু পৰিবহনৰ লগতে তৰলীকৃত পেট্ৰ'লিয়াম গেছ প্ৰস্ততকৰণৰ লগত জৰিত দেশৰ নৱৰত্ন অইল ইণ্ডিয়া লিমিটেডে ক্ষেত্ৰভিত্তিক আৰ্থ সামাজিক দিশটোৰ উন্নয়নৰ লক্ষ্যৰে অবিৰত সেৱা আগবঢ়াই আহিছে ৷ বিশেষভাবে প্ৰতিষ্ঠানটোৰ কাৰ্যক্ষেত্ৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ স্বাস্থ্য সেৱা, পৰিৱেশ আৰু নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব সহকাৰে অইল ইণ্ডিয়া লিমিটেডে মনোনিৱেশ কৰি আহিছে ৷ স্বাস্থ্য সজাগতা আৰু সচেতনতা অইণ্ডিয়া লিমিটেডৰ পাইপ লাইন বিভাগৰ এটা প্ৰধান প্ৰকল্প, যাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ইতিমধ্যে অসম, পশ্চিম বংগ আৰু বিহাৰৰ পাইপ লাইন কৰ্মক্ষেত্ৰ পৰিসৰৰ অন্তৰ্গত বিদ্যালয়সমূহত সেৱা আগবঢ়াই আহিছে বুলিও বিভাগটোৰ এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে ৷

0 Response to "বঙাইগাঁৱত অইলৰ পাইপ লাইন বিভাগৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article