চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বিশ্বজিৎ ৰায়ৰ দায়িত্ব গ্ৰহণ
Monday, March 18, 2019
Comment
চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বিশ্বজিৎ ৰায়ৰ দায়িত্ব গ্ৰহণ
কোকৰাঝাৰ সমষ্টিত দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিটিচিত কংগ্ৰেছ ভাঙোনমুখী হ'ব- বিশ্বজিত ৰায়
বঙাইগাঁওঃ ১৫ মাৰ্চঃ
প্ৰদেশ কংগ্ৰেছ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আজি চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সুজিত কুমাৰ দাসে দলৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিশ্বজিত ৰায়ক দায়িত্বভাৰ দিয়ে ৷ এই উলক্ষে জিলাখনৰ বিজনী চহৰস্থিত বড়ো বজাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয় কমলা ভৱনত জিলা কংগ্ৰেছৰ উপ- সভাপতি আবুল হাছেম মিঞাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশ্বজিত ৰায়ে চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰে ৷ সভাত চিৰাং জিলা সংখ্যালঘু কোষৰ সভাপতি বাহাৰুল ইছলাম, চিৰাং জিলা মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ছাহিদা খাতুন, বড়ো বাজাৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আবু তালেব শিকদাৰ আদি উপস্থিত থাকে। ইপিনে সভাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এখন সংবাদমেল সম্বোধন কৰি বিপিএফ আৰু নৱ কুমাৰ শৰণীয়াক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, এইবাৰ বিপিএ়ফৰ প্ৰাৰ্থী গৰাকী পূৰ্বৰ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰা ভোটতকৈ কম ভোট পাব ৷ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ হিচাপে বিটিচি চুক্তি পুনৰীক্ষণ আৰু অবড়ো অধ্যুষিত গাঁও কৰ্তনৰ দাবীৰে সাংসদ নিৰ্বাচিত হৈছিল যদিও এইবাৰ ৰাইজে তেৱঁৰ মিথ্যাচাৰৰ উত্তৰ দিব বুলিও ৰায়ে কয় ৷ একেদৰে বিগত পাঁচ বছৰত সাংসদ নৱ কুমাৰ শৰণীয়াই অকল নলবাৰী জিলাত উন্নয়নৰ কাম কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷ আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আশাবাদী বিশ্বজিত ৰায় ৷ হাই কমাণ্ডে কোকৰাঝাৰ লোক সভা সমষ্টিত এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিটিচিত কংগ্ৰেছ ভাঙোনমুখি হ'ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

0 Response to "চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বিশ্বজিৎ ৰায়ৰ দায়িত্ব গ্ৰহণ"
Post a Comment