-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত উত্তৰ পূব- ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন আৰম্ভ

বঙাইগাঁৱত উত্তৰ পূব- ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন আৰম্ভ



বঙাইগাঁৱত উত্তৰ পূব- ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন আৰম্ভ



বঙাইগাঁওঃ ৮ মাৰ্চঃ

উত্তৰ -পূব ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখন আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত আৰম্ভ হৈছে ৷ বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত উত্তৰ বঙাইগাঁও হাইস্কুল খেল পথাৰৰ মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ ক্ষেত্ৰত অনুষ্ঠিত দ্বি- বাৰ্ষিক অধিৱেশৰ আজি প্ৰথম দিনা পুৱা ঊষা কীৰ্তন আৰু প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ আৰম্ভ হয় ৷ ইয়াৰ পিচতে ধৰ্মধ্বজা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ তেওঁ পতাকা উত্তোলন কৰি দিয়া চমু বক্তব্যত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উত্তৰ পূব হৰিদেৱ সংঘৰ অধিৱেশনখনৰ সফলতা কামনা কৰে ৷ লগতে অধিৱেশনখনত সত্ৰাধিকাৰকে আদি কৰি যিসকল ধৰ্মপ্ৰাণ ৰাইজ আহে তেওঁলোকে যাতে অসন্তুষ্ট হৈ যাবলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ বঙাইগাঁওবাসী ৰাইজক আহ্বান জনায় ৷
 আনহাতে গছপুলি ৰোপণ কৰে অৱসৰ প্ৰাপ্ত বন বিষয়া হেৰম্ব গোস্বামী, উত্তৰ বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ নাথ, সমাজ সেৱক উমেশ দাস, প্ৰতিভা ৰায়, গজেন্দ্ৰ নাৰায়ণ চৌধুৰী, মালতী চৌধুৰী, বসন্ত কুমাৰ চৌধুৰী, নাৰায়ণ চৌধুৰী, অশোক কুমাৰ দেৱ আৰু জয়দেৱ সিংহই ৷ সেইদৰে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে ৷ সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন অনুষ্ঠানত দোলাইগাঁও হৰিদেৱ সত্ৰৰ সভাপতি দীনেশ চন্দ্ৰ চৌধুৰীয়ে মুখ্য বন্তি প্ৰজ্বলক হিচাপে বন্তি প্ৰজ্বলন কৰে ৷ অনুষ্ঠানত ৰমলা নাথ, ধৰ্মেশ্বৰী চৌধুৰী, ব্ৰজেন ৰায় আৰু সন্ধ্যা ৰাণী চৌধুৰীও উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ৷ ইয়াৰ পিচতে ভাগৱত স্থাপন আৰু ভাগৱত পাঠ কৰে বেজকুচি সত্ৰৰ সত্ৰাধিকাৰ শশীমোহন গোস্বামীয়ে ৷ আনহাতে প্ৰতিনিধি শিবিৰ উদ্বোধন কৰে বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্ৰ দাসে৷ 
উল্লেখ্য যে অধিৱেশনৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত পুৱাৰ ভাগত দোলাইগাঁওস্থিত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ সত্ৰত বিষ্ণু পূজা , বঙাইগাঁও অঞ্চলৰ ভক্তবৃন্দৰ নাম- কীৰ্তন আৰু দুপৰীয়াৰ ভাগত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আনহাতে দোলাইগাওঁস্থিত মহাপুৰুষ হৰিদেৱ সত্ৰৰ মূল স্থায়ী তোৰণৰ দ্বাৰ মুকলি কৰে মানেৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ জয়দেৱ গোস্বামীয়ে ৷ তোৰণখন প্ৰভাত চন্দ্ৰ শৰ্মা আৰু  ধৰ্মেশ্বৰী শৰ্মাৰ সোঁৱৰণত  তেওঁলোকৰ পৰিয়ালবৰ্গই  নিৰ্মাণ কৰি দিছে ৷ কাইলৈ সংঘৰ পতাকা উত্তোলন, ধৰ্মালোচনী সভা আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ ইপিনে আজি অধিৱেশনস্থলীত এখন সংবাদ মেলৰো আয়োজন কৰে ৷ সংবাদ মেলত উত্তৰ - পূব ভাৰত হৰিদেৱ সংঘৰ কাৰ্যকৰী সভাপতি কুলৰঞ্জন ভূঞাই কয় যে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯৭৫ চনত বহৰিত এটা সংঘ গঠন কৰা হৈছিল ৷ তেতিয়াৰে পৰা সংঘই প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত অধিৱেশন অনুষ্ঠিত কৰি আহিছো ৷ 
বৰ্তমান সংঘৰ আঢ়ৈ হাজাৰ আজীৱন সদস্য আছে ৷ লগতে সংঘৰ সৈতে আন বহু লোকো জড়িত হৈ আছে বুলি কয় ৷ কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে মহাপুৰুষজনাই ভাগৱত কেন্দ্ৰীক ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰু পুৱা, দুপৰীয়া আৰু গধুলি ভাগৱতক কেন্দ্ৰ কৰি তিনি প্ৰসংগ কৰিবলৈ উপদেশ দি গৈছিল বুলিও  কয় ৷ আনহাতে যি সময়ত আজি ভাৰতবৰ্ষত মহিলাক ধৰ্মানুষ্ঠানত আগস্থান দিব নালাগে বুলি বিবাদ হৈ আছে, সেই সময়তে মহাপুৰুষজনাই মত্যুৰ আগে আগে অৰ্থাৎ ১৪৬৬ শকত তেওঁ নিজৰ উপযুক্ত কন্যাক মানেৰি সত্ৰৰ সত্ৰাধিকাৰ পাতিছিল বুলি কৈ এই বিষয়টো ভাৱি চাবলগীয়া বুলিও কয় ৷ সংবাদ মেলত কাৰ্যকৰী সভাপতি কুলৰঞ্জন ভূঞাৰ লগতে সংঘৰ সাধাৰণ সম্পাদক কৰুণা কান্ত তালুকদাৰে অধিৱেশনৰ কাৰ্যসূচীসমূহৰ বিষয়েও কয় ৷ সংবাদ মেলত সংঘৰ উপ সভাপতি জয়দেৱ গোস্বামী, সহকাৰী সাধাৰণ সম্পাদক কল্যাণ তালুকদাৰ আদি উপস্থিত থাকে ৷ 

0 Response to "বঙাইগাঁৱত উত্তৰ পূব- ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন আৰম্ভ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article