-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
 চিৰাঙত আজিৰে পৰা অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্তঃ বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ

চিৰাঙত আজিৰে পৰা অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্তঃ বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ




চিৰাঙত আজিৰে পৰা অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্তঃ বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ 


এছিয়ান য়ুথ চেম্পিনয়শ্বিপত  ব্ৰঞ্জ পদক বিজয়ী অম্ব্ৰিকা নাৰ্জাৰীক সন্মৰ্ধনা, এক লাখ টকাৰ  আৰ্থিক সহায়  

   


                                বঙাইগাঁওঃ২৩ মাৰ্চঃ 

ষষ্ঠ বাৰ্ষিক আন্তঃ বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ আজিৰে পৰা ২৫ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আৰম্ভ হৈছে । চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত  জিলা সদৰ কাজলগাঁৱৰ প্ৰেমসিং ব্ৰহ্ম সোঁৱৰণী ষ্টেডিয়ামত অনুষ্ঠিত  এই ক্ৰীড়া সমাৰোহত ২৫ বছৰ অনুৰ্ধ মহিলাসকলৰ ফুটবল, ভলীবল, দৌৰ প্ৰতিযোগিতা, কাবাডী আৰু আৰ্চাৰী খেল অনুষ্ঠিত হৈছে । এই মহিলা ক্ৰীড়া সমাৰোহত বিটিএডিৰ চাৰিখন জিলাৰ পৰা প্ৰায় তিনিশ মহিলা খেলুৱৈয়ে অংশ লৈছে । 
এই ষষ্ঠ বাৰ্ষিক আন্তঃ বিটিএডি মহিলা ক্ৰীড়া সমাৰোহৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে বিটিচিৰ ক্ৰীড়া বিভাগৰ বিশেষ কৰ্তব্যৰত  বিষয়া  যজ্ঞাৱতী বসুমতাৰীয়ে । ক্ৰীড়া সমাৰোহ উদ্বোধনী অনুষ্ঠানত যোৱা ১৭ মাৰ্চত চীন দেশৰ হংকঙত অনুষ্ঠিত হোৱা এছিয়ান যুথ এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জক পদক বিজয়ী চিৰাঙৰ শিলবাৰীৰ অম্ব্ৰিকা নাৰ্জাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি মন্ত্ৰী চন্দন ব্ৰহ্মই আগবঢ়োৱা নগদ ৫০ হেজাৰ টকাৰ চেক আৰু বিটিচি ক্ৰীড়া বিভাগে আগবঢ়োৱা পঞ্চাশ হেজাৰ টকাৰ চেক প্ৰদান কৰে ক্ৰীড়া বিভাগৰ বিশেষ কৰ্মৰত  বিষয়া যজ্ঞাৱতী বসুৱতাৰীয়ে । 
আজিৰ এই মহিলা ক্ৰীড়া সমাৰোহত চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰথ ব্ৰহ্ম, বাক্সা জিলা ক্ৰীড়া বিষয়া নৱজ্যোতি বসুমতাৰী, চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসুমতাৰী,   চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অমৃত নাৰ্জাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । চিৰাং আৰু ওদালগুৰী জিলাৰ  ফুটবল দলৰ প্ৰতিযোগিতাৰে সমাৰোহৰ শুভাৰম্ভ কৰে  বিটিচিৰ ক্ৰীড়া বিভাগৰ বিশেষ কৰ্মৰত  বিষয়া যজ্ঞাৱতী বসুমতাৰীয়ে  । 

0 Response to " চিৰাঙত আজিৰে পৰা অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্তঃ বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article