৩ মাৰ্চত আমছুৰ সমন্বয় বঁটা প্ৰদান অনুষ্ঠান
Tuesday, March 5, 2019
Comment
৩ মাৰ্চত আমছুৰ সমন্বয় বঁটা প্ৰদান অনুষ্ঠান
ডাঃ ইলিয়াছ আলী আৰু ড৹ দেৱব্ৰত শৰ্মাক প্ৰদান কৰা হ'ব বঁটা
বঙাইগাঁওঃ ১ মাৰ্চঃ
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে সংখ্যালঘু আন্দোলনৰ অন্যতম গুৰি ধৰোতা ক্ৰমে বিশিষ্ট আইনবিদ তথা শিক্ষাৰ বিপ্লৱ সৃষ্টিকাৰী খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মঙলদৈৰ প্ৰয়াত বি এম হামিদুৰ ৰহমান আৰু কলমৰ শক্তিৰে অসমৰ বিভিন্ন জাতি-ধৰ্ম জনসাধাৰণৰ মাজত সমন্বয়ৰ বাৰ্তা প্ৰচাৰ কৰি সংখ্যালঘু আন্দোলনক এক বিশেষ গতি প্ৰদান কৰা বিশিষ্ট লেখক, সাংবাদিক তথা শিক্ষক বৰপেটা হাউলিৰ প্ৰয়াত তাজউদ্দিন আহমেদৰ সোঁৱৰণত বিগত ২০১৭ বৰ্ষৰ পৰা আগবঢ়াই অহা সমন্বয় বঁটা ২০১৮ বৰ্ষৰ বাবেও প্ৰদান কৰিব ৷ উল্লেখ্য যে অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ সামাজিক, শৈক্ষিক উত্তৰণত বিশেষ অৱদান আগবঢ়োৱা আৰু শংকৰ আজানৰ আদৰ্শৰে অনুপ্ৰাণিত বৃহত্তৰ অসমীয়া সমাজত হিন্দু -মুছলমান ভিন্ন জাতি-ধৰ্মৰ মাজত সমন্বয় গঢ়িবলৈ অগ্ৰনী ভূমিকা গ্ৰহণ কৰা দুজনকৈ বিশিষ্ট ব্যক্তিক সংগঠনটোৱে বঁটা প্ৰদানেৰে সন্মানিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে ২০১৮ বৰ্ষৰ বাবে অস্বাভাৱিক জনসংখ্যা বৃদ্ধি প্ৰতিৰোধ কৰা বিশেষকৈ অন্ধ বিশ্বাস তথা ধৰ্মীয় গোৰামীৰ বলি হোৱা অসমৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণ তথা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাত অস্বাভাৱিক সফলতা লাভ কৰা বিশিষ্ট চিকিৎসক তথা সমাজ সংস্কাৰক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী আৰু ভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ বসতিস্থল অসমত জাতি ধৰ্মৰ উৰ্ধত বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ নিৰবিচ্ছিন্ন সাধক, নিৰ্যাতিত আৰু অৱহেলিতৰ বজ্ৰকণ্ঠ, উজনি-নামনি তথা ভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰি অহা বিশিষ্ট শিক্ষাবিদ, লেখক, জাতীয় অভিধানৰ প্ৰণেতা, ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মাক আমছুৱে ২০১৮ বৰ্ষৰ সমন্বয় বঁটা প্ৰদানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশিষ্ট ব্যক্তিদ্বয়ক অহা ৩ মাৰ্চত আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত খাৰুপেটীয়াৰ অসম ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব ৷ দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সকলো জিলা সমিতিৰ প্ৰতিনিধি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট লোক উপস্থিতি থাকিব বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে এক প্ৰেছ বিবৃতিযোগে জনাইছে ৷ বিবৃতিটোত লগতে নেতাদ্বয়ে উল্লেখ কৰা মতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে জন্ম লগ্নৰে পৰা নিপীড়িত , নিৰ্যাতিত তথা অৱহেলিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনগণৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক , ৰাজনৈতিক উত্তৰণৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভ্ৰাতৃত্ববোধ আৰু একতাৰ এনাজৰী শক্তিশালী কৰি সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিখন জিলাৰ জিলা সভাপতি আৰু সাধাৰন সম্পাদকদ্বয়ৰ লগতে কেন্দ্ৰীয় প্ৰতিনিধি সকলক যথা সময়ত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ লগতে বঁটা প্ৰাপক আৰু আয়োজকসকলক অনুপ্ৰাণিত কৰিবলৈকো বিবৃতিটোত অনুৰোধ জনাইছে ৷
0 Response to "৩ মাৰ্চত আমছুৰ সমন্বয় বঁটা প্ৰদান অনুষ্ঠান "
Post a Comment