-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা সমন্বয়ৰক্ষী সমিতিৰ সভা  ৩১ মাৰ্চৰ ভিতৰত সকলো চৰকাৰী - বেচৰকাৰী বিদ্যালয়ক ধঁপাতমুক্ত কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

বঙাইগাঁও জিলা সমন্বয়ৰক্ষী সমিতিৰ সভা ৩১ মাৰ্চৰ ভিতৰত সকলো চৰকাৰী - বেচৰকাৰী বিদ্যালয়ক ধঁপাতমুক্ত কৰাৰ নিৰ্দেশ উপায়ুক্তৰ




বঙাইগাঁও জিলা সমন্বয়ৰক্ষী সমিতিৰ সভা

৩১ মাৰ্চৰ ভিতৰত সকলো চৰকাৰী - বেচৰকাৰী বিদ্যালয়ক ধঁপাতমুক্ত কৰাৰ নিৰ্দেশ উপায়ুক্তৰ 

     

                         বঙাইগাঁওঃ২ মাৰ্চঃ
বঙাইগাঁও জিলাক ধঁপাতমুক্ত কৰাৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰথমখন সভা আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ ক্ষন্তেকীয়া মানসিক তৃপ্তিৰ বাবে সেৱন কৰা ধঁপাত যেনে চিগাৰেট, বিড়ি, খৈনী, ক'লা চাদা, পাতচাদা, জৰ্দা, গুটখা আদিৰ পৰা পৰৱৰ্তী সময়ত কৰ্কট, হৃদৰোগৰ দৰে কিছুমান মাৰাত্মক ব্যাধি  মানুহৰ শৰীৰত হয় ৷ সেয়ে ভাৰত চৰকাৰে ধঁপাত জাতীয় সমগ্ৰী ৰোধ কৰিবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আঁচনি গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আইন ২০০৩ প্ৰণয়ন কৰিছে ৷ উল্লেখ্য যে জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, জিলা নোডেল বিষয়া ড৹ হৰিদাস সৰকাৰ, ৰাজ্যিক নোডেল বিষয়া ডাঃ অৰুন্ধতী ডেকা, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, জিলা প্ৰাথমিক শিক্ষা বিষয়া আমীৰ হুছেইন, বঙাইগাঁও কলেজৰ উপাধ্যক্ষা তৰুলতা ভাগৱতী, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মা, জিলাৰ উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা, যান - বাহন পৰিদৰ্শক  অচিন্ত্য কুমাৰ সেন, বঙাইগাঁও হিন্দী বিদ্যালয়ৰ প্ৰধান শিক্ষক, ছ'চিয়েল ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট চেন্টাৰ তথা প্ৰগতিশীল জনকল্যাণ সমিতিৰ লগতে এভাৰগ্ৰীণ ছ'চিয়েল ডেভেলপমেন্ট সংস্থা নামৰ এন জি অৰ কৰ্মকৰ্তাসকল উপস্থিত থকা সভাত জিলা উপায়ুক্ত আদিল খানে বিভাগীয় কৰ্তৃপক্ষক ধঁপাতৰ বিৰুদ্ধে ৰাইজৰ মাজত যথা সম্ভৱ সজাগতা সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে ৷ তদুপৰি ধঁপাত নিয়ন্ত্ৰণ আইনমতে যি দফা আছে , যেনে ৰাজহুৱা স্থানত ধঁপাত সেৱন নকৰা, ধঁপাতৰ বিজ্ঞাপন প্ৰচাৰ নকৰা, ১৮ বছৰৰ তলৰ ল'ৰা - ছোৱালীক ধঁপাত বিক্ৰী  নকৰা, শিক্ষানুষ্ঠানৰ এশ গজ পৰিসীমাৰ ভিতৰত কোনো ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী  কৰিবলৈ নিদিয়া বা বিধি সন্মত স্বাস্থ্যৰ প্ৰতি ভাবুকি থকা ছবিৰ সৈতে থকা সতৰ্কবাণীৰ অবিহনে ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী নিষেধ কৰা আদি কাৰ্যকৰী কৰাৰ ওপৰত উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ সভাত উপায়ুক্তগৰাকীয়ে লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক অহা ৩১ মাৰ্চৰ ভিতৰত জিলাখনৰ সকলো  চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ যাতে ধঁপাতমুক্ত বিদ্যালয় হিচাপে পৰিগণিত হয় তাৰ বাবে কাৰ্যপন্থা  গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী, শিক্ষক - শিক্ষয়িত্ৰী, কেৰাণী, চকিদাৰকে কৰি সকলোৱে যাতে ধঁপাত সেৱনৰ পৰা মুক্ত থাকে সেই দিশত গুৰুত্বাৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে এই ক্ষেত্ৰত সজাগতা সভা অথবা স্কুলৰ প্ৰাতঃ সভাত সকলো ছাত্ৰ - ছাত্ৰীকে এই সন্দৰ্ভত সজাগ কৰিব লাগিব বুলিও কয়  ৷ আনহাতে ৰাজহুৱা স্থানত ধঁপাত সেৱন কৰিলে বা নিষিদ্ধ এলেকাত ধঁপাত বিক্ৰী কৰিলে আৰক্ষীক ব্যৱস্থা ল'বলৈও উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ জিলা উপায়ুক্তগৰাকীয়ে ৩ মাৰ্চৰ পৰাই এই অভিযান আৰম্ভ কৰিবলৈ জিলা নোডেল বিষয়াক নিৰ্দেশ দিয়ে ৷ লাগিলে পৌৰসভাৰ সভাপতিৰ হতুৱাই চহৰখনত মাইকযোগে ঘোষণা দিয়াৰো পোষকতা কৰে উপায়ুক্তগৰাকীয়ে ৷ ইপিনে সভাত নোডেল বিষয়াই কয় যে এইক্ষেত্ৰত  বঙাইগাঁৱত আৰক্ষীক প্ৰক্ষিক্ষণ দিয়াৰো প্ৰয়োজন আছে ৷ সভাত ৰাজ্যিক নোডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই ধঁপাত সেৱনৰ ভয়াৱহতা, উঠি অহা যুৱক- যুৱতীসকলক ধঁপাত সেৱনৰ পৰা দূৰত ৰখা ,আসক্তসকলক নিচামুক্ত কৰাৰ বিষয়ে সভাত পৰ্যালোচনা দাঙি ধৰে ৷ 

0 Response to "বঙাইগাঁও জিলা সমন্বয়ৰক্ষী সমিতিৰ সভা ৩১ মাৰ্চৰ ভিতৰত সকলো চৰকাৰী - বেচৰকাৰী বিদ্যালয়ক ধঁপাতমুক্ত কৰাৰ নিৰ্দেশ উপায়ুক্তৰ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article