-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিদ্যাপুৰ আঞ্চলিক সমিতি গঠন

কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিদ্যাপুৰ আঞ্চলিক সমিতি গঠন




কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিদ্যাপুৰ আঞ্চলিক সমিতি গঠন 

আক্ৰাছু ত্যাগ কৰি কেবাজনোৰো  সংগ্ৰাম সমিতিত যোগদান 
   

                     বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰী//১৯
কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰাৰ বাবে বঙাইগাঁও জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে এক অভিযান আৰম্ভ কৰিছে ৷ তাৰে অংশ হিচাপে আজি বিদ্যাপুৰৰ চেংমাৰী মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত সমাজকৰ্মী হৰিশ পাঠকৰ সভাপতিত্বত বিদ্যাপুৰ আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতি গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ সভাত জনগোষ্ঠীটোৰ জাতীয় দাবী তথা স্বগোষ্ঠীটোৰ অনুসূচিত জনজাতিকৰণৰ দাবীটো অধিক তীব্ৰতৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সভাত গোকুল নাৰায়ণ দেৱক সভাপতি, হেৰম্ব ৰায়, খগেন সৰকাৰ আৰু মনোজ বৰ্মনক উপ সভাপতি, প্ৰেম সিং পাঠকক সাধাৰণ সম্পাদক, আৰু ভাস্কৰ সৰকাৰ আৰু নৱজিৎ ৰায়ক সহকাৰী সাধাৰণ সম্পাদক হিচাপেলৈ ৩১ জনীয়া পূৰ্ণাংগ বিদ্যাপুৰ আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ সভাত সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় আৰু বঙাইগাঁও জিলা সমিতিৰ সভাপতি নাৰায়ণ দেৱ, সমাজকৰ্মী অনিমেশ বৰুৱা, হীৰালাল ৰায়, অৰুণ ৰায়, কোচ ৰাজবংশী সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি শিৱ নাৰায়ণ দেৱৰ লগতে সংগ্ৰাম সমিতিৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে সভাখনত আক্ৰাছুৰ  বিদ্যাপুৰ আঞ্চলিক সমিতিৰ কেবাগৰাকীও বিষয়ববীয়া আৰু সদস্যই আক্ৰাছু ত্যাগ কৰি সংগ্ৰাম সমিতিত যোগদান কৰে ৷ সংগ্ৰাম সমিতিত যোগদান কৰা হেৰম্ব ৰায়, খগেন সৰকাৰ, গকুল নাৰায়ণ দেৱ, মনোজ কুমাৰ বৰ্মন, নৰেন ৰায়, লাবণ্য সৰকাৰ, প্ৰবীণ বৰ্মন,ধনঞ্জয় সৰকাৰ, লক্ষ্যজ্যোতি সৰকাৰ, আৰু গকুল বৰ্মনে আক্ৰাছুৰ একাংশ নেতৃত্বৰ কৰ্ম- কাণ্ডত সন্তুষ্ট নহোৱাৰ বাবেই আক্ৰাছু ত্যাগ কৰা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰিছে ৷

0 Response to "কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বিদ্যাপুৰ আঞ্চলিক সমিতি গঠন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article