-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণী

পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণী


পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণী 


                                বঙাইগাঁওঃ ১০ মাৰ্চঃ 
বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ আজি সামৰণী পৰে ৷ উল্লেখ্য যে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ দ্বিতীয় দিনা পুৱাৰ ভাগত আকস্মিক বক্তৃতা, আবৃতি আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ একেদৰে অনুষ্ঠিত হয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক - শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যালয়ৰ প্ৰতিষ্ঠালগ্নত জড়িত শুভাকাংক্ষীসকলৰ সম্বৰ্দ্বনা অনুষ্ঠান ৷ আনহাতে আবেলিৰ ভাগত স্মৃতি গ্ৰন্থ উন্মোচন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় মুকলি সভা ৷

 ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সতীন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত হাউলীৰ বি এইচ কলেজৰ অধ্যক্ষ ড৹ ভূষণ চন্দ্ৰ পাঠকে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ধীৰেণ শৰ্মাই নিৰ্দিষ্ট বক্তা আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ দাস ,বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা নলিনী বৈশ্য আৰু বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহই ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে ৷ 

0 Response to "পুৰণি বঙাইগাঁও হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণী "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article