-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
শ্ৰীমন্ত শংকৰদেৱে অসমৰ প্ৰত্যেকটো জাতি- জনগোষ্ঠী,ভাষা - ভাষী তথা ধৰ্মালম্বী  লোকক একত্ৰিত কৰি অসমীয়া জাতি গঢ়াৰ স্বপ্নক পূৰ কৰিছিল  --- দীপাংক কুমাৰ নাথ

শ্ৰীমন্ত শংকৰদেৱে অসমৰ প্ৰত্যেকটো জাতি- জনগোষ্ঠী,ভাষা - ভাষী তথা ধৰ্মালম্বী লোকক একত্ৰিত কৰি অসমীয়া জাতি গঢ়াৰ স্বপ্নক পূৰ কৰিছিল --- দীপাংক কুমাৰ নাথ




বঙাইগাঁৱত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় অভিৱৰ্তন 


শ্ৰীমন্ত শংকৰদেৱে অসমৰ প্ৰত্যেকটো জাতি- জনগোষ্ঠী,ভাষা - ভাষী তথা ধৰ্মালম্বী  লোকক একত্ৰিত কৰি অসমীয়া জাতি গঢ়াৰ স্বপ্নক পূৰ কৰিছিল  --- দীপাংক কুমাৰ নাথ 

সূত্ৰধৰসকলক অসমৰ ইতিহাসে চিনিয়ে নাপায় - বিৰাজ মোহন সূত্ৰধৰ 




                             বঙাইগাঁওঃ ১০ মাৰ্চঃ 


আগৰ যিচাম মানুহে জাতি গঠন প্ৰক্ৰিয়াত বিশেষভাৱে বৰঙণি আগবঢ়াইছিল তাৰ ভিতৰত মূল যিগৰাকী কাণ্ডাৰী তেওঁ আছিল শ্ৰীমন্ত শংকৰদেৱ ৷ শ্ৰীমন্ত শংকৰদেৱে অসমৰ প্ৰত্যেকটো জাতি - জনগোষ্ঠী, ভাষা- ভাষী তথা ধৰ্মালম্বী লোকক একত্ৰিত কৰি অসমীয়া জাতি গঢ়াৰ স্বপ্নক তেওঁ পূৰ কৰিছিল ৷ সমগ্ৰ অসমৰ প্ৰত্যেকটো জাতি - জনগোষ্ঠীক যি কোনো ধৰণে তেওঁ একোটাৰ ডোলেৰে বান্ধিছিল ৷ যিটো কাম পিচত কৰা মানুহৰ অভাৱ হ'ল ৷ বহুতে কৰিছে, কিন্তু প্ৰতিটো জনগোষ্ঠীক একেলগ কৰিবলৈ নিশ্চয় সক্ষম হোৱা নাই ৷ নহ'লে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্বাসমূহে আজি আক্ৰোশ নকৰিলেহেঁতেন বা তেওঁলোকে অসমীয়া মূল সূতিৰ জাতি - জনগোষ্ঠীৰ প্ৰতি আঙুলি নটোৱালেহেঁতেন ৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷ আজি   সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত তথা বঙাইগাঁও জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সহযোগত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত জাতীয় অভিৱৰ্তনত উপস্থিত থাকি আছুৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ বিশিষ্ট অতিথিৰ ভাষণত আছুৰ সভাপতিগৰাকীয়ে কয়  যে সূত্ৰধৰ লোকসকল অসমীয়া জাতিৰ এক অভিন্ন অংগ ৷ আমি আপোনালোকক কেতিয়াও বেলেগ জনগোষ্ঠীৰ লোক বুলি কোৱা নাই ৷ সূত্ৰধৰসকলো অসমীয়া জনগোষ্ঠীৰ, অসমীয়া জনসাধাৰণৰ এটা ঠাল আৰু আন জনগোষ্ঠীৰ নিচিনাই এই সূত্ৰধৰসকলো  অসমীয়া জনগোষ্ঠীৰ এটা অভিন্ন অংগ ৷ 
উল্লেখ্য যে অভিৱৰ্তনত সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ সাধাৰণ সম্পাদক বিৰাজমোহন সূত্ৰধৰে অসমৰ ইতিহাসে সূত্ৰধৰসকলক চিনি নাপায়, বুৰঞ্জীয়েও ঢুকি নাপায় বুলি আগবঢ়োৱা আক্ৰোশমূলক বক্তব্যৰ আঁত ধৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে সূত্ৰধৰসকলক অসমীয়া জাতিৰ অভিন্ন অংগ বুলি কোৱাৰ ক্ষেত্ৰত যিখিনি প্ৰত্নতাত্বিক অধ্যয়ণ, যিখিনি নৃতাত্বিক অধ্যয়ণ সেই অধ্যয়ণ যদি গুৱাহাটী বিশ্ব বিদ্যালয়ে কৰা নাই তেতিয়াহ'লে বিশ্ব বিদ্যালয়খনৰ সেই বিভাগ দুটা বিফল হৈছে ৷ যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই বিভাগটো আছে ,বুৰঞ্জী বিভাগটোও আছে সেয়ে এই দুটা বিভাগে এই কামফেৰা সমাপ্ত কৰাটো উচিত আছিল ৷ কাৰণ গোটেই বিষয়টো আমি মৌখিকভাবে কোৱা কথা নহয় ৷ এইটো এটা গৱেষণাৰ জৰিয়তে স্বীস্কৃতি দিয়া বিষয় বুলি কয় ৷ সেই এইটো গৱেষণাৰ বিষয় বুলি কৈ এই সন্দৰ্ভত তেওঁ নিজাববীয়াকৈ বিশ্ববিদ্যালয়ৰ বিভাগ দুটালৈ চিঠি লিখিব বুলি কয় ৷ তেওঁ আৰু কয় যে অসম আন্দোলনত সূত্ৰধৰসকল জৰিত আছিল ৷ গতিকে জাতীয় আন্দোলনসমূহত আপোনালোকে এটা মাত্ৰা দিছিল ৷ সেয়ে  কোনোবাই আপোনালোকক বেলেগ বুলি কলেই আপোনালোক বেলেগ নহয় বুলি কৈ কয় যে সময় বৰ কন্টকপূৰ্ণ ৷ গতিকে ভৱিষ্যতে একেলগে যুঁজ কৰি আগুৱাই যাব লাগিব ৷ তাৰোপৰি বিভিন্ন ধৰণে আমাৰ মাজত বিভিন্ন অপশক্তিৰ হেঁচা প্ৰয়োগ কৰা হৈছে আৰু সেইবোৰ অপশক্তিক ওফোৰাই আমি যাতে নিজে এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক সমাজ  প্ৰতিষ্ঠা কৰি আগুৱাই যাব পাৰো তাৰ বাবে সকলোকে আহ্বান জনায় ৷  
সভাত আছুৰ সভাপতিগৰাকীয়ে জাতীয় অভিৱৰ্তন উপলক্ষে প্ৰকাশ কৰি উলিওৱা ' সম্প্ৰীতি ' নামৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰে ৷ লগতে সূত্ৰধৰ ছাত্ৰ সন্থাক আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত অন্তৰ্ভূক্ত কৰাৰ বাবে সংগঠনটোৱে জনোৱা  অনুৰোধ তথা আবেদন সন্দৰ্ভত আলোচনা কৰিব বুলিও  কয় ৷ উল্লেখ্য যে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি টুপেন সূত্ৰধৰৰ সভাপতিত্বত আবেলি অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ সাধাৰণ সম্পাদক বিৰাজমোহন সূত্ৰধৰে কয় যে আজি অসমত সূত্ৰধৰসকলে ভয়ে লাজে বিভিন্ন খিলঞ্জীয়া জাতিৰ লগত মিলি থাকিবলগীয়া হৈছে ৷ এই দৰে মিলি থাকিবলগীয়া হোৱাটোকে দুৰ্বলতা বুলি ধৰি লৈছে ৷ যাৰফলত আজি অসমৰ সূত্ৰধৰসকলক অসমৰ ইতিহাসে চিনি নাপায় ৷ আনকি অসমৰ মূল বুৰঞ্জীয়েও ঢুকি নাপায় ৷ এয়া আমাৰ কাৰণে অতি দুৰ্ভাগ্য আৰু লজ্বাৰ কথা ৷ অসমৰ স্বনামধন্য সাহিত্যিক ড৹ নগেন শইকিয়াই ৰচনা কৰা অসমীয়া জাতিৰ ইতিহাসত সূত্ৰধৰসকলৰ কোনো উল্লেখেই নাই ৷ যি সময়ত সূত্ৰধৰসকলে অসমৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক তথা সাংস্কৃতিকভাৱে অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে, সেই সময়ত অসমৰ সাহিত্যিকে, অসমৰ বুদ্ধিজীৱিসকলে সূত্ৰধৰসকলক চিনি নোপোৱাটো এটা দুৰ্ভাগ্যজনক কথা ৷ ইয়াতকৈ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে ৷ সেয়ে আমিও সূত্ৰধৰ হিচাপে পৰিচয় দি ভাল পাও আৰু এয়াই আমাৰ পৰিচয় ৷ সন্মিলনীৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে  অসমৰ ৩৩ খন জিলাৰ প্ৰতিখন জিলাতে কম- বেছি পৰিমাণে সূত্ৰধৰ জাতিৰ লোক বসবাস কৰি আছে ৷
 অবিভক্ত গোৱালপাৰা জিলাই খিলঞ্জীয়া সূত্ৰধৰসকলৰ মূল বসতিস্থল বুলি কলে ভুল কোৱা নহ'ব ৷ এই গোৱালপাৰা জিলাৰ পৰাই আজি গোটেই অসমতে সূত্ৰধৰসকল বিস্তাৰিত হৈছে ৷ আমাৰ সংগঠনৰ  জৰিপত গোটেই অসমত বৰ্তমান আঢ়ৈ লাখতকৈও বেছি সূত্ৰধৰ লোকে বসবাস কৰি আছে যদিও চৰকাৰী তথ্যত কেৱল এক লাখতকৈ কিছু লোকহে আছে বুলি উল্লেখ কৰা হৈছে ৷ যিটো সত্য নহয় ৷ অৱশ্যে বংগভাষী সূত্ৰধৰ লোকো আছে যদিও আমি সেইখিনি লোকক বাদ দিছো ৷ আমি বংগভাষী সূত্ৰধৰ নহও ৷ আমি অসমৰ খিলঞ্জীয়া সূত্ৰধৰ ৷ অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া সাজপাৰ ব্যৱহাৰ কৰা খিলঞ্জীয়া সূত্ৰধৰ ৷ আজি এই সূত্ৰধৰসকল জাগৰত হৈছে আৰু নিজা ৰক্ষা কৱচ সৃষ্টি কৰাৰ বাবে সূত্ৰধৰ জাতিৰ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সহযোগিতা সংগঠনসমূহ একত্ৰিত হৈছে ৷ সেয়ে আগন্তুক দিনত সূত্ৰধৰসকল জাগৰত হৈ অসম মাতৃ ভূমিক সেৱা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় ৷ আনহাতে অসমত সূত্ৰধৰসকলক আজি ৰাজনৈতিকভাবে হত্যা কৰা হৈছে বুলি অভিযোগ কৰি সূত্ৰধৰ সন্মিলনীৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে অসমত অনুসূচিত জাতিৰ জনসংখ্যাৰ ক্ষেত্ৰত তৃতীয় স্থানত সূত্ৰধৰসকল বসবাস কৰি আছে ৷ জনসংখ্যাৰ ফালৰ পৰা যদিও সূত্ৰধৰসকল তিনি নম্বৰত আছে তথাপি বিগত চৰকাৰৰ দিনত যেতিয়া অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠন কৰা হৈছিল  তেতিয়া মন্ত্ৰী ৰাজীৱ লোচন পেগুক উন্নয়ন পৰিষদত তিনিজন সূত্ৰধৰ লোকৰ সদস্য অন্তৰ্ভুক্ত কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰা হৈছিল যদিও পিচত প্ৰতিশ্ৰুতি দিয়ো এজনো সদস্য নাৰাখিলে ৷ সেইদৰে বৰ্তমানৰ জনপ্ৰিয় চৰকাৰ বুলি ফিটাহি মৰা সৰ্বানন্দ সোণোৱাল চৰকাৰক আমি সূত্ৰধৰ জাতিৰ বিভিন্ন দুৰ্দশা , অভাৱ -অভিযোগ সন্দৰ্ভত তেৱঁৰ সৈতে আলোচনা কৰাৰ বাবে তিনিবাৰ আবেদন জনাইছো যদিও আজিলৈকে তেওঁ তথা চৰকাৰে কোনো গুৰুত্বই নিদিলে ৷ সেয়ে অনুসূচিত জাতি উন্নয়ন পৰিষদ নহয় বৰং সূত্ৰধৰ জাতি উন্নয়ন পৰিষদ গঠন হ'ব লাগে বুলিও দাবী জনায় ৷ 
আনহাতে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ সূত্ৰ বেলেগ বেলেগ বুলি মন্তব্য কৰি কয় যে অৰ্থনৈতিক বিকাশ হ'ব পাৰে ,কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে ৷ অসমৰ প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিক যদি চৰকাৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰে, শৈক্ষিকভাবে যদি আগবঢ়াই লৈ যায়, সাংস্কৃতিকভাবে যদি আগবঢ়াই লৈ যায়, তেতিয়াহে আমি অৰ্থনৈতিকভাবে স্বাৱলম্বী আৰু অৰ্থনৈতিকভাবে উন্নয়ন অসম এখন পাব পাৰো ৷ আনহাতে  সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুখোধন সূত্ৰধৰে আদৰণী ভাষণত বৰ্ণ বৈষম্যবাদৰ  প্ভাৱক ওফোৰাই আজিৰ বিশ্বায়ণৰ যুগত ইতিহাস তথা বৰ্তমান সময়ছোৱাত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে জাতিটোক আগুৱাই নিয়াৰ এক অংশ হিচাপে এই জাতীয় অভিৱৰ্তন অনু্ষ্ঠিত কৰা বুলি উল্লেখ কৰা  মুকলি সভাত বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক ইতেশ বৰদলৈয়ে নিজৰ ভাষণত কয় যে আমাক উন্নতি লাগে আৰু জাতিটো জীয়াই থাকিব লাগে ৷ জাতিটো জীয়াই থাকিব লাগিলে অৰ্থনৈতিক সহযোগিতা লাগিব ৷ চৰকাৰৰ পৰাও আপোনালোকে অৰ্থনৈতিক সহযোগিতাহে  বিচাৰিব লাগে ,বেলেগ বিচাৰিব নালাগে ৷ কাৰণ সংস্কৃতিক দিশ, ভাষাৰ উন্নতি, সামাজিক, শৈক্ষিক, অৰ্থৈতিক দিশটো উন্নতি কৰিবলৈ হ'লে অসম চৰকাৰে বাজেটত যদি আপোনালোকৰ বাবে কিছু অৰ্থনৈতিক পেকেজৰ ব্যৱস্থা নকৰিলে আগবাঢ়ি যাব নোৱাৰিব ৷ জাতিটোৰ লোকসকল শৈক্ষিক দিশত আগবাঢ়ি যাব লাগিব ৷ তেতিয়াহে জাতিটোৰ উন্নয়ন হ'ব বুলিও কয় ৷ 

সভাত সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ চুমী কলিতা, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্ৰ বৰ্মণ আদিয়েও ভাষণ দিয়ে ৷ আনহাতে সভাত সূত্ৰধৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি মনেন সূত্ৰধৰ, সূত্ৰধৰ মহিলা সন্মিলনীৰ সভানেত্ৰী মনোমতী সূত্ৰধৰ, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পাৰ্থজিৎ ৰায়, বঙাইগাঁও জিলা আছুৰ সভাপতি যিনোদ নাথ, সাধাৰণ সম্পাদক দেবানন্দ ৰায়, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গণেশ চন্দ্ৰ নাথ, কামাখ্যা প্ৰসাদ ৰায়, অমৰেন্দ্ৰ বৰুৱাৰ লগতে সূত্ৰধৰ ছাত্ৰ সন্থা আৰু সূত্ৰধৰ সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ ইপিনে পুৱাৰ ভাগত সূত্ৰধৰ ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ সভাপতি টুপেন সূত্ৰধৰে আৰু স্মৃতি তৰ্পণ কৰে সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি হৰিচৰণ সূত্ৰধৰে ৷ আনহাতে সূত্ৰধৰ সমাজত প্ৰচলিত কলা- কৃষ্টি, সংস্কৃতি প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে চিকিৎসক ইতেশ বৰদলৈয়ে ৷ চিকিৎসকগৰাকীয়ে বাৰে বৰণীয়া শোভাযাত্ৰাও উদ্বোধন কৰে ৷ শোভাযাত্ৰা বৰপাৰাৰ পৰা আৰম্ভ হৈ বঙাইগাঁও চহৰৰ মাজেৰে মায়াপুৰী তিনি আলী হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰে পুনৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত আহি সামৰণী পৰে ৷ শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰে ৷ শোভাযাত্ৰা আৰু সভাত বিভিন্ন জিলাৰ পৰা অহা জনগোষ্ঠীটোৰ লোকে অংশ লয় ৷ উল্লেখ্য  যে সভাত খিলঞ্জীয়া জাতিৰ উন্নয়নৰ  স্বাৰ্থত উপগ্ৰহীয় পৰিষদ গঠনৰ লগতে সূত্ৰধৰ লোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বিশেষ অৰ্থনৈতিক পূঁজি আৱন্টন দিয়া আদি দাবী উত্থাপিত হয় ৷ মুকলি সভাৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশনেৰে কৰে  ৷

0 Response to "শ্ৰীমন্ত শংকৰদেৱে অসমৰ প্ৰত্যেকটো জাতি- জনগোষ্ঠী,ভাষা - ভাষী তথা ধৰ্মালম্বী লোকক একত্ৰিত কৰি অসমীয়া জাতি গঢ়াৰ স্বপ্নক পূৰ কৰিছিল --- দীপাংক কুমাৰ নাথ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article