-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী     সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে নৰ্থ বইটামাৰীবাসীক

বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে নৰ্থ বইটামাৰীবাসীক




বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী

 সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে নৰ্থ বইটামাৰীবাসীক


বঙাইগাঁওঃ ৯ মাৰ্চঃ  
বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তীৰ দ্বিতীয় দিনা আজি নাথ- যোগীসকলৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি সামৰি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলবাসীক মুহিত কৰি তোলে । সহস্ৰাধিক লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পুৰোহিত যোগেশ নাথৰ দ্বাৰা ৰুদ্ৰ মহাযজ্ঞৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ  শুভাৰম্ভ কৰা হয় । তাৰ পিচতে ৰামচৰণ নাথে গীতা পাঠ কৰে । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী বিষয়া  নিৰ্মল নাথে ৷ 

আনহাতে আবেলি "সাম্প্ৰতিক সময়ত নাথ-যোগীসকলৰ ভূমিকা" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৰসিগাঁওস্থিত উত্তৰ পূৰ্বাঞ্চল শিৱ গোৰক্ষ নাথ মঠৰ মঠাধ্যক্ষ স্বামী শ্ৰী কৈৱল্যনাথ মহাৰাজজীৰ সঞ্চালনত অনুষ্ঠিত আলোচনাচক্ৰত শিক্ষাবিদ হিৰণ্য কুমাৰ নাথ আৰু সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ সম্পাদক অৰবিন্দ নাথে আলোচক হিচাপে উপস্থিত থাকি নাথ যোগী সকলৰ সমস্যাৰ ওপৰত বক্তব্য প্রদান কৰে। অন্যান্য কাৰ্যসূচী সমূহৰ ভিতৰত আছিল আবেলি প্ৰতিনিধি শিবিৰ মুকলি, বইটামাৰী আঞ্চলিক যোগী সমিতিৰ প্ৰতিনিধিমূলক সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷

0 Response to "বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে নৰ্থ বইটামাৰীবাসীক"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article