-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী জোৱানৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী জোৱানৰ চিকিৎসাধীন অৱস্থাত মৃত্যু




দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী জোৱানৰ চিকিৎসাধীন অৱস্থাত মৃত্যু


                               বঙাইগাঁওঃ ১২ মাৰ্চঃ
চিৰাং জিলা আৰক্ষীৰ  কাজলগাঁৱত কৰ্মৰত মেছেঞ্জাৰ (ডাকোৱাল) বিপুল ৰায়(৪৩)ৰ আজি আবেলি ৪-১০ বজাত বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু ঘটে ৷ উল্লেখ্য যে চিৰাং জিলা আৰক্ষীৰ সদৰ কাজলগাঁৱত কৰ্মৰত বিপুল ৰায়ে দেওবাৰে নিশা দহ মান বজাত বাইক এখনেৰে  কাজলগাঁৱৰ পৰা বিজনী চহৰত মহকুমাৰ ডাক লৈ গৈ থকা সময়ত ছাপাগুৰিৰ চেন্ট আগষ্টাইন চিকিৎসালয়ৰ সন্মুখত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত অচিনাক্ত গাড়ীয়ে পাছফালৰ পৰা খুন্দিয়াই পলায়ন কৰে ৷ ফলত আৰক্ষী জোৱান বিপুল ৰায়ৰ ভৰি ভঙাৰ লগতে বুকুত আঘাত প্ৰাপ্ত হয় ৷ ঘটনাৰ পাছত আহত আৰক্ষী জোৱান জনক বঙাইগাঁৱৰ ল'ৱাৰ আসাম হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় যদিও আজি চিকিৎসাধীন অৱস্থাতে বিপুল ৰায়ৰ মৃত্যু ঘটে ৷ বিগত  ১৯৯৬ চনত আৰক্ষী বিভাগত যোগদান কৰা বিপুল ৰায়ে সিদিনা কাজলগাঁৱৰ পৰা বিজনীত ডাক বিলাই মাণিকপুৰ আওলাগুৰিৰ ঘৰলৈ যোৱাৰ কথা আছিল ৷ মৃত্যুৰ সময়ত আৰক্ষী জোৱান বিপুল ৰায়ে পত্নী, দুগৰাকী কন্যা- পুত্ৰ সন্তান সহ আত্মীয় স্বজন, বন্ধু- বান্ধৱক ইহ সংসাৰত এৰি যায় ৷ শান্ত, অমায়িক স্বভাৱৰ বিপুল ৰায়ৰ মৃত্যুত কাজলগাঁৱত আৰক্ষী মহলত শোকৰ ছাঁ পৰাৰ লগতে আওলাগুৰি গাঁৱতো শোকৰ ছাঁ পৰিছে ৷

0 Response to "দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী জোৱানৰ চিকিৎসাধীন অৱস্থাত মৃত্যু"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article