-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ  সম্ভাব্য বানপানীৰ মোকাবিলাৰ প্ৰস্তুতি সভা

বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সম্ভাব্য বানপানীৰ মোকাবিলাৰ প্ৰস্তুতি সভা



বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ
সম্ভাব্য বানপানীৰ মোকাবিলাৰ প্ৰস্তুতি সভা


       
                             বঙাইগাঁওঃ ১০ মাৰ্চঃ
ম্ভাব্য বানপানীৰ মোকাবিলা কৰাৰ প্ৰস্তুতি হিচাপে বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি জিলা উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত সংশ্লিষ্ট বিভাগৰ সৈতে এখন সভা অনুষ্ঠিত কৰে। উল্লেখ্য যে বানপানীৰ সময়ত মানুহ,জীৱ-জন্তু, স্কুল, কৃষি,আন্তঃগাঠনি আদি ক্ষতিগ্ৰস্ত হয়  ৷ সেয়ে  বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহায়-সাহায্য আগবঢোৱাটো প্ৰশাসনৰ কৰ্তব্য। তাৰ বাবে কেৱল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বাহিৰেও আন সকলো লোকৰে দায়িত্ব আছে। সভাত এই সম্পৰ্কে বিশদভাবে আলোচনা কৰা হয়। উপায়ুক্ত খানে জলসম্পদ বিভাগক আই -মানাহ নদীৰ মথাউৰিৰ স্পৰ্শকাতৰ এলেকাত ল'বলগীয়া ব্যৱস্থাসমূহ অতি সোনকালে ল'বলৈ নিৰ্দেশ দিয়ে। আনহাতে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক পূৰ্বৰ বানপানী হোৱা সময়ত আশ্ৰয় শিবিৰ স্থাপন কৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ নাম আৰু মোবাইল নম্বৰসমূহ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ৰাজহ চক্ৰ বিষয়াসকলকো এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ কয়।বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ নাও আদি যোগাৰ কৰি ৰাখিবলৈ চক্ৰ বিষয়াসকলক কোৱা হয়। আশ্ৰয় শিবিৰত থকা লোকসকলৰ ৰিলিফৰ বাবে খাদ্য সামগ্ৰী মজুত ৰাখিবলৈ যোগান বিভাগক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ সভাত ভাৰতীয় খাদ্য নিগমৰ তৰফৰ পৰা জনোৱা হয় যে ৰিলিফৰ বাবে পৰ্যাপ্ত পৰিমাণে  চাউল মজুত আছে। 
ইয়াৰ উপৰিও পৰ্যাপ্ত পৰিমানে পেট্ৰোল মজুত ৰাখিবলৈও যোগান  বিভাগক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।তদুপৰি পশুখাদ্যও মজুত ৰাখিবলৈ তেওঁ কয়। সেইদৰে  বিদ্যুতৰ বিজুতিৰ বাবে যাতে কোনেও অবাঞ্চিত মৃত্যুৰ বলী  হ'ব নালাগে তাৰ বাবে মাৰ্চ মাহৰ ভিতৰতে সম্পূৰ্ণ লাইনটো পৰীক্ষা কৰিবলৈ এপিডিচিএল আৰু এইজিচিএলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। জনস্বাস্থ্য কৰিকৰী বিভাগক আশ্ৰয় শিবিৰত বিশুদ্ধ খোৱা পানী আৰু অনাময় ব্যৱস্থা কৰিবলৈ কোৱা হয়।কোনো ৰাস্তা পথ আদি যদি ঠিক-ঠাক কৰিবলগীয়া আছে সেইবিলাক এতিয়াই ব্যৱস্থা কৰিবলৈও কোৱা হয়। আনহাতে আশ্ৰয় শিবিৰ পাতিব লগা হ'লে তাত থকা শিশুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ জিলা সমাজ কল্যাণ বিষয়াক কোৱা হয়। নদীৰে নাওৰে যাতায়ত কৰা লোকৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহন  বিভাগক কোৱা হয়।বানপানীৰ আগত পশুবিলাকক ভেকচিন দিয়াৰ বাবে পশুপালন বিভাগক কোৱা হয়। কৃষি বিভাগৰ বিষয়াক কোৱা হয় তেওঁ যাতে লাট মণ্ডলৰ লগত গৈ বানাক্ৰান্ত হ'ব পৰা খেতি পথাৰ চাই লয়। স্বাস্থ্য বিভাগক প্ৰয়োজনীয় পৰিমাণে ঔষধ মজুত ৰাখি লৈও কোৱা হয়। সভাত উপায়ুক্ত আদিল খানে কয় যে বঙাইগাঁও চহৰ আৰু অভয়াপুৰী চহৰক বানৰ পৰা মুক্ত ৰাখিবলৈ ব্যৱস্থা গ্ৰহন কৰা হ'ব। বানপানীৰ সময়ত আৰক্ষীৰো কৰণীয় আছে বুলি কয় । আনহাতে অহা ১৫ এপ্ৰিলৰ পৰা নিয়ন্ত্ৰন কক্ষ মুকলি কৰা হ'ব বুলি উপায়ুক্তগৰাকীয়ে কয়। সভাত উপায়ুক্তগৰাকীয়ে সকলো বিভাগৰ বিষয়কে বানপানীৰ আগত,বানপানী হৈ থকা সময়ত আৰু বানপানী হৈ যোৱাৰ পিছত নিজৰ নিজৰ বিভাগৰ যি যি দায়িত্ব আছে সেইবোৰ নিষ্ঠাৰে পালন কৰিবলৈ আহবান জনায়। অন্যথা আইনগত ব্যৱস্থা ল'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ সভাত জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকল, চক্ৰ বিষয়াসকল,উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি তথা জিলাখনত থকা বিভিন্ন বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে।

0 Response to "বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সম্ভাব্য বানপানীৰ মোকাবিলাৰ প্ৰস্তুতি সভা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article