-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
মাৰ্চৰ পৰা বঙাইগাঁৱৰ শ্ৰীশ্ৰী ৰঘূনাথ প্ৰভুৰ মন্দিৰত আঠ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ

মাৰ্চৰ পৰা বঙাইগাঁৱৰ শ্ৰীশ্ৰী ৰঘূনাথ প্ৰভুৰ মন্দিৰত আঠ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ




মাৰ্চৰ পৰা বঙাইগাঁৱৰ শ্ৰীশ্ৰী ৰঘূনাথ প্ৰভুৰ মন্দিৰত আঠ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ




                               বঙাইগাঁওঃ১৯ মাৰ্চঃ
বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী ৰঘূনাথ প্ৰভুৰ মন্দিৰত কাইলৈৰ ( ২০ মাৰ্চ) পৰা ২৭ মাৰ্চলৈকে আঠ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ দৌল উৎসৱ উদযাপিত হ'ব ৷ উল্লেখ্য যে ৰঘূনাথ মন্দিৰত প্ৰতি বছৰে ৰাজ দৌল আৰু পঞ্চমী দৌল অনুষ্ঠিত হৈ আহিছে ৷ কাৰ্যসূচী অনুসৰি ২০ মাৰ্চৰ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিচত ৰাজ দৌল উৎসৱৰ অধিৱাসেৰে দৌল উৎসৱৰ আৰম্ভনী হ'ব ৷ আনহাতে ২১ মাৰ্চৰ পুৱাৰ ভাগত ধৰ্মীয় শোভাযাত্ৰা, পূজাৰ বেদীত গোঁসাই আৰোহণ, পূজা- অৰ্চনা, ভাগৱত পাঠ, নাম- কীৰ্তন আৰু সন্ধিয়া নাম- কীৰ্তন তথা নিশা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কালিয়দমন' অংকীয়া ভাওনা প্ৰদৰ্শিত হ'ব ৷ অংকীংয়া ভাওনা পৰিৱেশন কৰিব মঙলদৈৰ সংস্কৃতি সাধনা কলা কেন্দ্ৰই ৷ সেইদৰে ২২ মাৰ্চৰ পুৱাৰ ভাগত পূজা- অৰ্চনা, ভাগৱত পাঠ, যোগীপাৰা নামতী দলৰ নাম আৰু সন্ধিয়া ডবা নাম আৰু ভাওনা প্ৰদৰ্শিত হ'ব ৷ 
২৩ মাৰ্চৰ পুৱাৰ ভাগত পূজা - অৰ্চনা, ভাগৱত পাঠ, নাম- কীৰ্তন আৰু আবেলি দেৱী ভাগৱতীৰ আদৰণী আৰু ৰাজ দৌলৰ সুৱেৰী, সন্ধিয়া নাম- কীৰ্তন আৰু নিশা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ ইপিনে ২৪ মাৰ্চৰ পুৱাৰ ভাগত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সন্ধিয়া ৰাজ দৌল উৎসৱৰ অধিবাস হ'ব ৷ ২৫ মাৰ্চৰ পুৱাৰ ভাগত পূজা- অৰ্চনা, ভাগৱত পাঠ, নাম- কীৰ্তন, সন্ধিয়া ডবা নাম আৰু নিশা মাণিকপুৰৰ সমন্বয় মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন, ২৬ মাৰ্চৰ পুৱাৰ ভাগত পূজা- অৰ্চনা, ভাগৱত পাঠ ,নাম- কীৰ্তন আৰু সন্ধিয়া খাৰাতাল , ২৭ মাৰ্চৰ পুৱাৰ ভাগত পূজা- অৰ্চনা, ভাগৱত পাঠ, নাম- কীৰ্তন আৰু আবেলি দেৱী ভাগৱতীৰ আদৰণী আৰু পঞ্চমী দেউলৰ সুৱেৰী আৰু নাম- কীৰ্তন পৰিৱেশিত হ'ব ৷ ইতিমধ্যে দৌল উৎসৱৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে উদযাপন সমিতিয়ে ৷ 

0 Response to "মাৰ্চৰ পৰা বঙাইগাঁৱৰ শ্ৰীশ্ৰী ৰঘূনাথ প্ৰভুৰ মন্দিৰত আঠ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article