-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US



চিৰাং জিলাৰ বিজনীত ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন

      

                              বঙাইগাঁওঃ ১৫ মাৰ্চঃ
আজি চিৰাং জিলাৰ বিজনীত ছেবাৰ অধ্যক্ষ আৰ চি জৈনে বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰে। ছেবাৰ অধ্যক্ষগৰাকীয়ে বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  স্থাপন কৰা  ৪ নং বহী মূল্যায়ন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ বিগত ২৭ ফেব্ৰুৱাৰীৰ পৰা বহী মূল্যায়ন চলি থকা কেন্দ্ৰটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে,  এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ এতিয়াই  সঠিককৈ ক'ব নোৱাৰি যদিও বহী মূল্যায়ন ১০ এপ্ৰিলত সমাপ্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে।
             
লগতে অসমত ১৫ হেজাৰ শিক্ষক- শিক্ষয়িত্ৰী বহী মূল্যায়নৰ কামত নিয়োজিত হৈ আছে বুলি জনায়। বিগত দুই বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি দূৰ হোৱা বুলি ব্যক্ত কৰি ছাত্ৰ-ছাত্ৰীক সুৰক্ষা দিয়াৰ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে।

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article