-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইংৰাজী মাধ্যম) বাৰ্ষিক অধিৱেশন সম্পন্ন

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইংৰাজী মাধ্যম) বাৰ্ষিক অধিৱেশন সম্পন্ন



বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইংৰাজী মাধ্যম) বাৰ্ষিক অধিৱেশন সম্পন্ন 




বঙাইগাঁওঃ ৯ মাৰ্চঃ 
বঙাইগাঁও চহৰৰ দোলাইগাঁৱস্থিত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইংৰাজী মাধ্যম)ৰ বাৰ্ষিক অধিৱেশনখন আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয় চৌহদত অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দুপৰীয়া আয়োজিত হয়-মুকলি সভা আৰু বঁটা বিতৰণী সভা। বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মান্নানৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্রদান কৰে। একেখন সভাত জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'আইকন' খনো( ICON) উন্মোচন কৰে। 
উল্লেখ্য যে বিদ্যালয়খনৰ ট্ৰাষ্টী, মেম্বাৰ, ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থকা  সভাত গুৱাহাটী আই আই টিৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডঃ চন্দন মহন্তই ছাত্র-ছাত্ৰী সকলক উদগনিমূলক বক্তব্য প্রদান কৰি শিক্ষা ক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায়। চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনী মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ কৌস্তৱ কলিতাই সভাত সাৰুৱা বক্তব্য প্ৰদানেৰে ছাত্র-ছাত্ৰী সকলক উৎসাহিত কৰে। ইপিনে সভাৰ আৰম্ভণিতে বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মান্নানে আদৰণী ভাষন প্ৰদান কৰাৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়িত হয়।
 স্মৰ্তব্য যে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ মাজতেই শিক্ষানুষ্ঠানখনৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা বিহু গীত-নৃত্য, শাস্ত্ৰীয় নৃত্য, নেপালী নৃত্য, বড়ো নৃত্য, পাঞ্জাবী নৃত্য, জিকিৰ আৰু জাৰী, সমবেত সংগীত  আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ অন্তত খেল-ধেমালী তথা অন্যান্য বিষয়ত পাৰদৰ্শিতা আগবঢ়োৱা ছাত্র-ছাত্ৰী সকলক উদগনিমূলক বঁটা বিতৰণ কৰি তেওঁলোকক উৎসাহিত কৰে।

0 Response to "বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইংৰাজী মাধ্যম) বাৰ্ষিক অধিৱেশন সম্পন্ন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article