বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তীৰ সামৰণী
Wednesday, March 13, 2019
Comment
বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তীৰ সামৰণী
বঙাইগাঁওঃ ১০ মাৰ্চঃ
বঙাইগাঁও জিলাৰ নৰ্থ বঙাইটামাৰীস্থিত ডেকলিমাৰী জগন্নাথ মন্দিৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী উৎসৱৰ আজি সামৰণী পৰে । আজি সামৰণীৰ দিনা বিয়লি অনুষ্ঠিত হয় মুকলি সভা । সভাখন উদ্ধোধন কৰে উত্তৰ পূৰ্বাঞ্চল শিৱ গোৰক্ষ নাথ মঠৰ মঠাধ্যক্ষ কৈৱল্য নাথ মহাৰাজে । উদযাপন সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ কৰে আছাম টকছৰ মানৱ সম্পদ বিষয়া অভিজিৎ কলিতাই ৷
সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে মুখ্য অতিথি , সাহিত্যিক দ্বীজেন নাথ , জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি কেবাগৰাকীও বিশিষ্ট লোকে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে । ইপিনে পুৱা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷


0 Response to "বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তীৰ সামৰণী"
Post a Comment