-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত অনুষ্ঠিত উত্তৰ পূব হৰিদেৱ সংঘৰ অধিৱেশনৰ সামৰণী

বঙাইগাঁৱত অনুষ্ঠিত উত্তৰ পূব হৰিদেৱ সংঘৰ অধিৱেশনৰ সামৰণী



বঙাইগাঁৱত অনুষ্ঠিত উত্তৰ পূব হৰিদেৱ সংঘৰ অধিৱেশনৰ সামৰণী 

নতুন সমিতি গঠন 



                          বঙাইগাঁওঃ ১০ মাৰ্চঃ 


'আজি মানুহৰ মন বস্তুবাদী হৈ পৰিছে ৷ যাৰ বাবে সমাজখনক সামাজিক অস্থিৰতাই গ্ৰাস কৰিছে ৷ এই ক্ষেত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ আদৰ্শ সৰোগত কৰি আগবাঢ়ি গলেহে এই সামাজিক অস্থিৰতাসমূহ নোহোৱা হ'ব ৷' এই ভাষ্য দেৰগাঁৱৰ ন গোঁসাই সত্ৰৰ সত্ৰাধিকাৰ ৰোহিনী বল্লভ দেৱ গোস্বামীৰ ৷ আজি  উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক অধিবেশনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি সত্ৰাধিকাৰ গৰাকীয়ে এইদৰে কয় ৷ 
উল্লেখ্য যে বঙাইগাঁৱৰ দোলাইগাঁওস্থিত উত্তৰ বঙাইগাঁও হাইস্কুল খেল পথাৰৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ ক্ষেত্ৰত আঠ মাৰ্চৰ পৰা  তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ দেওবাৰে অন্তিম দিনা আবেলি সংঘৰ কাৰ্যকৰী সভাপতি কুলৰঞ্জন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সত্ৰাধিকাৰগৰাকীৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ ৰাখে ৷ সভাত সমাজসেৱিকা মৃণালিনী দেৱীয়ে কয় যে মহাপুৰুষ হৰিদেৱে  তাহানিতে পুৰুষৰ সমানে মহিলাকো সম অধিকাৰ দিছিল ৷ আনহাতে দিছপুৰ মহাবিদ্যালয়ৰ  অধ্যাপিকা ড৹ সুমিত্ৰা গোস্বামীয়ে মহাপুৰুষজনাৰ দৰ্শন সন্দৰ্ভত তত্বগধুৰ ভাষণ প্ৰদান কৰে ৷ মুকলি সভাত হৰিপুৰ আৰু পিৰলা সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন গোস্বামীয়েও ভাষণ দিয়াৰ লগতে গোবিন্দ বল্লভ গোস্বামী , সাহিত্যিক পেঞ্চনাৰ   ড৹ সত্যেন্দ্ৰনাথ গোস্বামী , কান্তেশ্বৰ কলিতা , অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি বৰদা কান্ত ভাগৱতী প্ৰমূখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ 
মুকলি সভাত অধিৱেশন উপলক্ষে প্ৰকাশ কৰা 'হৰিদেৱ জ্যোতি ' শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে বৰদৈল কান্ত ভাগৱতীয়ে ৷ সভাত শৈলেন তালুকদাৰৰ  শ্ৰীশ্ৰী হৰিদেৱ কথা গুৰু চৰিত, কুলৰঞ্জন ভূঞাৰ ' ভাগৱত তত্ব কথা আদিকে ধৰি কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ৷ সন্ধিয়ালৈ সমুহীয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷ ইপিনে অন্তিম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় পুৱাৰ প্ৰসংগ আৰু গুৰু বন্দনাৰে ৷ ইয়াৰ পিছত ভাগৱত পাঠ কৰে প্ৰভাত চন্দ্ৰ নেওগে ৷ অন্তিম দিনাৰ অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল অধিবেশনস্থলীৰপৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক সুবোধ চৌধুৰীয়ে  ৷ সাংস্কৃতিক শোভাযাত্ৰাত খোল বাদন, নামৰ দল, বিহু নৃত্য, বড়ো নৃত্য, ঝুমুৰ ,কোচ ৰাজবংশী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰে ৷ অধিৱেশনস্থলীৰ পৰা উলিওৱা শোভাযাত্ৰা বি অ চি গেট তথা চহৰৰ মাজেৰে পাগলাস্থানহৈ নতুন পাৰাৰে পুনৰ অধিৱেশনস্থলীত উপস্থিত হয় ৷ 
উল্লেখ্য যে এই অধিৱেশনতেই আগন্তুক ২০১৯-২১ দ্বি-বৰ্ষৰ বাবে কান্তেশ্বৰ কলিতাক সভাপতি , ৰমেশ তালুকদাৰক সম্পাদক আৰু বিমল আগৰৱালাক কোষাধ্যক্ষ হিচাপে লৈ ৪৫ জনীয়া কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ৷ অধিবেশনৰ অন্তত উত্তৰ পূব হৰিদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে অধিৱেশনখন সফলভাৱে সামৰণী পৰাত সমুহ বঙাইগাঁওবাসী ৰাইজক ধন্যবাদ জনায় ৷ লগতে দোলাইগাওঁ হৰিদেৱ সত্ৰৰ মুল স্থায়ী তোৰণখন পিতৃ প্ৰভাত চন্দ্ৰ শৰ্মা আৰু মাতৃ ধৰ্মেশ্বৰী শৰ্মাৰ সোঁৱৰণত তেওঁলোকৰ পৰিয়ালবৰ্গই প্ৰদান কৰা বাবে চাৰি পুত্ৰ মুকুন্দ নাৰায়ণ শৰ্মা , শৰত চন্দ্ৰ শৰ্মা , জয়ন্ত কুমাৰ শৰ্মা আৰু বিজয় কুমাৰ শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে ৷

0 Response to "বঙাইগাঁৱত অনুষ্ঠিত উত্তৰ পূব হৰিদেৱ সংঘৰ অধিৱেশনৰ সামৰণী "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article