-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজৰ প্ৰতিবাদ      স্বচ্ছ ভাৰত অভিযানক পৌৰসভাৰ ভেঙুচালি

বঙাইগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজৰ প্ৰতিবাদ স্বচ্ছ ভাৰত অভিযানক পৌৰসভাৰ ভেঙুচালি



বঙাইগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজৰ প্ৰতিবাদ  

স্বচ্ছ ভাৰত অভিযানক পৌৰসভাৰ ভেঙুচালি





                           বঙাইগাঁওঃ ১৭ মাৰ্চঃ
বঙাইগাঁৱত ধোৱা চাঙত উঠিছে স্বচ্ছ ভাৰত অভিযান । লোকসভা নিৰ্ব্বাচনৰ আগমুহুৰ্তত স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি কৰা বঙাইগাঁও পৌৰ সভাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে ১০ নম্বৰ আৰু ১২ নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকল । বঙাইগাঁও পৌৰ সভাৰ ১০ নম্বৰ আৰু ১২ নম্বৰ ৱাৰ্ডত থকা নলাসমূহৰ পৰা গেলা - পচা সামগ্ৰীসমূহ পৰিষ্কাৰ নকৰাৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ বিৰুদ্ধে স্থানীয় বাসিন্দাসকল ওলাই আহি দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৱাৰ্ড দুটাৰ লোকসকলে অভিযোগ কৰে যে এই দুৰ্গন্ধময় পৰিৱেশত থাকিব নোৱাৰি বঙাইগাঁও পৌৰ সভাক বাৰে বাৰে আৱেদন কৰিও সঁহাৰি নাপাই অৱশেষত জিলা উপায়ুক্তকো লিখিত ভাৱে আৱেদন জনাইছিল । কিন্ত তাতো কোনো সুফল নোপোৱাত ক্ষোভিত লোকসকলে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংবাদ মাধ্যমৰ সহায় বিচাৰে । বাসিন্দাসকলে অভিযোগ কৰা মতে উত্তৰ বঙাইগাঁৱৰ বি অ চি গেটৰ বৌ বজাৰৰ মাছ বজাৰৰ পৰা শনি মন্দিৰ হৈ শ্ৰীশ্ৰী ৰাধাগোবিন্দ মন্দিৰলৈ যোৱা সংযোগী পথটো দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাত পথচোৱা পয়ালগা অৱস্থাত পৰিণত হোৱাৰ লগতে পথৰ একাধিক স্থানত বিজুলী বাতিৰ অভাৱে বাসিন্দাসকলৰ বাবে অসুৰক্ষাৰ কাৰণ হৈ পৰিছে ৷ 
তাৰোপৰি নলাসমূহ দীৰ্ঘদিনধৰি ধৰি পৰিস্কাৰ নকৰাত মাছ বজাৰৰ পৰা ওলোৱা লেটেৰা পানী আৰু গেলা পচা সামগ্ৰীয়ে অধিক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে শিশু- বৃদ্ধ আৰু সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা বুলিও অভিযোগ কৰে স্থানীয় লোকসকলে । আনহাতে ৱাৰ্ড মেম্বাৰ প্ৰীতি হৰলালকাৰ বিৰুদ্ধেও স্থানীয় লোকসকলে ক্ষোভ উজাৰে ৷ স্থানীয় লোকৰ অভিযোগ ৱাৰ্ডবাসীৰ সমস্যাসূহ সমাধান কৰা দূৰৰ কথা , বৰং বিজেপি দলৰ ৱাৰ্ড মেম্বাৰগৰাকী হেনো অঞ্চলটোত নাহেই ৷ এনে পৰিপ্ৰেক্ষিতত ৰাইজৰ সমস্যাসমূহ যদি শীঘ্ৰে সমাধা নহয় তেন্তে আনকি নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলিও হুংকাৰ দিয়ে ৷ উল্লেখ্য যে যোৱা ১১ মাৰ্চত ৱাৰ্ড দুটাৰ বাসিন্দাসকলে বিষয়সমূহ উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্তক লিখিত আৱেদন জনাইছিল যদিও কোনো সুফল নিদিয়াত বাসিন্দাসকলে সংবাদ মাধ্যমক সমস্যাসমূহ অৱগত কৰে ৷ লগতে দেওবাৰে বাসিন্দাসকলে প্ৰতিবাদো সাব্যস্ত কৰে ৷

0 Response to "বঙাইগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজৰ প্ৰতিবাদ স্বচ্ছ ভাৰত অভিযানক পৌৰসভাৰ ভেঙুচালি"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article