বঙাইগাঁৱৰ ডেকেলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী অনুষ্ঠানঃ উদুলি-মুদুলি নৰ্থ বইটামাৰী
Monday, March 11, 2019
Comment
বঙাইগাঁৱৰ ডেকেলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী অনুষ্ঠানঃ উদুলি-মুদুলি নৰ্থ বইটামাৰী
বঙাইগাঁওঃ ৮ মাৰ্চঃ
বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী অনুষ্ঠান আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বঙাইগাঁৱৰ নৰ্থ বইটামাৰীৰ ডেকলিমাৰী জগন্নাথ মন্দিৰ প্ৰাংগণত আৰম্ভ হৈছে। যোগী সমিতিৰ এই মহাৰজত জয়ন্তীক কেন্দ্র কৰি অঞ্চলটোত সৃষ্টি হৈছে এক উছৱমুখৰ পৰিৱেশৰ । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ কুলগুৰু কামেশ্বৰ দেৱনাথে বন্তি প্ৰজ্বলন কৰি মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বইটামাৰী আঞ্চলিক যোগী সমিতিৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি হেমন্ত কুমাৰ নাথে। সেইদৰে মহাৰজত জয়ন্তী মহোৎসৱৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰভাত চন্দ্র নাথে আৰু মহাৰজত জয়ন্তী মহোৎসৱৰ একেলগে ৭৫ খন পতাকা বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা উত্তোলন কৰা হয়।
অন্যহাতে পুৱা ১০ বজাত অভয়াপুৰীৰ জ্যেষ্ঠ সাংবাদিক বিনোদ বিহাৰী নাথে ছহিদ তৰ্পন কৰাৰ পিচত বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰাণকৃষ্ণ নাথে আতঁধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়িত হয়। গছ পুলি ৰোপণ কৰে বইটামাৰী আঞ্চলিক যোগী সমিতিৰ প্ৰাক্তন সভাপতি গিৰীন্দ্ৰ নাথে ৷ ইপিনে বইটামাৰী যোগী সমিতিৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি স্কুলীয়া ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন খেল-ধেমালী আৰু সাহিত্য চ'ৰা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অৱসৰপ্ৰাপ্ত শিক্ষক বলেন চন্দ্র নাথে খেল-ধেমালী প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰাৰ সমান্তৰাল ভাৱে উত্তৰ বইটামাৰী হাইস্কুলৰ বিজ্ঞান শিক্ষক দ্বীপেন চন্দ্র নাথে সাহিত্য চ'ৰা প্ৰতিযোগিতাৰ শুভ উদ্বোধন মহাৰজত জয়ন্তী মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ আৰু গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে ক্ৰমে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক উপেন্দ্র কিশোৰ নাথ আৰু বঙাইগাঁও জিলা যোগী সন্মিলনীৰ সম্পাদক লক্ষেশ্বৰ নাথে। সন্ধিয়া ৭ বজাৰ পৰা প্ৰতিযোগিতামূলক সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত গুৰু গোৰক্ষ নাথৰ বন্দনাৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে।


0 Response to "বঙাইগাঁৱৰ ডেকেলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মহাৰজত জয়ন্তী অনুষ্ঠানঃ উদুলি-মুদুলি নৰ্থ বইটামাৰী "
Post a Comment