নৰ্থ বইটামাৰীত কুমাৰ দীপক দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা // বৰপেটা লোকসভা সমষ্টিত ধৰাশায়ী হ'ব কংগ্ৰেছ- এ আই ইউ ডি এফ
Wednesday, April 17, 2019
Comment
নৰ্থ বইটামাৰীত কুমাৰ দীপক দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা
বৰপেটা লোকসভা সমষ্টিত ধৰাশায়ী হ'ব কংগ্ৰেছ- এ আই ইউ ডি এফ
বঙাইগাঁওঃ ১৬ এপ্ৰিলঃ
ৰাজ্যৰ আন প্ৰান্তৰ লগতে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিটো ক্ৰমান্বয়ে নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে । বিভিন্ন ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে বৰপেটা লোকসভা সমষ্টিটোৰ অৰ্ন্তগত প্ৰতিটো বিধানসভা সমষ্টিৰ গাঁৱে-ভূঞে , চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । সোমবাৰে অগপ- বিজেপি- বি পি এফ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে বঙাইগাঁও বিধানসভা সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লগতে সমষ্টিটোৰ নৰ্থ বইটামাৰীৰ ধলাগাঁও জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগনত এক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে ।
সন্ধিয়া ৭-৩০ মান বজাত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি কুমাৰ দীপক দাসে এইবাৰ বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ধৰাশায়ী হ'ব বুলি দাবী কৰে । তেওঁ লগতে কয় যে -অগপ- বিজেপি- বি পি এফ কে ধৰি মিত্ৰ দল সমূহে ঐক্যবদ্ধ হৈ এইবাৰ নিৰ্বাচনত নামিছে । এইবাৰ নিৰ্বাচনৰ পিছত অসমত কংগ্ৰেছ- এ আই ইউ ডি এফ ৰ অস্তিত্ব নোহোৱা হ'ব বুলিও তেওঁ নিজৰ বক্তব্যত কয় । লগতে সকলোৱে মিলি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাৰ সংকল্প লোৱা বুলি ঘোষণা কৰে । আনহাতে তেওঁ জয়ী হ'লে বানপানী - গৰাখহনীয়াকে ধৰি সমষ্টিটোৰ তথা অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ে সংসদত বলিষ্ঠ ভূমিকা গ্ৰহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । এই নিৰ্বাচনী সভাত অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতাকে ধৰি জিলা পৰ্যায়ৰ কেবাজনো নেতা উপস্থিত থাকে ।


0 Response to "নৰ্থ বইটামাৰীত কুমাৰ দীপক দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা // বৰপেটা লোকসভা সমষ্টিত ধৰাশায়ী হ'ব কংগ্ৰেছ- এ আই ইউ ডি এফ"
Post a Comment