-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত সাংবাদিকৰ গৃহত চুৰি

বঙাইগাঁৱত সাংবাদিকৰ গৃহত চুৰি



       
              বঙাইগাঁৱত সাংবাদিকৰ গৃহত চুৰি


                            বঙাইগাঁওঃ ১৬ এপ্ৰিলঃ

বঙাইগাঁও  চহৰৰ ১৭ নম্বৰ ৱাৰ্ড তথা দুই নম্বৰ ৰেল গেটৰ কাষৰ নিবাসী শিৱাণী ভৌমিকৰ বাসগৃহত কালি ( সোমবাৰ)বিয়লিৰ ভাগত চুৰিৰ ঘটনা সংঘটিত হয় ৷ শিৱাণী ভৌমিক কলকাতাত আত্মীয়ৰ ঘৰত থকাৰ বিপৰীতে সাংবাদিক পুত্ৰ- বোৱাৰীয়ে পহিলা ব'হাগ উপলক্ষে নিউ বঙাইগাঁও বিজি কলনিৰ দোকানত পূজা কৰাৰ বাবে যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগত চোৰৰ দলে  চুৰি কাণ্ড সংঘটিত কৰে ৷ জানিব পৰা মতে, শিৱাণী ভৌমিকৰ গৃহত বিয়লি ভাগত চোৰৰ দলে দেৱাল বগাই প্ৰৱেশ কৰাৰ লগতে ঘৰৰ দুৱাৰৰ তলা ভাঙি সোমায় ৷ ঘৰৰ ভিতৰত চোৰৰ দলে পৰিয়ালটোৰ ছকেজ, ষ্টিল আলমিৰা ভঙাৰ লগতে বস্তু বাহানি লণ্ড ভণ্ড কৰে ৷ গধূলি পৰিয়ালটোৰ সদস্য তথা দৈনিক যুগশংখ কাকতৰ বঙাইগাঁৱৰ প্ৰতিনিধি  জ্যোতিৰ্ময় ভৌমিক পৰিয়ালসহ দোকানৰ পৰা অহাৰ পাছতহে চুৰি হোৱা ঘটনা পোহৰলৈ আহে ৷ জানিব পৰা মতে, চোৰৰ দলে ষ্টিল আলমিৰাত থকা নগদ কুৰি হেজাৰ টকা, অনুমানিক চল্লিশ হেজাৰ টকা মূল্যৰ সোণৰ অলংকাৰ লুট কৰি নিয়ে ৷ ঘটনা সন্দৰ্ভত সাংবাদিক জ্যোতিৰ্ময় ভৌমিকে বঙাইগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷

0 Response to "বঙাইগাঁৱত সাংবাদিকৰ গৃহত চুৰি"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article