-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ চিলাৰায় উৰণীয়া সেতুুত পথ দুৰ্ঘটনা  থিতাতে নিহত যুৱক

বঙাইগাঁৱৰ চিলাৰায় উৰণীয়া সেতুুত পথ দুৰ্ঘটনা থিতাতে নিহত যুৱক




বঙাইগাঁৱৰ চিলাৰায় উৰণীয়া সেতুুত পথ দুৰ্ঘটনা

                            থিতাতে নিহত যুৱক 
                       বঙাইগাঁওঃ ১৭ এপ্রিলঃ 

বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুত যোৱা নিশা প্ৰায় ১-৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হয় । পথ দুৰ্ঘটনাত মৃত যুৱকজন চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত খুচুলুপাৰা (চাপৰাকাটা)ৰ সঞ্জীৱ দাসৰ পুত্র ৰাজেশ দাস (১৮) বুলি চিনাক্ত হৈছে। উল্লেখ্য যে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত চলি থকা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি এএছ ১৫-ই/৮১৯৯ নম্বৰৰ পালছাৰ বাইকেৰে তীব্র গতিত ঘৰমুৱা হোৱাৰ পথত চিলাৰায় উৰণীয়া সেতুৰ ৰেলিঙত খুন্দা মাৰি সেতুৰ ওপৰতে বাগৰি পৰে যুৱকজন। ফলত ঘটনাস্থলীতে মৃত্যুক আকোঁৱলি লবলগীয়া হয়-যুৱকজনে। পিছত ঘটনা সন্দৰ্ভত একাংশই বঙাইগাঁও আৰক্ষীক খবৰ দিয়াত পাছত ঘটনাস্থলীত বঙাইগাঁও যান বাহন নিয়ন্ত্রণ শাখাৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আনহাতে আজি  আৰক্ষীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

0 Response to "বঙাইগাঁৱৰ চিলাৰায় উৰণীয়া সেতুুত পথ দুৰ্ঘটনা থিতাতে নিহত যুৱক "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article