-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ গুৰুত্বপূৰ্ণ সভা      ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰা প্ৰাৰ্থিক ভোটদান কৰিবলৈ আহ্বান

বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ গুৰুত্বপূৰ্ণ সভা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰা প্ৰাৰ্থিক ভোটদান কৰিবলৈ আহ্বান



বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ গুৰুত্বপূৰ্ণ সভা  

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰা প্ৰাৰ্থিক ভোটদান কৰিবলৈ আহ্বান
বঙাইগাঁওঃ ২৪ মাৰ্চঃ


সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সংগঠনটোৰ বঙাইগাঁওস্থিত মুখ্য কাৰ্যালয়ত সভাপতি ত্ৰৈলোক্য ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপি, এ জি পি  ,কংগ্ৰেছ আৰু বিপিএফ ৰাজনৈতিক দলকেইটাৰ চৰিত্ৰক তীব্ৰ সমালোচনা কৰে ৷ সভাই বিশেষকৈ কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্যত ১৫ বছৰ ধৰি শাসন কৰা কংগ্ৰেছ দলৰ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰত মনমোহন সিঙৰ ১০ বছৰীয়া শাসন কালত প্ৰতাৰণা কৰাৰ পিচত ২০১৪ চনৰ লোক সভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীয়ে চৰকাৰ গঠন কৰিলে ছয় মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনেও ৫ বছৰ ধৰি চৰম প্ৰতাৰণা কৰিলে বুলি কয় ৷ আনকি চতুৰ বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকৰ ৫ বছৰীয়া শাসনত সংসদৰ অন্তিম অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কৰ বিষয়ে সংসদত কোনো আলোচনাই নকৰিলে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতাৰণাৰ লক্ষ্যৰে একে সময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক দুখন সংসদত আনি ছয় জনগোষ্ঠীক ৰাজনৈতিক পাশাখেলৰ হাতিয়াৰ হিচাপেহে ব্যৱহাৰ কৰিলে ৷ কাৰণ বিজেপিয়ে জানে অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰি আন্দোলনত ব্ৰতী হ'ব আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ নাটক কৰি এ জি পিয়ে অসম চৰকাৰৰ পৰা কেইদিনমানৰ বাবে ওলাই গৈ বাহিৰত থাকিব আৰু ছয় জনগোষ্ঠীৰ ভাগ্য বি পি এফৰ হাতত পৰিব ৷ তেতিয়া বিজেপিয়ে ক'ব তেওঁলোকৰ হাত বন্ধা ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে অসম চৰকাৰ ভংগ হ'ব ৷ গতিকে বিজেপিয়ে জনজাতিকৰণৰ ইচ্ছ্যুৰ পৰা সাৰি থাকিব পাৰিব ৷ তেনে অৱস্থাত এ জি পিয়ে ক'ব তেওঁলোকে চৰকাৰত নথকা বাবে কাম কৰিব নোৱাৰিলে ৷ এইদৰেই  এখন নাটক সুন্দৰকৈ অনুষ্ঠিত কৰি এ জি পিয়ে পুনৰ বিজেপি চৰকাৰত চামিল হৈ নিজৰ পদবীবোৰৰ লগতে মন্ত্ৰীত্ব পদ পুনৰাই ঘুৰাই ললে ৷ এতিয়া  অসমৰ ছয় জনগোষ্ঠীৰ চিৰ শত্ৰু বিজেপিয়ে নিৰ্বাচনী অধিসূচনা চলি থকা সময়ত কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ ভোট আদায়ৰ উদ্দেশ্যে দিল্লীত গৈ অমিত শ্বাহক ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে বুলি মাত মতা বুলি কৈ কুলি চৰাইৰ ভাও জুৰিছে ৷ সেয়ে বিজেপি, কংগ্ৰেছে যেনেদৰে ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে একেদৰে জনজাতিকৰণৰ বিষয়ত এজিপি দলেও যথোপযুক্ত সময়ত চৰকাক হেঁচা প্ৰদানৰ পৰিৱৰ্তে চৰকাৰৰ বাহিৰত থাকি নিশ্চুপ হৈ জনজাতিকৰণ বিষয়টোক শ'লঠেকত পেলালে ৷ তেনেদৰে বিপিএফেও সকলো ফালৰ পৰাই জনজাতিকৰণৰ বিৰোধিতা কৰিলে ৷ সেয়ে এই কথা ছয় জনগোষ্ঠীৰ লোকসকলক  হাড়ে - হিমজুৱে অনুভৱ কৰিবলৈ সভাই আহ্বান জনায় ৷ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যিসকল প্ৰাৰ্থীয়ে আন্তৰিকতাৰে কাম কৰিব, সেইসকল প্ৰাৰ্থীকহে ভোটদান কৰাৰ বাবে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে আহ্বান জনাইছে ৷

0 Response to "বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ গুৰুত্বপূৰ্ণ সভা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰা প্ৰাৰ্থিক ভোটদান কৰিবলৈ আহ্বান"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article