-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বিজেপি এটা মহা প্ৰৱঞ্চকৰ দল- আক্ৰাছু       লোক সভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ লোকক বিবেক তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান

বিজেপি এটা মহা প্ৰৱঞ্চকৰ দল- আক্ৰাছু লোক সভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ লোকক বিবেক তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান




বিজেপি এটা মহা প্ৰৱঞ্চকৰ দল- আক্ৰাছু 


লোক সভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ লোকক বিবেক তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান




                             বঙাইগাঁওঃ ৯ এপ্ৰিলঃ
বিগত ২০১৪ চনৰ লোক সভা নিৰ্বাচনত বিজেপি দলৰ মূল নিৰ্বাচনী ইচ্ছ্যুটোৱে আছিল ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা ৷ এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে  শাসনত অধীস্থিত হ'লে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়াভাৱে তেওঁলোকে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ বাস্তৱ সন্মত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া বিগত পাঁচ বছৰে গ্ৰহণ নকৰিলে ৷ আনকি এইবাৰ দলটোৱে নিৰ্বাচনী ইস্তাহাৰতো জনজাতিকৰণৰ প্ৰসংগটো সন্নিবিষ্ট নকৰিলে ৷ গতিকে বিজেপি দলটো যে এটা মহা প্ৰৱঞ্চকৰ দল সেয়া প্ৰমাণিত হ'ল ৷ এই মন্তব্য আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ ৷ মঙলবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত শেহতীয়াভাৱে বিজেপি চৰকাৰে লোক সভা আৰু ৰাজ্য সভাত জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰিব বুলি ৰাজহুৱা কৰিছিল ৷ কিন্তু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সেই ৰাজহুৱা বক্তব্য সদনতে সীমিত থাকিল ৷ তেওঁলোকে ৰাজ্য সভাত বিধেয়কখন উত্থাপন নকৰি অসমৰ ছয় জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰিলে ৷ লগতে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মৰ্যদাপূৰ্ণ জনজাতিকৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে ৷ ইয়াৰ বিপৰীতে এখন মন্ত্ৰী গোটৰ সমিতি গঠন কৰি দি জনজাতিকৰণৰ বিষয়টো গাপ দিলে ৷ তাৰোপৰি ১৫ ফেব্ৰুৱাৰীত এই মন্ত্ৰী গোটৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও আজিলৈকে প্ৰতিবেদন দাখিল নকৰাত বিজেপি চৰকাৰৰ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আন্তৰিকতা নাই সেই কথা স্পষ্ট হৈ পৰিছে বুলিও কয় ৷ 
আনহাতে সোমবাৰে বিজেপি দলে ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতো সন্নিবিষ্ট নকৰি বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু দলটোৰ যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ইচ্ছা নাই এই কথাটো এতিয়া স্পষ্ট হৈ পৰিল বুলি কয় ৷ বৰঞ্চ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতো বাদ দি তেওঁলোকে গোৰ্খাসকলক জনজাতিকৰণ কৰাৰ কথাহে ইস্তাহাৰত সন্নিবিষ্ট কৰিলে ৷ ইয়াৰ জৰিয়তে বিজেপি দলে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে আৰু প্ৰকৃতাৰ্থত একমাত্ৰ ট্ৰাইবেল সংঘৰ বিৰোধিতাৰ কাৰণেই যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিষয়টো বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট নকৰিলে এই কথাতোও স্পষ্ট হৈ পৰিছে বুলি আক্ৰাছু নেতাগৰাকীয়ে কয় ৷ লগতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিচতো যদি নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠিৰ জনজাতিকৰণৰ প্ৰসংগটো সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে আক্ৰাছুৱে ভাৱিবলৈ বাধ্য হ'ব যে পৰৱৰ্তী পৰ্যায়তো বিজেপি দলে ছয় জনগোষ্ঠীক জনজাকিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে ৷ ইপিনে কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতো সন্নিবিষ্ট কৰিছে যদিও কংগ্ৰেছ দলটোকো মিছলীয়া দল বুলি আখ্যা দিয়ে আক্ৰাছু নেতাগৰাকীয়ে  ৷ সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত দুটাই ৰাষ্ট্ৰীয় দল অসমত আছে ৷ এটা হ'ল কংগ্ৰেছ আৰু আনটো হ'ল বিজেপি ৷ কংগ্ৰেছে দলেও সুদীৰ্ঘদিন শাসনত অধীস্থিত থকাৰ পিচতো জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ইয়াৰ পূৰ্ৱেও দলটোৱে নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টো সন্নিবিষ্ট কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ যাৰ পৰিণতিত ২০১৪ চনৰ লোক সভা নিৰ্বাচনত বিজেপি দলক শাসনত অধীস্থিত কৰা হ'ল  ৷
 কিন্তু তেওঁলোকেও যিহেতুকে ছমাহ ছমাহ কৰি জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰিলে , সেয়ে আগন্তুক দিনত দুয়োটা দলকে আমি কোনো কাৰণতে পূৰ্ণভাৱে সমৰ্থন নকৰো আৰু আমাৰ ফালৰ পৰা স্থিতি স্পষ্ট ৷ আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে সমগ্ৰ অসমৰ ছয় জনগোষ্ঠীৰ ৰাইজক এই লোক সভা নিৰ্বাচনত বিবেক ভোট দিবলৈ তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷ কাৰণ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ৷ গতিকে যিহেতুকে সন্মুখত নিৰ্বাচন আহিছে, সেয়ে প্ৰতিটো দলকে এটা উচিৎ শিক্ষা প্ৰদান কৰাৰ সুযোগ আহিছে ৷ সেই কাৰণে ৰাইজক বিৱেচনা কৰি বিবেক ভোট দিবলৈ তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আক্ৰাছুৰ তৰফৰ পৰা আহ্বান জনায় ৷ লগতে নিৰ্বাচনৰ পিচত কেন্দ্ৰত যি দলেই চৰকাৰ গঠন নকৰক কিয়, যদিহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমাৰ আন্দোলন আৰম্ভ কৰিম ৷ সংবাদ মেলত কোকৰাঝাৰ লোক সভা সমষ্টিত আক্ৰাছুৱে নৱ শৰণীয়াক সমৰ্থন জনাব নেকি বুলি প্ৰশ্ন কৰাত আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এই বিষয়ত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলিও কয় ৷ 

0 Response to "বিজেপি এটা মহা প্ৰৱঞ্চকৰ দল- আক্ৰাছু লোক সভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ লোকক বিবেক তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article