-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত বৰপেটা লোক সভা সমষ্টিৰ এন আৰ চি দলৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মণৰ সংবাদ মেল  ///অগপ - বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দিয়া মানে বাংলাদেশীক ঘৰত সুমুৱাই লোৱা       ///     বিজেপিয়ে দেশৰ স্বকীয়তা- স্বতন্ত্ৰতা আৰু  সভ্যতা- সংস্কৃতি বিনষ্ট কৰিছে

বঙাইগাঁৱত বৰপেটা লোক সভা সমষ্টিৰ এন আৰ চি দলৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মণৰ সংবাদ মেল ///অগপ - বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দিয়া মানে বাংলাদেশীক ঘৰত সুমুৱাই লোৱা /// বিজেপিয়ে দেশৰ স্বকীয়তা- স্বতন্ত্ৰতা আৰু সভ্যতা- সংস্কৃতি বিনষ্ট কৰিছে




বঙাইগাঁৱত বৰপেটা লোক সভা সমষ্টিৰ এন আৰ চি দলৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মণৰ সংবাদ মেল


অগপ - বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দিয়া মানে বাংলাদেশীক ঘৰত সুমুৱাই লোৱা 


বিজেপিয়ে দেশৰ স্বকীয়তা- স্বতন্ত্ৰতা আৰু  সভ্যতা- সংস্কৃতি বিনষ্ট কৰিছে  




                                   বঙাইগাঁওঃ ৮ এপ্ৰিলঃ 


এই নিৰ্বাচন অসমৰ জাতি - মাটি আৰু ভেটি ৰক্ষাৰ লগতে অসমৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন ৷ এই নিৰ্বাচন অসমৰ সাধাৰণ নাগৰিকৰ নাগৰিকত্ব সুনিশ্চিত কৰা নিৰ্বাচন ৷ সেয়ে এই নিৰ্বাচনত যদিহে বৰপেটা লোক সভা সমষ্টিৰ পৰা এজন ভাল মানুহ নিৰ্বাচিত হৈ নাযায় অথবা অসমৰ পৰা যদি এজন ভাল মানুহ নিৰ্বাচিত হৈ নাযায় তেতিয়াহ'লে অনাগত দিনত অসমৰ ভবিষ্যৎ অন্ধকাৰ আছে ৷ এই মন্তব্য ৬ নং বৰপেটা লোক সভা সমষ্টিৰ নেচনেল ৰিপাব্লিকান কংগ্ৰেছ ( এন আৰ চি) ৰ মনোনীত প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মণৰ ৷ সোমবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এন আৰ চি দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিব ৷ গতিকে এই নিৰ্বাচন বহু গুৰুত্বপূৰ্ণ ৷ কিন্তু অসমৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ ৷ তেওঁ কয় যে  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যিমান মানুহে আন্দোলন কৰিছিল সেই মানুহখিনিয়ে আজি কাক ভোট দিব ? আমি বাংলাদেশী আনিব বিচাৰিছো নেকি? যদি আমি বাংলাদেশী আনিব বিচাৰিছো তেতিয়াহ'লে অগপ, বিজেপি আৰু বিপিএফ মিত্ৰ জোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক জনসাধাৰণে ভোট দিব লাগিব ৷ যদিহে অগপ দলৰ প্ৰাৰ্থীক ভোট দিয়ে তেতিয়াহ'লে আমি বাংলাদেশীক ঘৰত সুমাই ল'ব লাগিব ৷ কিন্তু যদি বাংলাদেশী আনিব বিচৰা নাই আৰু গণতন্ত্ৰ ৰক্ষা কৰিব বিচাৰিছে তেনেহ'লে জনসাধাৰণে নেচনেল ৰিপাব্লিকান কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিব লাগিব ৷ আমি ভোট ভিক্ষা কৰিছো গণতন্ত্ৰ ৰক্ষা কৰিবৰ বাবে, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে আৰু স্বাধীনতা ৰক্ষা কৰিবৰ কাৰণে ৷ সেয়ে জনসাধাৰণক দলটোৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত প্ৰাৰ্থীগৰাকীয়ে কয় যে অগপই অসমীয়া জনসাধাৰণক প্ৰৱঞ্চনা কৰিছে ৷ মুছলমান, হিন্দু বাঙালী আৰু ৰাজবংশী মানুহক তেওঁলোকে ৰাজনৈতিকভাৱে হত্যা কৰিছে ৷ অগপই কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব নোৱাৰে ৷ কাৰণ তেওঁলোকে যিহেতু বিধেয়কখন সমৰ্থন কৰা দলৰ লগত একেলগে আছে আৰু এখন কাঁহীতে ভাত খাইছে ৷ এয়া মিছা কথা ৷ ৰাইজক তেওঁলোকে প্ৰৱঞ্চনা কৰিছে ৷ তাৰোপৰি অগপই অসমৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰে ৷ অগপৰ নেতাসকলে দুৰ্নীতি কৰি পাহাৰসম  সম্পত্তি কৰিছে যদিও জনসাধাৰণৰ কাৰণে একো কৰা নাই ৷ ভৱিষ্যতেও একো কৰিব নোৱাৰে আৰু ২০২১ ৰ নিৰ্বাচনত অসম গণ পৰিষদ বুলি যে এটা দল আছিল সেই দলটো  পিঞ্জৰাত আৱদ্ধ হ'ব ৷ জনাধাৰণৰ মাজত নাথাকে ৷ প্ৰাৰ্থীগৰাকীয়ে আৰু কয় যে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে কৈছে যে যদিহে তেওঁলোকৰ চৰকাৰ হয় তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিব ৷ সেই বিধেয়কখন অনা মানে দুই কোটি বাংলাদেশী মানুহ ভাৰতত প্ৰৱেশ কৰিবলৈ সাজু হৈ আছে বুলি বিশ্ব হিন্দু পৰিষদৰ এজন নেতাই কৈছে ৷ গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে বাংলাদেশৰ এই দুই কোটি হিন্দু বাঙালী লোক অসমত বা ভাৰতত প্ৰৱেশ কৰিব ৷ যদি সেই লোকসকল আহে তেতিয়াহ'লে আমাৰ সভ্যতা - সংস্কৃতি ধ্বংস হ'ব ৷ বিশেষকৈ আমাৰ অসমৰহে ক্ষতি হ'ব  ৷ আন ৰাজ্যৰ সৈতে তেওঁলোকৰ ভাষা - সংস্কৃতি নিমিলে কাৰণে বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যলৈ নাযাব ৷ অসম আৰু পশ্চিম বংগতে ইয়াৰ প্ৰভাৱ পৰিব ৷ সেয়ে এই নিৰ্বাচন গণতন্ত্ৰ ৰক্ষাৰ লগতে আমাৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন বুলি কয়  ৷

 ইপিনে সংবাদমেলত এন আৰ চি দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপি দলক সমালোচনা কৰি কয় যে বিজেপি দলে বিগত এই পাঁচ বছৰত দেশৰ স্বকীয়তা, স্বতন্ত্ৰতা, সভ্যতা, সংস্কৃতি বিনষ্ট কৰিছে ৷ মানুহৰ মাজত ঘৃণাৰ ভাৱ আনিছে ৷ উচ্চ- নীচৰ  ভাৱ আনিছে আৰু মেৰু বিভাজন কৰিছে ৷ আজি তেওঁলোকে ভাৰতবৰ্ষত এনে এটা পৰ্যায় আনি দিছে য'ত সকলোৰে মনত আমি হিন্দু, আমি মুছলমান ভাৱনাৰ সৃষ্টি কৰিছে ৷ এন আৰ চি দলৰ কথা হ'ল আমি প্ৰথমে ভাৰতীয় আৰু তাৰ পিচত অসমীয়া ৷ কাৰণ ভাৰতীয় নহ'লে আমি অসমীয়া হ'ব নোৱাৰো ৷ ৰাষ্ট্ৰীয় দল হিচাপে আমি ভাৰতীয় আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল ভাৰতৰ প্ৰতিজন মানুহকে মানুহ হিচাপে গণ্য কৰা ৷ অৰ্থাৎ মানৱতা ৷ আমাৰ মাজত কোনো হিন্দু - মুছলমান, শিখ, জৈন, খৃষ্টান বুলি কোনো কথা নাই ৷ মানৱতাৰ দৃষ্টিত মানুহক সংস্থাপন দিব লাগিব আৰু মানৱতাৰ দৃষ্টিত ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া প্ৰতিজন নাগৰিককে আমি ভাৰতীয় নাগৰিকত্ব দিব লাগিব ৷ সেইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে বিগত পাঁচ বছৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৯২ খন দেশ ভ্ৰমণ কৰি এহেজাৰ চাৰিশ কোটি টকা খৰচ কৰিলে ৷ কিন্তু ইয়াৰ ফলত দেশৰ কি লাভ হৈছে?  বৰং বিদেশ ভ্ৰমণৰ নামত লাহ- বিলাস কৰি ফুৰিছে ৷ তাৰোপৰি পাঁচটা বছৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰিব পৰা নাই  ৷ যি কোনো কাম লাগিলে সেয়া গৃহ মন্ত্ৰণালয়ৰে হওক অথবা বিত্ত মন্ত্ৰণালয়ৰে হওক সকলো কাম প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হয় বুলিও কয় ৷ ইপিনে ডি ভোটাৰ সন্দৰ্ভত কয় যে ১৯ ৮৫ চনত অসম আন্দোলনৰ সময়ত ঐতিহাসিক অসম চুক্তিৰ ফলত ৰাজনৈতিকভাৱে অসমত বিদেশী ন্যায়াধীকৰণ আদালত স্থাপন কৰা হয় ৷ সেই বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে  কংগ্ৰেছ চৰকাৰে হিন্দু বাঙালী, ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ লগতে নামনি অসমৰ কোচ ৰাজবংশীসকলক লক্ষ্য কৰি ল'লে আৰু এই তিনিটা জাতিক ৰাজনৈতিকভাৱে সেই আদালতৰ জৰিয়তে হত্যা কৰিলে ৷ এই আদালতৰ সাংবিধানিক বৈধতা নাই ৷ কাৰণ ভাৰতবৰ্ষৰ কতোয়ে নাই ৷ একমাত্ৰ অসমত তেওঁলোকে ৰাজনৈতিক গাদী সুৰক্ষাৰ কাৰণে এই আদালতসমূহ স্থাপন কৰিছিল ৷ আজি যি পৰিয়ালৰ সদস্যক ডি ভোটাৰ  হিচাপে চিহ্নিত কৰিছে সেই পৰিয়ালটোৱেহে বুজি পায় কি অৱস্থা হয় ৷ এই আদালতসমূহ ৰাজনৈতিকভাৱে বহুৱা হৈছে আৰু যিহেতু ৰাজনৈতিক ইচ্ছ্যু সেয়ে বিষয়টো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব বুলি কয় ৷ নিৰ্বাচনত প্ৰাৰ্থীগৰাকীৰ মূল ইচ্ছ্যু নাগৰিকত্বৰ বিষয়টো হ'ব বুলিও কৈ কয় যে সংবিধানে স্বীকৃতি দিয়া প্ৰতিজন নাগৰিককে নাগৰিকত্ব সুনিশ্চিত কৰা ৷ 

আনহাতে উন্নয়ন সন্দৰ্ভত কয় যে  উন্নয়শীল দেশত চৰকাৰে উন্নয়ন কৰিবই লাগিব ৷ যদি কোনোবাই অমুক কৰিছো, তমুক কৰিছো বুলি কয় তেন্তে সেয়া হাস্যকৰ ৷ কাৰণ উন্নয়শীল দেশ এখনত চৰকাৰে আঁচনি ল'বই আৰু চৰকাৰে উন্নয়ন কৰিবই ৷ সাংসদ - বিধায়কসকলে কেৱল সেইবোৰ চোৱা চিতাহে কৰিব লাগে, কিবা প্ৰয়োজন হৈছে ক'বহে লাগে ৷ কাৰণ উন্নয়নশীল দেশত উন্নয়ন কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য ৷ সংবাদ মেলত এন আৰ চি সন্দৰ্ভত কয় যে এন আৰ চি ৰ কাম উচ্চতম ন্যায়ালয়ৰ আওতাত চলি আছে আৰু এন আৰ চি আমাক লাগে ৷ কিন্তু এন আৰ চিৰ ভাৰতবৰ্ষত কোনো ভিত্তি বৰ্ষ নাই ৷ নাগৰিকত্ব আইনত কোনো ভিত্তি বৰ্ষ নাই ৷ সেইদৰে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছ হ'ল প্ৰৱঞ্চকৰ দল ৷ কংগ্ৰেছে প্ৰতাৰণা, প্ৰৱঞ্চনা আৰু দুৰ্নীতি তথা পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বাহিৰে একো কৰা নাই ৷ কংগ্ৰেছ দলটোত আজি গণতন্ত্ৰ নাই ৷ দলটোৱে ৭০ বছৰে ভাৰতৰ জনসাধাৰণক ধ্বংস কৰি দিলে ৷  কংগ্ৰেছেই বিদেশী ন্যায়াধীকৰণ বহুৱাই মুছলমান লোকক ৰাজনৈতিকভাৱে হত্যা কৰিলে ৷ ইউ ডি এফে 'ডি ' ভোটাৰ উঠাই লোৱাৰ কাৰণে গোচৰ তৰিলে যদিও ৰহস্যজনকভাৱে তেওঁলোকেও পিচত গোচৰটো উচ্চ ন্যায়ালয়ৰ পৰা উঠাই ল'লে ৷ অৰ্থাৎ প্ৰতিটো ৰাজনৈতিক দলে জনসাধাৰণক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি আছে আৰু ৰাজনৈতিকভাৱে হত্যা কৰি আছে ৷ সংবাদ মেলত নেচনেল ৰিপাব্লিকান কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মণে সমষ্টিবাসী ৰাইজক তেৱঁক ভোট দিবলৈকো আহ্বান জনায় ৷

0 Response to "বঙাইগাঁৱত বৰপেটা লোক সভা সমষ্টিৰ এন আৰ চি দলৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মণৰ সংবাদ মেল ///অগপ - বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দিয়া মানে বাংলাদেশীক ঘৰত সুমুৱাই লোৱা /// বিজেপিয়ে দেশৰ স্বকীয়তা- স্বতন্ত্ৰতা আৰু সভ্যতা- সংস্কৃতি বিনষ্ট কৰিছে "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article