বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত সূত্ৰধৰ সন্মিলনীৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
Thursday, April 11, 2019
Comment
বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত সূত্ৰধৰ সন্মিলনীৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
বঙাইগাঁওঃ ৯ এপ্ৰিলঃ
সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাঁও সূত্ৰধৰপাৰা সমূহীয়া উন্নয়ন কেন্দ্ৰ প্ৰাংগনত ১১ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। তাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে উদ্যোক্তাই। কাৰ্যসূচী অনুসৰি ১১ এপ্ৰিলৰ পুৱা ৯ বজাত সন্মিলনীৰ পতাকা উত্তোলন কৰিব বঙাইগাঁও জিলা সমিতিৰ সভাপতি দিনোৰাম সূত্ৰধৰে আৰু মহিলা সূত্ৰধৰ সন্মিলনীৰ পতাকা উত্তোলন কৰিব মহিলা সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী গীতাঞ্জলি সূত্ৰধৰে। তাৰ পিছতে বন্তি প্ৰজ্বলন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি সাবেন্দ্ৰ সূত্ৰধৰে। স্মৃতি তৰ্পণ কৰিব বঙাইগাঁও জিলা সমিতিৰ সম্পাদক উমেশ সূত্ৰধৰে । আনহাতে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰতিযোগিতামূলক খেল-ধেমালি ৷ দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব প্ৰতিনিধি আৰু বিষয় বাছনি সভা।
সেইদৰে বিয়লি ১ বজাত অনুষ্ঠিত হ'ব মুকলি সভা। সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি দিনোৰাম সূত্ৰধৰে সভাপতিত্ব কৰিবলগা সভাত সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰে মুখ্য অতিথি, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° চুমী কলিতা , সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক বিৰাজমোহন সূত্ৰধৰ, কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মনোমতী সূত্ৰধৰ আৰু সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি টুপেন সূত্ৰধৰে বিশিষ্ট অতিথি, কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক নৃপেন সূত্ৰধৰে নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৷ লগতে সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক মনেন মেধি, সদৌ বিটিচি সূত্ৰধৰ সন্মিলনীৰ সভাপতি অমূল্য সূত্ৰধৰ , বিশিষ্ট সমাজসেৱক প্ৰভাত বৈষ্ণৱ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সম্পাদক নন্দন দেৱ নাথ, নৰ্থ বইটামাৰীৰ যুৱ সমাজকৰ্মী ধনঞ্জয় গোস্বামী ,নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমানী নাথ,ডাংতল আঞ্চলিক পঞ্চায়তৰ সদস্য বংকিম বৰ্মন আদিও উপস্থিত থাকিব। সভাত গ্ৰন্থ উন্মোচন কৰিব বঙাইগাঁও জিলা সমিতিৰ উপদেষ্টা কোহিনী সূত্ৰধৰে। আনহাতে সন্ধিয়া সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক নৃপেন সূত্ৰধৰে। মঞ্চ উদ্বোধনৰ পিছতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব । তাৰ পিছত আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰিব। সাংস্কৃতিক সন্ধিয়াৰে এদিনীয়া অধিৱেশনৰ সামৰণি পৰিব। ইফালে সোমবাৰে অধিৱেশনস্থলীত লাঁইখুটা স্থাপন কৰা হয়।


0 Response to "বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত সূত্ৰধৰ সন্মিলনীৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি"
Post a Comment