-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত সংবিধান প্ৰণেতা ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰৰ ১২৮ সংখ্যক জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি

বঙাইগাঁৱত সংবিধান প্ৰণেতা ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰৰ ১২৮ সংখ্যক জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি




বঙাইগাঁৱত সংবিধান প্ৰণেতা ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰৰ ১২৮ সংখ্যক জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি 


          
                          বঙাইগাঁওঃ ১২ এপ্ৰিলঃ 
ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰৰ ১২৮ সংখ্যক জন্মজয়ন্তী অহা ১৩ আৰু ১৪ এপ্রিলত দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁওস্থিত ড৹ অম্বেদকাৰ হল প্ৰাংগণত উদযাপন কৰা হ'ব । বঙাইগাঁৱৰ ড৹ অম্বেদকাৰ হল কমিটিৰ উদ্যোগত উদযাপন কৰিবলগীয়া এই জন্মজয়ন্তী অনুষ্ঠানৰ  লগত সংগতি ৰাখি দুখীয়া লোকৰ মাজত আঠুৱা বিতৰণ, দুগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি ১৩ এপ্ৰিলৰ পুৱাৰ ভাগত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়াৰ ভাগত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ আনহাতে ১৪ এপ্ৰিলৰ পুৱা ড৹ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যদান কৰাৰ পিছত আম্বেদকাৰ হলৰ সভাপতি লালমোহন দাসৰ সভাপতিত্বত সাধাৰণ সভা অনুষ্ঠিত হ'ব ৷ সভাত বঙাইগাঁও কলেজৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্র দাস, ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ মুখ্য প্ৰৱন্ধক জি পি হালদাৰ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সঞ্চালক( চি ইউ ডি চি) দীননাথ বসুমতাৰী আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। একেখন সভাতে অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজ সেৱক নগেন্দ্ৰ নাথ চৌধুৰী আৰু বঙাইগাঁৱৰ বিশিষ্ট সংগীতজ্ঞ নন্দ কিশোৰ চৌধুৰীক সম্বৰ্ধনা জনোৱা হ'ব ৷ সভাত বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব ৷ লগতে সভাৰ পিছত দুখীয়া লোকৰ মাজত আঠুৱা বিতৰণ কৰা হ'ব ৷ উল্লেখ্য যে উদ্যোক্তাসকলে জানিব দিয়া মতে  ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ৷

0 Response to "বঙাইগাঁৱত সংবিধান প্ৰণেতা ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰৰ ১২৮ সংখ্যক জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article