বঙাইগাৱঁত হেঁপাহৰ ৰঙালীক লৈ ব্যাপক উছাহ বিহু কৰ্মশালাত কঁকাল ভাঙি নাচিলে জাৰ্মানীৰ পৰ্যটকে
Friday, April 12, 2019
Comment
বঙাইগাৱঁত হেঁপাহৰ ৰঙালীক লৈ ব্যাপক উছাহ
বিহু কৰ্মশালাত কঁকাল ভাঙি নাচিলে জাৰ্মানীৰ পৰ্যটকে
বঙাইগাঁওঃ ১১ এপ্ৰিলঃ
ৰাজ্যত লোকসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতে অসম আৰু অসমীয়াৰ বাপোতি সাহন ৰঙালী বিহুক আদৰাৰ বাবেও চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি ৷ চেনেহৰ বিহুটি আহি পদুলি মুখ পোৱাত এতিয়া ৰাজ্যত উখল - মাখল পৰিৱেশ ৷ ঠায়ে ঠায়ে চলিছে বিহুনৃত্যৰ কৰ্মশালা ৷ বিহুৰ এই প্ৰস্তুতিৰ মাজতে বঙাইগাঁৱৰ এক বিহু কৰ্মশালাত ঢোলত চাপৰ দিয়াৰ লগতে কঁকাল ঘুৰাই নাচিলে সুদুৰ জাৰ্মানীৰ দুই পৰ্যটকেও ৷
উল্লেখ্য যে বেংককৰ পৰা চাইকেলেৰে যাত্ৰা কৰি বৃহস্পতিবাৰে বঙাইগাঁৱত উপস্থিত হোৱা মেলক' হেলম'ৰিচ আৰু এলিনা ৰ'য়লজ নামৰ জাৰ্মানৰ পৰ্যটক দুগৰকীয়ে বিহু কৰ্মশালাত অংশ লোৱা জাক জাক বিহুৱতীৰ বিহু নৃত্য উপভোগ কৰি আনন্দিত হৈ পৰাৰ লগতে বিহুৰ প্ৰস্তুতি দেখি অভিভূত হোৱা বুলি প্ৰকাশ কৰে ৷ লগতে সুন্দৰ অভিজ্ঞতা লাভ কৰা বুলিও জানিবলৈ দিয়ে ৷ ইপিনে কেৱল বিহু নৃত্য উপভোগ কৰিয়ে ক্ষান্ত নাথাকি পেছাত শিক্ষক মেলক'ৱে বিহু কৰ্মশালত কান্ধত ঢোললৈ ঢোলত চাপৰ মৰাৰ লগতে আৰ্কিটেক এলিনাইও বিহুৱতীৰ স'তে বিহু নাচে ৷ এলিনাই বিহু গীতৰ তালে তালে কঁকাল ভাঙি নাচি মনৰ হেঁপাহ পলুৱায় ৷
উল্লেখ্য যে বঙাইগাৱঁৰ বৰ্ষণগাঁও ব'হাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু অৰিয়ন একাডেমীৰ সহযোগত যোৱা আঠ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কৈ আয়োজন কৰা বিহু কৰ্মশালাত বৃহস্পতিবাৰে হঠাতে জাৰ্মানীৰ দুই পৰ্যটক উপস্থিত হোৱাত আয়োজক সমিতিয়ে দুয়োকে ফুলাম গামোচাৰে সম্বৰ্ধনাও জনায় ৷ লগতে পৰ্যটক দুগৰাকীয়ে বিহু নাচত অংশ লোৱাত সকলোৱে উৎফুল্লিত হৈ পৰে ৷ বৰ্ষণগাঁও হৰি মন্দিৰৰ পথাৰত আয়োজিত এই কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ৷



0 Response to "বঙাইগাৱঁত হেঁপাহৰ ৰঙালীক লৈ ব্যাপক উছাহ বিহু কৰ্মশালাত কঁকাল ভাঙি নাচিলে জাৰ্মানীৰ পৰ্যটকে "
Post a Comment