বঙাইগাঁও জিলা সূত্ৰধৰ সন্মিলনীৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন নতুন জিলা সমিতি গঠন
Thursday, April 11, 2019
Comment
বঙাইগাঁও জিলা সূত্ৰধৰ সন্মিলনীৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন
নতুন জিলা সমিতি গঠন
বঙাইগাঁওঃ ১১ এপ্ৰিলঃ
সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনখন আজি জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাঁও সূত্ৰধৰপাৰা সমূহীয়া উন্নয়ন কেন্দ্ৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা জিলা সমিতিৰ সভাপতি দিনোৰাম সূত্ৰধৰে সন্মিলনীৰ পতাকা উত্তোলন কৰে আৰু মহিলা সূত্ৰধৰ সন্মিলনীৰ পতাকা উত্তোলন কৰে মহিলা সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী গীতাঞ্জলি সূত্ৰধৰে। তাৰ পিছতে বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি সাবেন্দ্ৰ সূত্ৰধৰে। স্মৃতি তৰ্পণ কৰে বঙাইগাঁও জিলা সমিতিৰ সম্পাদক উমেশ সূত্ৰধৰে ৷
ইয়াৰ পিচতে প্ৰতিযোগিতামূলক খেল-ধেমালি আৰু প্ৰতিনিধি তথা বিষয় বাছনি সভা অনুষ্ঠিত হয় । বিষয় বাছনি সভাত নৃপেন সূত্ৰধৰক সভাপতি, নয়ালু সূত্ৰধৰক উপ সভাপতি আৰু উমেশ সূত্ৰধৰক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া বঙাইগাঁও জিলা সমিতিখন গঠন কৰা হয় ৷ ইপিনে বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা ৷ সূত্ৰধৰ সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি দিনোৰাম সূত্ৰধৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক উমেশ সূত্ৰধৰে ৷ সভাত সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম তথা উত্তৰ- পূবৰ ৰাজ্যৰ লগতে ভাৰতবৰ্ষ আৰু আন ৰাষ্ট্ৰত বহু সূত্ৰধৰ লোক বসবাস কৰি থকাৰ কথা উল্লেখ কৰি কয় যে অসমত প্ৰায় ৩.৫ লাখ সূত্ৰধৰ লোক আছে যদিও চৰকাৰী হিচাপত মাত্ৰ ৯৫ হাজাৰ বুলি উল্লেখ আছে ৷ চৰকাৰে সূত্ৰধৰ লোকৰ বুৰঞ্জী বিকৃত কৰি বিভিন্ন পাঠ্য পুথি আদিত ছপা কৰা বুলিও অভিযোগ কৰে ৷
আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° চুমী কলিতাই সূত্ৰধৰ লোকসকলে কেনেদৰে নিজৰ উত্তৰণ কৰিব লাগিব তথা কেনেদৰে আত্মপ্ৰতিষ্ঠাৰে আগুৱাই যাব লাগিব, সেই বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷ সভাত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি টুপেন সূত্ৰধৰ, সূত্ৰধৰ সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক বিৰাজ মোহন সূত্ৰধৰ আদিয়ে সূত্ৰধৰ জাতিৰ লোকসকলক চৰকাৰ তথা বিভিন্ন পক্ষই কৰি অহা শোষণ- বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবক্তব্য ৰাখে ৷ সভাত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথ ,যুৱ সমাজকৰ্মী ধনঞ্জয় গোস্বামীকে ধৰি কেবাগৰাকী ব্যক্তিয়েও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সাংস্কৃতিক সন্ধিয়া মুকলি কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক নৃপেন সূত্ৰধৰে।



0 Response to "বঙাইগাঁও জিলা সূত্ৰধৰ সন্মিলনীৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন নতুন জিলা সমিতি গঠন "
Post a Comment