বঙাইগাঁৱৰ বইটামাৰীত পথ দুৰ্ঘটনাঃ এজন নিহত , দুজন আহত
Thursday, April 11, 2019
Comment
বঙাইগাঁওঃ ৯ এপ্ৰিলঃ
বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অৰ্ন্তগত মলিগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া হোৱা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন আহত হয় । জানিব পৰা মতে , আজি সন্ধিয়া ৭-৩০ মান বজাত বিজনীৰ পৰা চাপৰৰ ধীৰঘাটলৈ গৈ থকা এ এছ ১৯ চি ৮১২৫ নম্বৰৰ এখন বলেৰ' পিক আপ গাড়ী আৰু বিপৰীত দিশৰ পৰা অহা ডব্লিউ বি ২৯- ৮৬০৬ নম্বৰ ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষ ৰ ফলত বলেৰ পিক আপ ত থকা তিনিজন ব্যক্তি গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাৰ খবৰ পাই বইটামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যক্তিকেইগৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । অৱশ্যে গুৰুতৰভাৱে আহত হোৱা ছালাম আলী ( ১৮, ধীৰঘাট ) ৰ ১০৮ এম্বুলেন্স যোগে বঙাইগাঁৱলৈ নি থকা অৱস্থাত মৃত্যু হয় । গুৰুতৰভাৱে আহত জাবেদ আলী (২০) আৰু সাহেদ আলী ( ২১) সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে । আহত সকলৰ ঘৰ চাপৰৰ ধীৰঘাটত বুলি জানিব পৰা গৈছে ।

0 Response to "বঙাইগাঁৱৰ বইটামাৰীত পথ দুৰ্ঘটনাঃ এজন নিহত , দুজন আহত"
Post a Comment