-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ বইটামাৰীত শোৱা পাটীতে উদ্ধাৰ যুৱকৰ মৃতদেহ   তিনি বহাগত আছিল বিবাহৰ দিন

বঙাইগাঁৱৰ বইটামাৰীত শোৱা পাটীতে উদ্ধাৰ যুৱকৰ মৃতদেহ তিনি বহাগত আছিল বিবাহৰ দিন




বঙাইগাঁৱৰ বইটামাৰীত শোৱা পাটীতে উদ্ধাৰ যুৱকৰ মৃতদেহ 

                 তিনি বহাগত আছিল বিবাহৰ দিন
বঙাইগাঁওঃ ৯ এপ্ৰিলঃ 


বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰী গাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ গাঁঁওখনৰ মনোজ পাটগিৰি ( ২৮) নামৰ যুৱক এজনৰ বিবাহৰ দিন -বাৰ ঠিক হোৱাৰ পিচত হঠাতে ৰহস্যজনকভাৱে মঙলবাৰে পুৱা শোৱা পাটীত যুুুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে মনোজ পাটগিৰি নামৰ যুৱকজনে সোমবাৰে নিশাৰ আহাৰ গ্ৰহণ কৰি নিজৰ শোৱনী কোঠাত শুই পৰাৰ পিছত আজি পুৱা বহু দেৰিলৈকে কোঠাৰ পৰা ওলাই নহাত পৰিয়ালৰ লোকে মাতিবলৈ ধৰে ৷ কিন্তু ভিতৰৰ পৰা কোনো সহাৰি নোপোৱাত পিছত কোঠাৰ খিড়ীকি ভাঙি ভিতৰত সোমোৱাত শোৱা পাটীত  মনোজৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে ৷ ঘটনা সন্দৰ্ভত লগে লগে বইটামাৰী আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে অহা  তিনি বহাগত যুৱকজনৰ বিবাহৰ দিন আছিল আৰু ইতিমধ্যে চিঠি ছপা কৰি বিতৰণো কৰিছিল ৷ আনকি ঘৰৰ চোতালত বিবাহৰ ৰভাৰ কামো চলি আছিল ৷ ঘৰখনত বিৰাজ কৰিছিল এক আনন্দৰ পৰিৱেশ ৷ কিন্তু তাৰ মাজতে ঘটিল এই শোকাৱহ ঘটনাটো ৷ এই ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালেও ৷ ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে ৷ ইপিনে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি প্ৰকাশ কৰিছে ৷ বিবাহৰ পূৰ্বে এইদৰে যুৱকজনৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে ৷

0 Response to "বঙাইগাঁৱৰ বইটামাৰীত শোৱা পাটীতে উদ্ধাৰ যুৱকৰ মৃতদেহ তিনি বহাগত আছিল বিবাহৰ দিন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article