-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
ভোটদান কৰা নতুন ভোটাৰে লাভ কৰিব প্ৰমাণ পত্ৰ

ভোটদান কৰা নতুন ভোটাৰে লাভ কৰিব প্ৰমাণ পত্ৰ




বঙাইগাঁৱত সমাগত নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্বাৰোপ  

ভোটদান কৰা নতুন ভোটাৰে লাভ কৰিব প্ৰমাণ পত্ৰ 

         

                             বঙাইগাঁওঃ১ এপ্ৰিলঃ


সমাগত লোক সভা নিৰ্বাচনত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত ভোটদানৰ হাৰ বৃৃৃদ্ধি কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰি তথা এশ শতাংশ ভোটদানৰ লক্ষ্যৰে আজি SVEEP কোষৰ আহ্বান মৰ্মে  বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত সভাত সহকাৰী আয়ুক্ত মাচুম আহমেদে সভাৰ উদ্দশ্য ব্যাখ্যা কৰি কয় যে সমষ্টিটোৰ পূৰ্ব্বৰ নিৰ্বাচনত একাংশ ভোট গ্ৰহণ কেন্দ্ৰত ৮৫ শতাংশৰ অধিক ভোটদান হোৱাৰ বিপৰীতে ৭৫ শতাংশৰ কম ভোটদান হোৱা এলেকাসমূহ চিনাক্তকৰণ কৰি তাত ভোটাৰৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে সভাত উপস্থিত থকা বঙাইগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া - কৰ্মচাৰীৰ লগতে কেন্দ্ৰটোৰ অন্তৰ্গত বেচৰকাৰী অনুষ্ঠান, বুথ পৰ্যায়ৰ বিষয়া, বিদ্যালয়ৰ সদস্য আদিকে ধৰি সকলোকে উক্ত এলেকাসমূহত গৈ সজাগতা সভা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় ৷ ইয়াৰোপৰি মহাবিদ্যালয়সমূহত অধ্যয়ণৰত প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীয়ে যাতে নিৰ্বাচনৰ দিনা সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি যায় তাৰ বাবে মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলক ছাত্ৰ- ছাত্ৰীসকলকলৈ এখনকৈ সভা অনুষ্ঠিত কৰিবলৈও অনুৰোধ জনায় ৷
 আনহাতে সভাই আন এক বিষয়ৰ ওপৰত বিশেষ দৃষ্টি ৰাখি জনায় যে যিসকল ভোটাৰৰ বয়স ১৮ বছৰৰ ওপৰত হৈছে বা যিসকল ভোটাৰে এইবাৰ প্ৰথম ভোটদান সাব্যস্ত কৰাৰ বাবে সাজু হৈ আছে, তেওঁলোকে অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্ব্বে নিজৰ ভোটাৰ পৰিচয় পত্ৰত থকা EPIC নম্বৰটো www.bangaigaonsankalp.co.inৱেবচাইটত গৈ 'সংকল্প' নামৰ নতুন মোবাইল এপ' ৰ যোগে বিচাৰিব  লাগিব ৷ তাৰ পিচত তেওঁলোকে নিজৰ নিজৰ ভোট সাব্যস্ত কৰিব পাৰিব ৷ যিসকল নতুন ভোটাৰে এইবাৰ নিজৰ ভোট সাব্যস্ত কৰিব তেওঁলোকক জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা একোখনকৈ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্তৰ স্বাক্ষৰ থকা প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব ৷ সভাত এন আই চি বিজয় মজুমদাৰ উপস্থিত থাকি নতু মোবাইল এপ'ৰ জৰিয়তে কেনেকৈ নতুন ভোটাৰৰ EPIC নম্বৰটো আপলোড কৰিব পাৰি তাৰ বিষয়ে বিতংভাবে বুজাই দিয়ে ৷ সভাত নিৰ্বাচনী বিষয়া বাসবী ঠাকুৰীয়া আদিও উপস্থিত থাকে ৷ 

0 Response to "ভোটদান কৰা নতুন ভোটাৰে লাভ কৰিব প্ৰমাণ পত্ৰ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article