-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ বইটামাৰীত ছাত্ৰীক ধৰ্ষণৰ  অপচেষ্টা- শাৰীৰিক নিৰ্যাতন // পলাতক অপৰাধী

বঙাইগাঁৱৰ বইটামাৰীত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা- শাৰীৰিক নিৰ্যাতন // পলাতক অপৰাধী




বঙাইগাঁৱৰ বইটামাৰীত ছাত্ৰীক ধৰ্ষণৰ  অপচেষ্টা - শাৰীৰিক নিৰ্যাতন

                               পলাতক অপৰাধী 




                          

                            বঙাইগাঁওঃ ৩১ মাৰ্চঃ
বঙাইগাঁও জিলাৰ বইটামাৰীত শনিবাৰে বিয়লি বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱা ছাত্ৰী এগৰাকীক বাটতে যুৱক এজনে আগভেটি ধৰি নিজ ঘৰলৈ নি শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ধৰ্ষণৰ প্ৰচেষ্টা চলোৱা এক জঘন্য ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে বিদ্যালয়ৰ পৰা বিয়লি ঘৰলৈ উভতি যোৱা অষ্টম শ্ৰেণীৰ  ছাত্ৰীগৰাকীক বইটামাৰী কায়েথপাৰাৰ তফিজ্জুল হক নামৰ যুৱক এজনে বাটতে আগভেটি ধৰি ভাবুকি দিয়ে ৷ লগতে ইয়াতে ক্ষান্ত নাথাকি ছাত্ৰীগৰাকীক শাৰীৰিক নিৰ্যাতনো চলায় ৷ তাৰ পিচত তফিজ্জুল হক নামৰ যুৱকজনে ছাত্ৰীগৰাকীক ভয় দেখুৱাই  নিজ ঘৰত নি আৱদ্ধ কৰি ৰাখি শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ধৰ্ষণৰো প্ৰচেষ্টা চলায় ৷ এনে অৱস্থাত ছাত্ৰীগৰাকীয়ে চিঞৰ- বাখৰ কৰাত চুবুৰীয়া লোকে পাষণ্ড যুৱকজনৰ ঘৰৰ দুৱাৰ আৰু  খিৰিকী ভাঙি কথমপি ধৰ্ষণৰ পৰা ৰক্ষা পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ এই  ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অৱশ্যে ঘটনাৰ নায়ক বইটামাৰীৰ কায়েথপাৰা প্ৰথম খণ্ডৰ তফিজ্জুল হক ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘটনা সংক্ৰান্তক অপৰাধী তফিজ্জুলৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে বইটামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি তফিজ্জুল হক পলাতক অৱস্থাত আছে ৷ আনহাতে এই জঘন্য ঘটনাক আমছুৰ বইটামাৰী আ়ঞ্চলিক সমিতিয়ে তীব্ৰ গৰিহনা দিয়াৰ লগতে তফিজ্জুলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি  দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনাইছে ৷ অাৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি বইটামাৰী উপ আৰক্ষী চকীত এক গোছৰ ৰুজু কৰি  যুৱক জনক কৰায়ত্ব কৰাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ৷ 

0 Response to "বঙাইগাঁৱৰ বইটামাৰীত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা- শাৰীৰিক নিৰ্যাতন // পলাতক অপৰাধী "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article