বঙাইগাঁও জিলাৰ মাণিকপুৰ নৱ নিৰ্মাণ কেন্দ্ৰত আলফাৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন //অসমৰ খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে যি দলে নিশ্চয়তা দিব তেওঁলোকক ভোট দিয়ক--অনুপ চেতিয়া
Wednesday, April 10, 2019
Comment
বঙাইগাঁও জিলাৰ মাণিকপুৰ নৱ নিৰ্মাণ কেন্দ্ৰত আলফাৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন
ৰাজনৈতিক বিষয়ত সহমতত উপনীত হ'ব নোৱাৰাৰ বাবেই আলোচনাত বিলম্ব হৈছে - অৰবিন্দ ৰাজখোৱা
অসমৰ খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে যি দলে নিশ্চয়তা দিব তেওঁলোকক ভোট দিয়ক--অনুপ চেতিয়া
সংযুক্ত মুক্তি বাহিনী অসমে (আলফা) অসমৰ জাতীয় স্বাৰ্থতে বহু যত্ন আৰু বহু প্ৰত্যাশাৰে অসম- ভাৰত সংঘাতৰ শান্তিপূৰ্ণ ৰাজনৈতিক সমাধান প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো ৷ যোৱা ৮ টা বছৰে এই আলোচনা চলাই আহিছো ৷ এই মন্তব্য আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ ৷ দেওবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকৱৰ্তী এক নং নোৱাপাৰাস্থিত অসম নৱ নিৰ্মাণ কেন্দ্ৰত পালন কৰা আলফাৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আলফাৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ আলফাৰ সভাপতি ৰাজখোৱাই নিজৰ অভিভাষণত কয় যে বিগত দিন বিলাকত আলোচনাৰ এজেণ্ডাৰ উন্নয়নমূলক বিষয়বোৰত সহমতত উপনীত হ'লেও ৰাজনৈতিক বিষয়ত বিশেষভাৱে অসমীয়া জাতি-জনগোষ্ঠী তথা জনজাতিকে প্ৰমুখ্য কৰি সমূহ খিলঞ্জীয়া জনসমাজৰ সম্পদ আৰু ভূমিৰ অধিকাৰ তথা ৰাজনৈতিক -সংবিধানিক সুৰক্ষাৰ বিষয়ত সহমতত উপনীত হ'ব পৰা নাই ৷ এই কাৰণতে আলোচনা বিলম্ব হৈছে ৷ অৱশ্যে আমি পূৰ্বে ভাৰত যুক্ত ৰাষ্ট্ৰৰ ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বে আলোচনা চূড়ান্ত কৰাৰ দাবী ঘোষণা কৰা হৈছিল ৷ ন'হলে আলোচনা ত্যাগ কৰাৰ সিদ্ধান্তও ব্যক্ত কৰা হৈছিল ৷ কিন্তু আলোচনাৰ ৰেহৰূপ আৰু পৰিস্থিতিলৈ লক্ষ্য ৰাখি শেহতীয়াভাৱে কেন্দ্ৰীয় সমিতিয়ে আলোচনা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় ৷
সভাপতিগৰাকীয়ে লগতে আলোচনাৰ কাংক্ষিত উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ'বলৈ হাজাৰ সমালোচনা আৰু কটাক্ষ নেওচি দৃঢ়তা আৰু ধৈৰ্যৰে আগুৱাই যাবলৈকো প্ৰতিষ্ঠা দিৱসৰ ক্ষণত সংগঠনটোৰ সৰ্বস্তৰৰ সৰ্তীৰ্থ বৃন্দলৈ আহ্বান জনায় ৷ আনহাতে আলফাই ভাৰতীয় লোক সভা নিৰ্বাচন অথবা বিধান সভা নিৰ্বাচনত কিয় অংশ নলয় সেই সন্দৰ্ভত সংগঠনটোৰ স্থিতি স্পষ্ট কৰি সভাপতি ৰাজখোৱাই কয় - আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰাকক্ষণত হোৱা আলফাৰ সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে আলোচনাৰ উদ্দেশ্য আৰু লক্ষ্যত উপনীত নোহোৱালৈকে ভাৰতীয় যুক্ত ৰাষ্ট্ৰৰ নিৰ্বাচনী ৰাজনীতিত অংশ লোৱাৰ পৰা সংগঠনটো বিৰত থাকিব ৷ কিন্তু অসমৰ জনগণক নিৰ্বাচন বৰ্জন কৰাৰ কাৰ্যসুচী সংগঠনটোৱে গ্ৰহণ কৰা নাই ৷ কেন্দ্ৰৰে আলোচনা চূড়ান্ত পৰ্যায়ত উপনীত নোহোৱা পৰ্যন্ত এই সিদ্ধান্তই কাৰ্যকৰীভাৱে বলবৎ থাকিব বুলিও কয় ৷
ইপিনে ভূটানত নিৰুদ্দিষ্ট আলফা সদস্যসকলৰ সন্দৰ্ভত সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে আলোচনাৰ সমগ্ৰ আঠ বছৰীয়া কালত সংগঠনটোৱে এই বিষয়ে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে ৷ কিন্তু ভাৰত চৰকাৰৰ আন্তৰ্জাতিক কূটনৈতিক ৰাজনীতিৰ বাবে তেওঁলোকৰ পৰা পাব লগা আৱশ্যকীয় সহযোগিতাৰ অভাৱত নিৰুদ্দিষ্টসকলৰ সন্ধানৰ বিষয়টো চূড়ান্ত হ'ব পৰা নাই ৷ এই জলন্ত সমস্যাটো এক সিদ্ধান্ত গ্ৰহণেৰে পৰিয়াল কেইটিক সমাধান দিয়াত সংগঠনটো দায়বদ্ধ হৈ কাম কৰি আছে আৰু কৰি যাব বুলি কয় ৷ সেইদৰে জাতীয় ছহিদক পৰিয়ালসকলৰ বিষয়ে উল্লেখ কৰি নিজৰ অভিভাষণত তেওঁ কয় যে জাতীয় ছহিদ পৰিয়ালক নুন্যতম সহযোগিতাৰ বাদে সময় আৰু আৱশ্যক অনুসৰি কেতিয়াবা সহযোগিতা দিব পৰা নাই ৷ এই ক্ষেত্ৰত ২০১৬ চনৰ পৰা আলফাই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ ফলত ৪২ জন ছহিদৰ সন্তান শিক্ষাৰ্থীক সদ্য গঠিত ' জাতীয় ছহিদ ন্যাস'ৰ উদ্যোগত ২০১৬ - ১৭ বৰ্ষৰ বাবে এককালীন পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ৷ ঠিক একেদৰে ২০১৭ - ১৮ বৰ্ষত অসম গেছ কোম্পানীৰ দ্বাৰা শিক্ষাৰত ২১ জনছহিদ সন্তানক দহ হাজাৰ টকাকৈ এককালীন সাহাৰ্য আগবঢ়োৱা হয় ৷ সেইদৰে ২০১৮ - ১৯ বৰ্ষৰ বাবেও চেষ্টা অব্যাহত ৰখা হৈছে বুলি কয় ৷ আলফাৰ সভাপতিগৰাকীয়ে বিগত আঠ বছৰীয়া আলোচনা কালত সতীৰ্থ বৃন্দৰ সংস্থাপনৰ বিষয়টোও গুৰুত্বসহকাৰে লোৱা হৈছে বুলি উল্লেখ কৰি আলোচনাই চুক্তিত উপনীত নোহোৱালৈকে সংগঠনৰ সদস্যসকলৰ আদালততচলি থকা গোচৰ আৰু সংস্থাপনৰদিশটো অপেক্ষা কৰিব লাগিব কয় ৷
অৱশ্যে তথাপি চুক্তিৰ পৰ্যায়লৈকে অপেক্ষা নকৰি চৰকাৰী সহযোগিতা আৰু চৰকাৰী বিভিন্ন আঁচনিৰ অধীনত সা- সুবিধা আদায় কৰি সংস্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ অসমৰ গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, দৰং, নগাওঁ, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত মুঠ ন টা নৱ নিৰ্মাণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি সহযোদ্ধাসকলক সংস্থাপনৰ কৰা হৈছে ৷ সভাপতিগৰাকীয়ে নিজৰ অভিভাষণৰ আৰম্ভনীতে সংগঠনটোৰ সৰ্বস্তৰৰ সহযোদ্ধা আৰু জাতীয় ছহিদসকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ লগতে অসমৰ সমূহ খিলঞ্জীয়া অসমীয়া জনগণক বিপ্লৱী অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰে ৷ আনহাতে সতীৰ্থবৃন্দলৈ জ্ঞাপন কৰে প্ৰতিষ্ঠা দিৱসৰ বিপ্লৱী শুভেচ্ছা ৷ অনুষ্ঠানত জাতীয় ছহিদৰ পৰিয়ালক সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আলফাৰ উপ সভাপতি প্ৰদীপ গগৈ, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশ চৌধুৰীকে ধৰি ৰাজু বৰুৱা, অমৰজিৎ গগৈ, মৃণাল হাজৰিকা, প্ৰাণজিৎ শইকীয়া, কাবেৰী কছাৰী ৰাজখোৱাসহ আলফাৰ নেতা - নেত্ৰী তথা বিভিন্ন প্ৰান্তৰ পৰা অহা সদস্যসকল উপস্থিত থাকে ৷ উল্লেখ্য যে প্ৰতিষ্ঠা দিৱস উপলক্ষে আলফাৰ পতাকা উত্তোলন কৰে সভাপতি অৰবিন্দ ৰাজখোৱাই আৰু ছহিদ তৰ্পণ কৰে উপ সভাপতি প্ৰদীপ গগৈয়ে ৷
ইপিনে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত চৰকাৰৰ লগত আমাৰ আলোচনা প্ৰক্ৰিয়া চলি আছে যদিও আমাৰ কিন্তু সংগ্ৰামখন শেষ হৈ যোৱা নাই ৷ আমাৰ সংগ্ৰামখন গণতান্ত্ৰিকভাৱে আৰু নিৰস্ত্ৰভাৱে অব্যাহত আছে আৰু অব্যাহত থাকিব ৷ যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ সাংবিধানিক সুৰক্ষা, ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰ প্ৰাপ্তি নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও কয় ৷ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে প্ৰতিষ্ঠা দিৱসৰ দিনটোত আলফাৰ সমস্যাক অকল এটা হিংসাত্মক সমস্যা বা সশস্ত্ৰ সংগঠনৰ সমস্যা বুলি নধৰি তাক সামৰিকভাৱে সমাধানৰ চেষ্টা নকৰি এইটো যিহেতু এটা ৰাজনৈতিক সমস্যা, সেয়ে ইয়াক ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ নতুনকৈ গঠন হ'বলগীয়া ভাৰত চৰকাৰক আহ্বান জনায় ৷ আমি দেখিবলৈ পাইছো যে ৰাজনৈতিক নেতাসকলে যিসমূহ নিৰ্বাচনী বক্তব্য ৰাখিছে সেই বক্তব্যত কোনো নেতাই আলফাৰ সৈতে আলোচনা সংক্ৰান্তত কোনো বক্তব্য ৰখা নাই ৷ তেওঁলোকে কি কৰিব বিচাৰিছে সেই সম্পৰ্কত কোনো বক্তব্য নৰখাত আমাক যথেষ্ট নিৰাশ কৰিছে আৰু লগতে অসমৰ ৰাইজো নিৰাশ হৈছে ৷ লগতে ৰাইজৰ মাজতো প্ৰশ্ন উত্থাপিত হৈছে যে তেওঁলোকে প্ৰকৃততে আলফাৰ লগত কি আলোচনা হৈছে, কি কৰিব বিচাৰিছে বুলি ৷
গতিকে আমি সমূহ ৰাজনৈতিক দলসমূহৰ প্ৰতি বিশেষকৈ কংগ্ৰেছেই হওক বিজেপিয়েই হওক তেওঁলোকৰ চৰকাৰ প্ৰতিষ্ঠা হ'লে সংযুক্ত মুক্তি বাহিনীৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰিব তাক ঘোষণা কৰিবলৈকো আহ্বান জনাইছো ৷ আনহাতে আলফা কোনো দলৰ পক্ষত নহয় বুলি মন্তব্য কৰি কয় যে যিহেতু আমি ব্যক্তিগতভাৱে ভোটদানৰ পৰা বিৰত থাকিম, সেয়ে আমি কোনো ৰাইজকে তেওঁলোকে কোনো এটা পক্ষক ভোট দিয়ক বুলি আহ্বান নজনাও ৷ কিন্তু আমি জনগণৰ প্ৰতি এটা কথাই আহ্বান জনাও যে অসমৰ খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে যি দলে নিশ্চয়তা দিব আৰু যি দলৰ ওচৰত আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন নহৈ সুৰক্ষিত হ'ব বুলি নিশ্চিত হ'ব তেওঁলোককে ভোট দিবলৈ জনগণৰ প্ৰতি আহ্বান জনায় ৷






0 Response to " বঙাইগাঁও জিলাৰ মাণিকপুৰ নৱ নিৰ্মাণ কেন্দ্ৰত আলফাৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন //অসমৰ খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে যি দলে নিশ্চয়তা দিব তেওঁলোকক ভোট দিয়ক--অনুপ চেতিয়া"
Post a Comment