বঙাইগাঁৱত নতুন ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জিলা প্ৰশাসনৰ 'সংকল্প' এপ' মুকলি
Thursday, April 11, 2019
Comment
বঙাইগাঁৱত নতুন ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জিলা প্ৰশাসনৰ 'সংকল্প' এপ' মুকলি
সমাগত সপ্তদশ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সোমবাৰে বঙাইগাঁও জিলা নিৰ্বাচনী বিভাগৰ আহ্বান মৰ্মে জিলা উপাযুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন সংবাদ মেল অনুষ্ঠিত হয় ৷ সংবাদ মেলত প জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে যুৱ প্ৰজন্মৰ ভোটাৰ সকলক আকৰ্ষণ আৰু উৎসাহিত কৰিবৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে পোন প্ৰথম বাৰৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ সাজু হোৱা নতুন ভোটাৰৰ কাৰণে এটা 'সংকল্প' নামৰ নতুন মোবাইল এপ (New Mobile App) মুকলি কৰে ৷ ৩২ নম্বৰ বঙাইগাঁও বিধান সভা সমষ্টিত ভোটদান এশ শতাংশ কৰাৰ লক্ষ্যৰে যুৱ প্ৰজন্মক নিজৰ ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে নতুন ভোটাৰসকলে ব্যৱহাৰ কৰিব লগা এপটোত নতুন ভোটাৰসকলে নিজে ২৩ এপ্ৰিলত ভোটদান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ফটো আপলোড কৰিব পাৰিব ৷ সমষ্টিটোৰ যিসকল যুৱ ভোটাৰৰ সবয়স ১৮ বছৰৰ ওপৰত হৈছে বা যি সকলে প্ৰথম ভোটদান কৰিব তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে www.bongaigaon.gov.in ৱেবছাইটলৈ গৈ 'সংকল্প' নামৰ নতুন মোবাইল এপ ডাউনলোড কৰি নিজৰ Voter-Id Card ত থকা EPIC নম্বৰটো Search কৰিলে নতুন ভোটাৰৰ নাম, ক্ৰমিক নম্বৰ, কেন্দ্ৰ নম্বৰ, ঠিকনা প্ৰত্যক্ষ কৰিব পাৰিব ৷ এই কাৰ্য কৰাৰ পাছত তেওঁ তেৱঁৰ নিজৰ মোবাইলেৰে ছেল্ফি ফটো উঠি 'মই প্ৰথমবাৰৰ বাবে ভোট দিম' বুলি সংকল্প ল'ব লাগিব ৷
ইয়াৰ পিছত নতুন ভোটাৰ সকলক জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা একোখনকৈ জিলা নিৰ্বাচনী বিষয়াৰ স্বাক্ষৰ থকা প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব ৷ ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধি কৰিবলৈ আৰু সংকল্প এপটো প্ৰচাৰ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনে কিছু স্বেচ্ছাসেৱক নিয়োগ কৰিছে ৷ এই সকলক ভোটদান প্ৰেৰক বুলি পৰিচিত কৰিছে ৷ এই ভোটদান প্ৰেৰকসকলে ঘৰে ঘৰে গৈ ৰাইজক ভোটদানৰ কৰাৰ বাবে আহ্বান জনাই আছে ৷ উল্লেখ্য যে ভোটদান কৰাৰ পিচত ভোটাৰসকলে ইয়াত নিজক চেল্ফিও দিব পাৰিব ৷ সংবাদ মেল আৰু 'সংকল্প' এপ মুকলি অনুষ্ঠানত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, জিলা নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়া, জিলা তথ্য বিষয়া বিজয় মজুমদাৰ, ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া তথা সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম খনিকৰ, সহকাৰী আয়ুক্ত মাচুম আহমেদ সহ অন্যান্য বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে ৷


0 Response to "বঙাইগাঁৱত নতুন ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জিলা প্ৰশাসনৰ 'সংকল্প' এপ' মুকলি"
Post a Comment